ETV Bharat / state

পঞ্চম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীকো প্ৰদান কৰা হ'ব আনন্দৰাম বৰুৱা বঁটা: ডাঃ ৰণোজ পেগু - Anandaram Baruah award

Shiksha setu App : শিক্ষা সেতু এপ সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নতুন ঘোষণা । শিক্ষা সেতু এপকলৈ দেখা দিয়া অভাৱ-অভিযোগৰ লগতে সকলো দিশ নিৰীক্ষণ কৰাৰ বাবে তিনিজনীয়া সমিতি গঠন । ইয়াৰ লগতে আনন্দৰাম বৰুৱা বঁটা কেৱল দশম শ্ৰেণী উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবেই নহয়, এতিয়াৰে পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীৰ কৰ্তী শিক্ষাৰ্থীকো প্ৰদান কৰা হ'ব বুলি ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ।

author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 8:17 AM IST

Shiksha setu App
শিক্ষা সেতু এপ সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নতুন ঘোষণা (Ranoj Pegu's Twitter)

গুৱাহাটী, ২২ জুলাই : ৰাজ্যৰ শিক্ষা বিভাগে প্ৰবৰ্তন কৰা শিক্ষা সেতু এপ সন্দৰ্ভত বহু সময়ত বিভিন্নজনে বহু অভাৱ-অভিযোগ কৰা পৰিলক্ষিত হৈ আহিছে ৷ শিক্ষা সেতু এপকলৈ দেখা দিয়া বিভিন্ন অভাৱ-অভিযোগ সন্দৰ্ভত সকলো দিশ নিৰীক্ষণ কৰাৰ বাবে এখন সমিতি গঠন কৰা হৈছে ।

শিক্ষা সেতু এপ সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নতুন ঘোষণা (ETV Bharat Assam)

শিক্ষা সেতু এপৰ ক্ষেত্ৰত শিক্ষক, অভিভাৱক আৰু নাগৰিকসকলে তেওঁলোকৰ সমস্যা, অভিযোগ আৰু পৰামৰ্শ নৱগঠিত এই তিনিজনীয়া সমিতিৰ ওচৰত দাখিল কৰিব পাৰিব । এই সমিতিখনে দেওবাৰে পৰা কাম আৰম্ভ কৰিছে । এই কথা সদৰী কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

গুৱাহাটীৰ এক অনুষ্ঠানত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় যে এই সন্দৰ্ভত পেপাৰত বিজ্ঞাপন দিয়া হৈছে আৰু এটা কিউ আৰ কোড দিয়া হৈছে । ৱেবছাইট নাইবা কিউ আৰ কোড স্কেন কৰি নাইবা ই-মেইলৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব ।

আনহাতে, আনন্দৰাম বৰুৱা বঁটা সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে শীঘ্ৰে সম্প্ৰসাৰিত হ’ব আনন্দৰাম বৰুৱা বঁটা । আনন্দৰাম বৰুৱা বঁটাক লৈ নতুন চিন্তা শিক্ষা বিভাগৰ । আনন্দৰাম বৰুৱা বঁটা কেৱল দশম শ্ৰেণীতে সীমাবদ্ধ নাৰাখি পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাবেও প্ৰদান কৰা হ'ব । ইয়াৰ ৰূপৰেখা প্ৰস্তুত কৰি থকা হৈছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

আনহাতে শিক্ষা সেতু এপত শিক্ষাৰ্থীসকলৰ স্বীকৃতিপ্ৰাপ্ত সফলতা তথা চাৰ্টিফিকেট আদি ডিজিটেলি সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কথাও শিক্ষামন্ত্ৰীগৰাকীয়ে সদৰী কৰে । শিক্ষামন্ত্ৰীয়ে লগতে কয় যে সকলো শিক্ষানুষ্ঠানে ইউ ডাইচ ৰেজিষ্ট্ৰেচন কৰিব লাগিব ।

লগতে পঢ়ক : সময় মানি নচলিলে বিপদ : শিক্ষকৰ উপস্থিতি সন্দৰ্ভত নিৰ্দেশনা জাৰি - Shiksha Setu Axom

সময় মানি নচলিলে বিপদ : দুদিন ১৫ মিনিট পলম হ’লেই ছুটী কৰ্তন হ’ব বিদ্যালয়ৰ শিক্ষকৰ - SHIKSHA SETU AXOM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.