ETV Bharat / state

পুনৰ এবাৰ আইৰ মুখৰ ভাষাক অপমান : অসমীয়াত আবেদন লিখিলে গ্ৰহণ নকৰে অ'এন জি চিৰ বিষয়াই - Allegation against ONGC officials

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 2:26 PM IST

Chalangpathar Oil field: মেৰাপানীত অসমীয়া ভাষাক চৰম অপমান । অসমীয়া ভাষাত লিখা আবেদন প্ৰত্ৰ প্ৰত্যাখ্যান কৰি অ'এন জি চিৰ বিষয়াই ধমক দিলে ভুক্তভোগীক । চলংপথাৰ তৈল খাদৰ সংস্থাপন মেনেজাৰক ক্ষমা খোজাৰ দাবী ।

Chalangpathar Oil field
কেএছএবি ডব্লিউ এইচ আই তৈল‍খাদ (ETV BHARAT ASSAM)

তিতাবৰ/গোলাঘাট, ২৬ জুন : গোলাঘাট জিলাৰ মেৰাপানীৰ চলংপথাৰস্থিত কেএছএবি ডব্লিউ এইচ আই তৈল‍খাদৰ সংস্থাপন মেনেজাৰে অসমীয়া ভাষাক অপমান কৰাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । চলংপথাৰস্থিত উক্ত তৈল‍খাদটো স্থাপন হোৱাৰ পিছত ওচৰৰে কেইবাটাও পৰিয়ালৰ খেতিৰ মাটিৰ পৰা পানী ওলাই যাবলৈ কোনো ব‍্যৱস্থা নকৰাত পৰিয়াল কেইটাই খেতি কৰিব নোৱাৰা হয় ।

উক্ত পৰিয়াল কেইটাই আজি অসমীয়াত আবেদন লিখি তৈল‍খাদৰ দায়িত্বত থকা বিষয়াগৰাকীক উক্ত বিষয়টোৰ স্থায়ী সামাধান কৰিবলৈ আহ্বান জনায় । কিন্তু বিষয়াগৰাকীয়ে অসমীয়াত আবেদন লিখাৰ বাবে লোককেইজনক ধমক দিয়াৰ লগতে "অসমীয়া ভাষা ইয়াত নচলিব" বুলি তৈল‍খাদৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

এই বিষয়াগৰাকীৰ এনে আচৰণ আৰু অসমীয়া ভাষাক অপমান কাৰ্যত এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় দল-সংগঠন সমূহ । বুধবাৰে গোলাঘাট জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি নিকুঞ্জ মেধিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে চলংপথাৰস্থিত তৈল‍খাদৰ বিষয়াগৰাকীয়ে অসমীয়া ভাষাক অপমান কৰা কাৰ্য কোনো কাৰণতে সহ্য় কৰা নহব । তেওঁ কয়," অসমত অসমীয়া ভাষা নচলি ক'ত চলিব?"

অসমীয়া ভাষাক অপমান কৰা বিষয়াৰাকীক ৭২ ঘন্টাৰ ভিতৰত ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী জনাইছে সংগঠনটোৱে । লগতে তৈল‍খাদৰ কাষৰীয়া ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাক উপযুক্ত ক্ষতিপূৰণ দিয়া আৰু বিষয়টোৰ স্থায়ী সামাধান কৰিবলৈ তৈল‍খাদটোৰ উৰ্ধতম কৰ্তৃপক্ষক তেওঁ দাবী জনায় । ইয়াৰ অন‍্যথা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাইজৰ সহযোগত তৈল‍খাদটোৰ বিৰুদ্ধে অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলিও তেওঁ সকীয়াই দিয়ে ।

লগতে পঢ়ক:আমগুৰিত তেল আৰু প্ৰাকৃতিক গেছ নিগম আয়োগৰ বিৰুদ্ধে প্ৰতিবাদ - Protest against ONGC

আনহাতে, অসমীয়া ভাষাক অপমান কৰা চলংপথাৰৰ তৈল‍খাদৰ বিষয়াগৰাকীৰ এনে আচৰণক গৰিহণা দিছে দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাই । দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদকেও অসমীয়া ভাষাক অপমান কৰা কাৰ্য কোনো কাৰণতে সহ্য় কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰি বিষয়াৰাকীক ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ দাবী জনাইছে । ছাত্ৰ সন্থাই লগতে তৈল‍খাদৰ কাষৰীয়া ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাক উপযুক্ত ক্ষতিপূৰণ দিবলৈও দাবী জনাইছে ।

লগতে পঢ়ক :৪৮ ঘন্টাৰ বাবে অ’ এন জি চিৰ উৎপাদন বন্ধৰ আহ্বান 15 টা সংগঠনৰ - Protest Against ONGC

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.