ETV Bharat / state

গুমৰাগৰ সুৰত মুখৰ জোনাই - ali ai ligang in jonai

Ali Ai Ligang in Assam : গুমৰাগ চঃমান, ঐনিতমৰ সুৰত মুখৰ জোনাই । ধেমাজি জিলাৰ জোনাইৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে আলি আয়ে লৃগাং । আলি আয়ে লৃগাং মানে শস্য সিঁচা আৰম্ভণি উৎসৱ ।

Ali Ai Ligang 2024
মিচিঙৰ বীজ সিঁচা পৰ্ব
author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 3:23 PM IST

মিচিঙৰ বীজ সিঁচা পৰ্ব

জোনাই, ১৪ ফেব্ৰুৱাৰী: অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত ধেমাজি জিলাৰ জোনাইৰ প্ৰান্তে প্ৰান্তে গুমৰাগ চঃমান আৰু ঐনিতমৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে । জোনাইৰ বিভিন্ন গাঁৱত বুধবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে পৰম্পৰাগতভাৱে চলি অহা মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক আলি আয়ে লৃগাং । অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং সকলৰ বসন্ত উৎসৱ আলি আয়ে লৃগাং হৈছে শস্য বা কঠিয়া সিঁচাৰ আৰম্ভণি উৎসৱ । মিচিং ভাষাত আলি মানে শস্যৰ বীজ, আয়ে মানে ফল ৰু লৃগাং মানে উৎসৱ । অৰ্থাৎ আলি আয়ে লৃগাং মানে শস্য সিঁচা আৰম্ভণি উৎসৱ ।

আলি আয়ে লৃগাং উপলক্ষে জোনাইৰ বিভিন্ন প্ৰান্তত থকা মিচিং গাঁৱসমূহত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশে । পুৱাৰে পৰা মিচিং ডেকা- গাভৰু, বোৱাৰীৰ লগতে বয়োজোষ্ঠ সকলে একেলগে উদযাপন কৰিছে আলি আয়ে লৃগাং । ফাগুনৰ প্ৰথম বুধবাৰটো মিচিংসকলে শুভ দিন বুলি বিশ্বাস কৰি এই উৎসৱ পালন পালন কৰি আহিছে । মিচিং সকলে আজিৰে পৰা পথাৰত সিঁচা শস্যৰ পোক পৰুৱাই খাই নষ্ট নকৰে তাৰ বাবে দঃঞি পঃল, কাৰ্চিং কাৰ্তাকক পৰম্পৰা ৰীতি-নীতিৰে প্ৰাৰ্থনা জনাই পথাৰত বীজ ৰোপণৰ কাৰ্য আৰম্ভ কৰে ।

মাংগলিক কাৰ্যৰ পিচতে মুৰংঘৰত একেলগে বহি পুৰাং আপিন, পুৰা গাহৰি মাংস, আদা,নহৰু শুকান মাছৰ চাটনিৰ লগত পঃৰ আপঙৰ জুতি লয় সকলোৱে ৷ জোনাইৰ গালী মেছাকী গাঁৱতো আলি আয়ে লৃগাং পালন কৰা হয় । ইফালে, পুৱাৰে পৰা জোনাইৰ লাচিত নগৰ গাঁৱৰ অনামিচিং লোকসকলেও এই পৰ্বত অংশগ্ৰহণ কৰিছে । আজিৰে পৰা গুমৰাগ চঃমান,ঐনিতম, কাবানেৰে মুখৰিত হৈ পৰিছে জোনাই অঞ্চলৰ ঐৰামঘাট, পুৰণা জেলম, চিৰুং, লেকু, তৰাজান, ১নং, ২ নং মূৰ্কংচেলক, মিগম দ:লুং, ৰুৱাদ দ:লুং, আগাম দলুং, ৰতকে, কুলি গাৱ, আৰিমৰা, বাহিৰ জোনাই, বাহিৰ চিলে , ৰিগবি, ৰাজাখানা, বিজয়পুৰ কাৰ্পুনপুলি, জোনকাৰেং, তেলাম, ডেকাপাম, কাৱৈমাৰী মিচিং,কাশীনাথ,চমকং পাগৰ',চমকং ডাম্বুক, চৰাইবাৰী, লকলুং, টাদুনীয়া, লাম্বা চাপৰি, কাংকান চাপৰি, কয়লাআলি, অন্নপুৰ, ৰাউণ্ড, মিছামৰা, কাড়িচুক, নামকিৰ, ডেকাপাম, লাইমেকুৰী, আমলক্ষী পাইত, তেলাম কমনচেলেক, বৰাটী, লুহিতপৰীয়া, ৰামধন, মিলনপুৰ,গালি মেচাকি, বৰবালি, গালি চিকাৰী, শান্তিপুৰ, ডিমৌ, ডিপা আদি বিভিন্ন মিচিং বসতিপ্ৰধান গাঁও ৷

লগতে পঢ়ক:লখিমপুৰত কেন্দ্রীয় আলি আয়ে লৃগাং উপলক্ষে উখল-মাখল পৰিৱেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.