ETV Bharat / state

ফটো উঠিবলৈ গৈ চিমেন নদীত সন্ধানহীন হোৱা অজিতেশৰ মৃতদেহ উদ্ধাৰ - YOUTH MISSING IN SIMEN RIVER

author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 6:09 PM IST

Student falls into Simen River: তিনিদিন পূৰ্বে সমনীয়াৰ লগত ডিব্ৰুগড়ৰ পৰা ধেমাজিলৈ আহিছিল ফুৰিবলৈ ৷ ধেমাজিৰ চিমেন নদীৰ পাৰত শিলত উঠি ফটো তুলিবলৈ লওঁতেই ভৰি পিচলি নৈৰ কোবাল সোঁতত উটি যায় অজিতেশ হাজৰিকা ৷ ইয়াৰ পাচত বিগত তিনিদিন ধৰি উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছিল ডিব্ৰুগড় জ্ঞান বিজ্ঞান স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্র অজিতেশক বিচাৰি ৷ অৱশেষত আজি উদ্ধাৰ হয় অজিতেশৰ মৃতদেহ ৷

YOUTH MISSING IN SIMEN RIVER
ফটো উঠিবলৈ গৈ চিমেন নদীত সন্ধানহীন অজিতেশৰ মৃতদেহ উদ্ধাৰ (ETV BHARAT ASSAM)

জোনাই ১৫ জুলাই: তিনিদিনৰ অন্তত উদ্ধাৰ হ'ল চিমেন নদীত ১২ জুলাইত ফটো উঠিবলৈ আহি নদীৰ বুকুত সন্ধানহীন হোৱা ডিব্ৰুগড় আৰ কে স্কুলৰ ছাত্ৰ অজিতেশ হাজৰিকাৰ মৃতদেহ । ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ জোৱানে আজি পুনৰ উদ্ধাৰ অভিযান চলাই থকা সময়তে ঘটনাস্থলীৰ পৰা প্ৰায় ওঠৰ কিলোমিটাৰ নিলগত চিমেন নদীত ওপঙি থকা অৱস্থাত স্থানীয় ৰাইজে মৃতদেহটো ওপঙি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ।

ফটো উঠিবলৈ গৈ চিমেন নদীত সন্ধানহীন অজিতেশৰ মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)

লগে লগে উদ্ধাৰ অভিযান চলাই থকা দুৰ্যোগ প্ৰশমন বাহিনীৰ জোৱানে অজিতেশ হাজৰিকাৰ মৃতদেহটো উদ্ধাৰ কৰে । পৰিয়ালৰ লোকৰ উপস্থিতিত আৰক্ষীয়ে অজিতেশৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ১২ জুলাইৰ বিয়লি চিমেন নদীৰ অৰুণাচল প্ৰদেশৰ অংশত ফটো উঠিবলৈ লওঁতে শিলৰ পৰা পিচলি পৰাত নদীৰ সোঁতে উটুৱাই লৈ গৈছিল অজিতেশক । তেতিয়াৰ পৰাই ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ বৃহৎ জোৱানৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল ।

লগতে পঢ়ক: নদীৰ প্ৰচণ্ড সোঁতত উটি গ’ল অজিতেশ, উদ্ধাৰ অভিযান অব্যাহত - be cautious while taking selfie

ইফালে ছেলফি্ উঠিবলৈ গৈ ভৰি পিচলি নৈৰ কোবাল সোঁতত পৰাৰ পিচত অজিতেশক উটুৱাই নিয়াটো মিছা বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে ৷ ইতিমধ্যে অজিতেশ হাজৰিকাৰ পিতৃয়ে অৰুণাচল প্ৰদেশৰ নাৰী আৰক্ষী থানাত এই সন্দৰ্ভত এহাজাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, ১২ জুলাইত লিডুৰ পৰা মূৰ্কংচেলেক অভিমুখী ৰে'লত ডিব্ৰুগড়ৰ সাতজনীয়া ছাত্ৰৰ দল এটা আহি দুপৰীয়া ১২ বজাত চিমেন চাপৰি ৰে'লৱে ষ্টেচনত নামে ।

উক্ত দলটোত আছিল ডিব্ৰুগড় জ্ঞান বিজ্ঞান স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্র তথা বৈৰাগীমঠৰ মলখুবচা গাঁৱৰ জয়ন্ত হাজৰিকাৰ পুত্ৰ অজিতেশ হাজৰিকা, ছল্টব্ৰুকৰ ছাত্র তথা নিৰ্মালি গাঁৱৰ প্ৰণৱ দেউৰীৰ পুত্ৰ ভৈৰৱজ্যোতি দেউৰীৰ লগতে আৰ কে স্কুলৰ ছাত্ৰ ক্ৰমে বকুলৰ ভক্তিনাথ সন্দিকৈৰ পুত্ৰ ঋষি সন্দিকৈ, বৈৰাগীমঠৰ মলখুবচা গাঁৱৰ দ্বীজেন দুৱৰাৰ পুত্র কৌশিক দুৱৰা, নিজ কদমণি গাঁৱৰ বেণুধৰ দত্তৰ পুত্ৰ হিৰকজ্যোতি দত্ত, বৈৰাগীমঠৰ জীতেন গগৈৰ পুত্ৰ পুলকেশ গগৈ, ৰহমৰীয়াৰ শৰৎ কলিতাৰ পুত্ৰ ভাস্কৰজ্যোতি কলিতাই চিমেন নদীৰ মনোমোহা প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ অৰুণাচল প্ৰদেশৰ দিশে গৈছিল ।

লগতে পঢ়ক: সমনীয়াৰ সৈতে ফুৰিবলৈ আহি নদীত সন্ধানহীন হ’ল একাদশ শ্ৰেণীৰ ছাত্ৰ - Missing in River

বিয়লি ৫ বজাত চিমেন চাপৰি ৰে'লৱে ষ্টেচনত উঠি পুনৰ ডিব্ৰুগড়লৈ ঘূৰি যোৱাৰ কথা আছিল সাতজনীয়া ছাত্ৰৰ দলটোৰ ৷ আটাইকেইগৰাকী ছাত্র বৰ্তমান একাদশ শ্ৰেণীত অধ্যয়নৰত । তেওঁলোকে চিমেন নদীৰ পাৰত ফটো উঠি থকা সময়তে অজিতেশে এটা শিলত উঠি ফটো ল'বলৈ লওঁতে হঠাতে পিছলি পৰাৰ ফলত নদীৰ সোঁতে উটুৱাই লৈ যায় । এজন সহপাঠীয়ে আজিতেশক বচাবলৈ চেষ্টা কৰে যদিও বিফল হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.