ETV Bharat / state

বিজেপিয়ে আজিলৈকে এটাও মথাউৰি বনোৱা নাই : এতোৱা মুণ্ডা - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 6:10 PM IST

Assam Flood 2024: খোৱাঙত বন্যাৰ্তৰ কাষত AICC ৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক বিকাশ উপাধ্যায় । আনহাতে চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কংগ্ৰেছে মথাউৰি কেইটা নবনোৱা হ'লে আজি আৰু ভয়ানক বান পৰিস্থিতি হ'লহেঁতেন বুলি মন্ত্ৰী পীযুষ হাজৰীকাক উভতি ধৰে প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডাই ।

AICC general secretary Vikas Upadhyay inspected the flood situation at Khowang in Dibrugarh
বন্যাৰ্তৰ কাষত AICC ৰ সাধাৰণ সম্পাদক বিকাশ উপাধ্যায় (ETV Bharat Assam)

ডিব্ৰুগড়,৯ জুলাই: ৰাজ্যখনৰ ভিতৰত ডিব্ৰুগড় জিলাৰ খোৱাঙত এইবাৰ বানৰ ভয়াবহতা অধিক হৈ পৰিছে । বান পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । আনহাতে ডিব্ৰুগড়ৰ খোৱাং সমষ্টিত এইবাৰ বানে কেইবাটাও মথাউৰি ছিগাত অধিক ভয়াবহতাই দেখা দিছিল । বান পৰিস্থিতিৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি জলসম্পদ মন্ত্ৰী উপস্থিত হৈছিল খোৱাঙত ।

বিজেপিয়ে আজিলৈকে এটাও মথাউৰি বনোৱা নাই: এতোৱা মুণ্ডা (ETV Bharat Assam)

কেইটামান দিনৰ পুৰ্বে ডিব্ৰুগড়ৰ খোৱাঙত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ছিগা মথাউৰিকেইটা কংগ্ৰেছৰ দিনতে বনোৱা বুলি মন্তব্য কৰা পিচতে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডাই মঙলবাৰে উভতি ধৰিলে জলসম্পদ মন্ত্ৰীগৰাকীক । মুণ্ডাই খোৱাঙত উপস্থিত হৈ কয়, "কংগ্ৰেছে মথাউৰিকেইটা নবনোৱা হ'লে আজি আৰু ভয়ানক বান পৰিস্থিতি হ'লহেঁতেন । বিজেপিয়ে আজিলৈকে এটাও মথাউৰি বনোৱা নাই । কংগ্ৰেছে বনোৱা মথাউৰিকেইটা মেৰামতি কৰিবলৈকে বিজেপিৰ দম নাই ।" বিজেপিয়ে আমাক ধন্যবাদহে দিব লাগে বুলি প্ৰাক্তন মন্ত্ৰীজনে মন্তব্য কৰে ।

আনহাতে মঙলবাৰে খোৱাঙৰ বানাক্ৰান্ত ৰাইজৰ খবৰ লয় AICC ৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক বিকাশ উপাধ্যায়ে । টুলুঙা নাৱত উঠি খোৱাঙৰ বানাক্ৰান্তৰ দুখ-দুৰ্দশাৰ বুজ লয় নেতাগৰাকীয়ে । নেতাজনে সাংবাদিকৰ আগত বিজেপি চৰকাৰখনৰ কামকাজক ক্ষুৰধাৰ সমালোচনা কৰে । নেতাজনৰ সৈতে বন্যাৰ্তৰ খবৰ লৈ খোৱাং ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি বিজু দুৱৰাই পশু খাদ্যৰ নামত চৰকাৰে ম্যাদ উকলা খাদ্য যোগান ধৰি পশুধনৰ বেমাৰ সৃষ্টি কৰিছে বুলি অভিযোগ কৰে ।

মঙলবাৰে কংগ্ৰেছৰ দলটোৱে বানাক্ৰান্তৰ কেইবাটাও শিবিৰত বান সাহাৰ্য বিতৰণ কৰে । দলটোত প্ৰাক্তন বিধায়িকা জীৱনতাৰা ঘাটোৱাৰ, প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডাৰ লগতে কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত থাকে ।

লগতে পঢ়ক: পানীয়ে উটালে বালিয়ে পুতিলে ধান খেতি; দিশহাৰা কৃষক - Assam Flood 2024

গৈছিল বন্যাৰ্তৰ খবৰ ল’বলৈ; পিচে ৰাইজৰ খঙৰ ভকম দেখি অধোমুখে উভতিল বিধায়ক - Assam flood 2024

নিৰূপায় বন্যাৰ্ত; নাৱত আহিছে ভকত, পথৰ ওপৰতে পুত্ৰই পাতিলে পিতৃৰ আদ্যশ্ৰাদ্ধ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.