ETV Bharat / state

জনজাতিকৰণৰ দাবীত দিল্লীত প্ৰতিবাদত বহিব আহোম জনগোষ্ঠীয় সংগঠন - Ahom demands ST

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 11:53 AM IST

Ahom Organisations to Protest in Delhi : দিল্লী কঁপিব আহোম জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদত । সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে জনজাতিকৰণৰ দাবীত দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিব আহোম জনগোষ্ঠীয় সংগঠনে । ডিব্ৰুগড়ত সংবাদমেল অনুষ্ঠিত কৰি জনালে আহোম জনগোষ্ঠীয় সংগঠনে ।

Ahom Organisations to Protest in Delhi
জনজাতিকৰণৰ দাবীত দিল্লীত প্ৰতিবাদত বহিব আহোম জনগোষ্ঠীয় সংগঠন (ETV Bharat Assam)

ডিব্ৰুগড়, ৩০ আগষ্ট : ৰাজ্যত পুনৰ মূৰ দাঙি উঠিছে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰসংগ । জনজাতিকৰণৰ দাবীত ইতিমধ্যে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছে দল-সংগঠনে । প্ৰতিখন চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী নহ'ল ।

আহোম জনগোষ্ঠীয় সংগঠনৰ সংবাদমেল (ETV Bharat Assam)

শাসনলৈ অহাৰ পূৰ্বে শাসকীয় দল বিজেপিয়ে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যত সেয়া কাৰ্যকৰী নকৰাত পুনৰ জনজাতিকৰণৰ দাবীত আন্দোলন আৰম্ভ হৈছে । জনজাতিকৰণক লৈ ডিব্ৰুগড়ত অনুষ্ঠিত হয় তিনি আহোম জনগোষ্ঠীয় সংগঠনৰ বৈঠক ।

জনজাতিকৰণৰ প্ৰসংগক লৈ ডিব্ৰুগড় চহৰৰ লিটল পেলেচত আলোচনা তিনি আহোম জনগোষ্ঠীয় সংগঠনৰ । বৈঠকত অংশগ্ৰহণ কৰে টাই আহোম ছাত্র সন্থা, টাই আহোম যুৱ পৰিষদ আৰু আহোম সভাৰ কেন্দ্ৰীয সমিতিৰ বিষয়ববীয়াসকলে । ইয়াৰ পাচতে সংবাদমেল সম্বোধন কৰে তিনিওটা সংগঠনে । এই সংবাদমেলত জনজাতিকৰণৰ দাবীত আহোম জনগোষ্ঠীৰ কেউটা সংগঠনৰ উমৈহতীয়া আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে ।

এই সন্দৰ্ভত সংগঠনৰ নেতৃবৃন্দৰ ঘোষণা, "চৰকাৰে জনজাতিকৰণৰ বাবে প্ৰতিশ্ৰুতিৰ পাচত প্ৰতিশ্ৰুতি দিয়াৰ পাচতো ৰাজ্যৰ আহোমকে ধৰি ছয জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰা নাই । যাৰ বাবে ১৯ ছেপ্টেম্বৰত গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । ইয়াৰ পাচত শিৱসাগৰত ২৬ অক্টোবৰত আহোম জনগোষ্ঠীৰ বুদ্ধিজীৱীসকলৰ উপস্থিতিত আহোম জনগোষ্ঠীৰ কেউটা সংগঠনৰ বৌদ্ধিক সন্মিলন অনুষ্ঠিত হ'ব ।"

উল্লেখ্য যে, জানজাতিকৰণৰ দাবীত এইবাৰ দিল্লী কঁপাবলৈ সাজু হৈছে আহোম জনগোষ্ঠীয় সংগঠনে । সংবাদমেলত জনগোষ্ঠীয় সংগঠনটোৰ বিষয়ববীয়াই কয়, "সংসদৰ শীতকালীন অধিবেশনৰ প্ৰথমদিনাই নতুন দিল্লীত আহোম জনগোষ্ঠীৰ সংগঠনসমূহে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ।"

লগতে আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে বিজেপি চৰকাৰক ক্ষমতাৰ পৰা আঁতৰাবলৈ আহোম জনগোষ্ঠীয় সংগঠনসমূহে ৰাজনৈতিকভাৱে চেষ্টা কৰিব বুলি হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক :বিধানসভাত গৃহীত অসম মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন বিধেয়ক, ২০২৪ - Assam Assembly autumn session
লগতে পঢ়ক :অসমৰ পৰিৱেশ উত্তাল কৰা মূল মানুহজনেই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা: সংখ্যালঘু সংগ্ৰাম পৰিষদ - miya row

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.