হাফলং,১৭ অক্টোবৰ: ডিমা হাছাও জিলাত ৰে'ল দুৰ্ঘটনা । দুৰ্ঘটনাত পতিত আগৰতলা-লোকমান্য তিলক এক্সপ্ৰেছ ৰে'লখন । আগৰতলাৰ পৰা মুম্বাই অভিমুখে যোৱা লোকমান্য তিলক এক্সপ্ৰেছ ৰে'লখন আজি বিয়লি প্ৰায় ৫ বজাত দিবালং ৰে'ল ষ্টেচনৰ সমীপত দুৰ্ঘটনাত পতিত হয় ।
ৰে'লখনৰ ইঞ্জিনসহ দুটাকৈ ডবা লাইনচ্যুত হৈ বাগৰি পৰে । এতিয়ালৈকে কোনো যাত্ৰী নিহত বা আহত হোৱাৰ খবৰ পোৱা হোৱা নাই ।

জানিব পৰা মতে লামডিং ডিভিচনৰ অধীনত ডিমা হাছাও জিলাৰ দিবালং ৰে'ল ষ্টেচনৰ সমীপতে আগৰতলাৰ পৰা মুম্বাই ছত্ৰপতি শিবাজী টাৰ্মিনেল অভিমুখী 12520 লোকমান্য তিলক এক্সপ্ৰেছ ৰে'লখন দুৰ্ঘটনাত পতিত হয় । দিবালং ক্ৰছিং পইন্টত সংঘটিত হয় এই দুৰ্ঘটনা ।

ৰেলখনৰ ইঞ্জিনসহ বি ৱানৰ পৰা বি চেভেনলৈকে সাতটাকৈ দবা লাইনচ্যুত হয় । এই ৰে'ল দুৰ্ঘটনাত কেইবাজনো যাত্ৰী আহত হোৱাৰ আশংকা কৰা হৈছে ।

ইতিমধ্যে আহত এজন যাত্ৰীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে । কিন্তু এতিয়ালৈকে চৰকাৰীভাৱে তথা উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই কোনো ৰে'ল যাত্ৰী আহত হোৱাৰ কথা সদৰী কৰা নাই । প্ৰকৃততে এই ৰে'ল দুৰ্ঘটনা কেনেকৈ সংঘটিত হ'বলৈ পালে বিভাগীয় অনুসন্ধানৰ পিছতহে পোহৰলৈ আহিব ।

ইপিনে ডিমা হাছাও জিলাত ৰেল দুৰ্ঘটনাৰ পিছতে লামডিং বদৰপুৰ হিল এলেকাত ৰে'ল চলাচল সাময়িকভাৱে বন্ধ হৈ পৰে । ইপিনে মুম্বাই লোকমান্য তিলক এক্সপ্ৰেছ ৰে'লখন দুৰ্ঘটনাৰ ফলতে 13174 চাভৰুম শিয়ালদাহ এক্সপ্ৰেছ ৰেলগাড়ী মাইবাং আৰু 15618 দুল্লভচৰা গুৱাহাটী ৰে'লখন নিউহাফলং ষ্টেচনত আৱদ্ধ হৈ পৰে ।