ETV Bharat / state

গ্ৰেপ্তাৰৰ ছঘণ্টাৰ পিচতে জামিন শিক্ষয়ত্ৰী প্ৰিয়ংকা তামুলীক - HIT AND RUN CASE

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 10:23 PM IST

Dighali Pukhuri road accident: শিক্ষয়িত্ৰী তথা এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ পত্নীৰ গাড়ীৰ খুন্দাত নিহত হৈছিল এজন যুৱকৰ ৷ সুদক্ষ খেলুৱৈগৰাকীক খুন্দিয়াই নিহত কৰাৰ অপৰাধত বুধবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল শিক্ষিয়িত্ৰীগৰাকীক ৷ গ্ৰেপ্তাৰৰ ছঘণ্টাৰ পিচত জামিন লাভ সাংবাদিক পত্নীগৰাকীৰ ৷

Etv Bharat
প্ৰতিনিধিত্বমূলক ছবি (File)

গুৱাহাটী, ৩ জুলাই : কটন কলেজিয়েট চৰকাৰী উচ্চতৰ ম‍াধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী প্ৰিয়ংকা তামুলীক গ্ৰেপ্তাৰ কৰা হৈছে । এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ পত্নী প্ৰিয়ংকা তামুলীৰ বাহনৰ খুন্দাত নিহত হৈছিল সৰুপেটাৰ ভাৰ্গৱজ্যোতি বৰ্মন (৩০) ।

শনিবাৰে দীঘলী পুখুৰী পাৰত সংঘটিত হোৱা পথ দুৰ্ঘটনাটোত AS01 BY0044 নম্বৰৰ i20 বাহনখনে খুন্দিওৱাৰ ফলত মৃত্যু হৈছিল ভাৰ্গৱৰ । দুৰ্ঘটনা সংঘটিত কৰিয়ে সেই স্থানৰ পৰা পলায়ন কৰিছিল বাহনখন । সম্প্ৰতি পাণবজাৰ থানাত আছে আৰক্ষীয়ে জব্দ কৰা দুৰ্ঘটনাগ্ৰস্ত বাহনখন ।

পাণবজাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ২৭৯/৩০৪A/ 427 ধাৰাৰ অধীনত ১৫৫/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি বুধবাৰে জেৰা চলাই গ্ৰেপ্তাৰ কৰে প্ৰিয়ংকা তামুলীক ৷ অৱশ্যে গ্ৰেপ্তাৰ কৰাৰ প্ৰায় ৬ ঘন্টা পিচত জামিনত পাণবজাৰ থানাৰ পৰা যাবলৈ দিয়া হ’ল প্ৰিয়ংকা তামুলীক ।

লগতে পঢ়ক: কাৰাবন্দী মডেল ৰাজকন্যা বৰুৱাৰ জামিন মঞ্জুৰ

প্ৰিয়ংকা তামুলীৰ দুৰ্ঘটনাৰ গোচৰটোত জামিনযুক্ত ধাৰা সন্নিবিষ্ট হোৱা হেতুকে থানাৰ পৰা জামিনত যাবলৈ দিয়া হয়৷ উল্লেখ্য যে শনিবাৰে পুৱা প্ৰায় ৯.৪০ বজাত সংঘটিত হৈছিল এই পথ দুর্ঘটনাটো ৷ য’ত বৰপেটাৰ গো-মূৰা গাঁৱৰ ভার্গৱজ্যোতি বর্মন (৩০) নামৰ যুৱকজনৰ মৃত্যু হয় । এ এছ ০১-এফ এন ০১৪৪ নম্বৰৰ স্কুটীখনেৰে পাণবজাৰৰ দিশলৈ গৈ থকা অৱস্থাতে তামুলীৰ বাহনৰ খুন্দাত ভার্গৱজ্যোতিয়ে ডিভাইডাৰত খুন্দিয়াই দুর্ঘটনাত পতিত হয় ।

কিছুসময় উক্ত স্থানতে যন্ত্ৰণাত ছটফটাই পৰি থকাৰ পিচত মহানগৰ যান-বাহন শাখাৰ আৰক্ষীয়ে ভাৰ্গৱক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।

উল্লেখ্য যে ভার্গৱজ্যোতি বর্মন আছিল পাণবজাৰৰ জন স্মল ফাইনেন্স বেংকৰ কৰ্মচাৰী ৷ তদুপৰি তেওঁ আছিল পাঞ্জা আৰু কাৰাটেৰ এজন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ । মাথোঁ ৫ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল বৰ্মন ৷

লগতে পঢ়ক: ৰাজকন্যা কাণ্ড : যোছেফ মাৰাকৰ কৃত্রিম ভৰি লগোৱাৰ দায়িত্ব ল'লে ৰাজ্য চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.