ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ : নগাঁও-যোৰহাটত জ্বলিল যোগান মন্ত্ৰীৰ পুত্তলিকা - AASU protest in Assam

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 8:07 PM IST

AASU protest in Assam : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল ছাত্ৰ সন্থা । টোল কৰ বৃদ্ধিৰ বিৰুদ্ধেও সৰৱ । নগাঁও-যোৰহাটত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ । যোগান মন্ত্ৰীক অপসাৰণৰ দাবী ।

AASU protest in Assam
মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ (ETV Bharat Assam)

নগাঁও/যোৰহাট, ৩ জুন : লোকসভা নিৰ্বাচন পাৰ হৈ যোৱাৰ লগে লগে এতিয়া দেশৰ লগতে ৰাজ্যতো বিভিন্ন সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক । ইয়াৰ বিপৰীতে ৰাজ্যৰ যোগান বিভাগ গভীৰ নিদ্ৰাত আছে । অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধৰ বাবে প্ৰশাসনৰ নাই কোনো কাণসাৰ । যাৰ বাবে ৰাজপথলৈ ওলাই আহিছে সদৌ অসম ছাত্ৰ সন্থা । সোমবাৰে সমগ্ৰ ৰাজ্যতে মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৱে প্ৰতিবাদ সাব্যস্ত কৰে । নগাঁও আৰু যোৰহাটতো জিলা আছুৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

নগাঁও আৰু যোৰহাটত আছুৰ প্ৰতিবাদ (ETV Bharat Assam)

“কেৱল সামাজিক মাধ্যমত নিজকে ব্যস্ত ৰাখে যোগান মন্ত্ৰী ৰণজিৎ দাসে । বাৰীৰ শাক-পাচলি ছিঙি, শৰীৰ চর্চা কৰি নিজকে ব্যস্ত ৰাখে মন্ত্ৰী ৰণজিৎ দাসে ।” এই মন্তব্য সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ । সোমবাৰে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নগাঁও জিলা ছাত্ৰ সন্থাই ।

নগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ পৰা সমদল কৰি জিলা আয়ুক্ত কাৰ্যালয় চৌহদৰ সন্মুখত উপস্থিত হয় নগাঁও জিলা ছাত্ৰ সন্থাৰ নেতৃবৰ্গ । চৰকাৰৰ বিৰুদ্ধে নানা শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আয়ুক্ত কাৰ্যালয় চৌহদৰ সন্মুখত । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ তথা ৰাজ্যৰ যোগান বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি ৰাজ্যৰ যোগান মন্ত্ৰী ৰণজিৎ দাসৰ বিৰুদ্ধে সৰৱ হৈ পৰে নগাঁও জিলা ছাত্ৰ সন্থা ।

আনহাতে, নগাঁও চহৰৰ মাজমজিয়াৰ ৰাজপথত যোগান মন্ত্ৰী ৰণজিৎ দাসৰ পুত্তলিকাও দাহ কৰে নগাঁও জিলা ছাত্ৰ সন্থাই । এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি যোগান মন্ত্ৰী ৰণজিৎ দাসক অপসাৰণৰো দাবী জনায় নগাঁও জিলা ছাত্ৰ সন্থাই । লগতে শেহতীয়াকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ টোল কৰ বৃদ্ধি কৰাক লৈয়ো সৰৱ হৈ পৰে নগাঁও জিলা ছাত্ৰ সন্থা ।

একেদৰে যোৰহাটতো যোৰহাট জিলা ছাত্র সন্থাই সোমবাৰে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্যৰ যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি যোৰহাট জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অৰ্জুন মণি ভুঞাই কয় যে নিৰ্বাচনৰ পিচতেই ৰাজ্যত অত্যধিক হাৰত খাদ্য-সামগ্ৰী আৰু জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি পাইছে । সেয়েহে যোগান বিভাগক কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা জগাবলৈ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি উল্লেখ কৰে । লগতে খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধত যদি ৰাজ্য চৰকাৰ তথা যোগান বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে অধিক জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক :যাত্ৰা কৰোঁতে বাৰম্বাৰ ভাবক, টোল কৰত খালী হ’ব পাৰে পকেট - Toll Tax Rate Increase Expressway

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.