মৰাণ, ১৬ জুন: অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই বিজেপিয়ে চাহ জনগোষ্ঠীয় নেতা সাংসদ কামাখ্যা প্ৰসাদ তাছাক কেন্দ্ৰীয় মন্ত্ৰিত্ব নিদিয়াক লৈ বিজেপিক সমালোচনা কৰাৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । এইবাৰ বিজেপি নহয়, আপেহে উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক ।
আপৰ ৰাজ্যিক উপ-সভাপতি মনোজ ধানোৱাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক তীব্ৰ সমালোচনা কৰি কয়, "চাহ জনগোষ্ঠীয় নেতাই টিকট বিচাৰিলে টিকটৰ বিনিময়ত পইচা বিচাৰে ভূপেন বৰা আৰু কংগ্ৰেছ নেতৃত্বই" ৷
চাহ জনগোষ্ঠীয় নেতাক বিজেপিয়ে কেন্দ্ৰীয় মন্ত্ৰিত্ব নিদিয়া বুলি কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰাৰ পিচত এইবাৰ ভূপেন বৰাক তীব্ৰ সমালোচনা কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে আপৰ ৰাজ্যিক উপ-সভাপতি মনোজ ধানোৱাৰে ।
দেওবাৰে মৰাণত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নেতাগৰাকীয়ে কয়, "কামাখ্যা প্ৰসাদ তাছাক লৈ দুখ প্ৰকাশ কৰাতকৈ চাহ বাগিচা অঞ্চলত কংগ্ৰেছ দলৰ শোচনীয় অৱস্থাক লৈ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দুখ প্ৰকাশ কৰক । সদ্য়সমাপ্ত লোকসভা নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিকে ধৰি আন সমূহ সমষ্টিত কংগ্ৰেছ দলে চাহ জনগোষ্ঠীয় ৰাইজৰ ভোট ১০ পৰা ১৫ % লাভ কৰিছে" ৷
ভূপেন বৰাই তেওঁৰ সভাপতিৰ কাৰ্যালয়ত কেইজন শ্ৰমিক নেতাক আনি দলত স্থান দিছে তাক লৈ চিন্তা নকৰি কামাখ্যা প্ৰসাদ তাছাক লৈ চিন্তা কৰাটো হাস্যকৰ কথা বুলি মন্তব্য় কৰে আপৰ ৰাজ্যিক উপ-সভাপতিগৰাকীয়ে ।
লগতে চাহ জনগোষ্ঠীয় নেতাই টিকট বিচাৰিলে টিকটৰ বিনিময়ত ভূপেন বৰাই পইচা বিচাৰে বুলি বিস্ফোৰক মন্তব্য় কৰি কয়, "কংগ্ৰেছ দলে পইচাৰ বিনিময়ত টিকট দিয়াৰ মানসিকতা এৰিলেহে দলটোৰ উত্থান হ'ব" ৷