ETV Bharat / state

প্ৰতিবেশীৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱক - Attempt to murder

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 7:57 PM IST

Attempt to murder: চিলাপথাৰৰ অকাজান শান্তিপুৰ ভকত গাঁৱত এজন যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ প্ৰতিবেশীৰ । গুৰুতৰভাৱে আহত যুৱকজন । কিন্তু কিয় প্ৰতিবেশীয়ে আক্ৰমণ কৰিলে যুৱকজনক ?

Attempt to murder
প্ৰতিবেশীৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱক (ETV Bharat)

ধেমাজি,৬ ছেপ্টেম্বৰ : ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত অকাজান শান্তিপুৰ ভকত গাঁৱত ভয়ংকৰ ঘটনা । প্ৰতিবেশীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন যুৱক । চোকা অস্ত্ৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত যুৱকজনক হাস্পতালত ভৰ্তি । ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী যুৱকৰ পৰিয়াল ।

কি আছিল ঘটনাটো ?

জানিব পৰা মতে বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা । অভিযোগ অনুসৰি প্ৰতিবেশী পৰমানন্দ ভৰালী ওৰফে কণবাবু নামৰ লোকজনৰ ঘৰত প্ৰায়ে কাজিয়া হৈ থাকে । বৃহস্পতিবাৰেও কাজিয়া হৈ আছিল । সেই সময়ত নিজৰ ঘৰতে বহি আছিল প্ৰদান বৰুৱা নামৰ যুৱকজন । কিন্তু হঠাৎ কাজিয়া কৰি থকা পৰিয়ালটোৰ ৩ জনীয়া এটা দল প্ৰদান বৰুৱাৰ ঘৰত উপস্থিত হয় আৰু বিনা কাৰণত প্ৰদান বৰুৱাক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে । এই আক্ৰমণত মূৰ,হাত আৰু পিঠিত গুৰুতৰভাৱে আঘাত পাই যুৱকজনে ৷ লগে লগে আঘাতপ্ৰাপ্ত যুৱকজনক পৰিয়ালৰ লোকে চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে ৷ সমান্তৰালকৈ ঘটনা সন্দৰ্ভত চিলাপথাৰত থানাত এজাহাৰো দাখিল কৰে ভুক্তভোগীৰ পৰিয়ালটোৱে ।

ন্যায়ৰ দাবী ভুক্তভোগীৰ পৰিয়ালৰ

ঘটনা সন্দৰ্ভত ভুক্তভোগী প্ৰদান বৰুৱাৰ ভ্ৰাতৃয়ে কয়, "প্ৰতিবেশী পৰমানন্দ ভৰালী, খগেন ভৰালী আৰু বুধিৰাম ভৰালীৰ পৰিয়ালৰ মাজত সদায়ে কাজিয়া আৰু মাৰপিট হৈ থাকে । পৰিয়ালটোৱে গাঁৱৰ পৰিৱেশ বিনষ্ট কৰিছে ৷ আনদিনাৰ দৰে আজিও তেওঁলোকৰ ঘৰত পাৰিবাৰিক কাৰণত কাজিয়া হৈ আছিল । সেই সময়ত ভাতৃ অসুস্থ দেহাৰে বাহিৰত বহি আছিল ৷ এনেতে তেওঁলোকৰ ঘৰত হোৱা কাজিয়া কিয় চাই আছ বুলি ক্ষোভিত হৈ প্ৰায় ১০ মান বজাত চোকা অস্ত্ৰ লৈ প্ৰতিবেশী পৰিয়ালৰ তিনিজন সদস্য আমাৰ ঘৰলৈ আহে আৰু ভাতৃক মাৰপিট কৰে । মই সেই সময়ত নামঘৰত ভাওনাৰ আখৰা কৰি আছিলো । খবৰ পোৱাৰ পিছতে মই হাস্পতালত উপস্থিত হৈছো । আমাক এতিয়া ন্যায় লাগে ।"

আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । ইফালে ঘটনাটোক কেন্দ্ৰ কৰি চিলাপথাৰৰ গাঁওখনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । ঘটনাটোক তীব্ৰ গৰিহণা দিয়াৰ লগতে ন্যায়ৰ দাবী জনাইছে একাংশ লোকে । দোষীয়ে যাতে কঠোৰ শাস্তি পাই তাৰ বাবেও আৰক্ষীক অনুৰোধ জনাইছে গাঁওখনৰ একাংশ লোকে ।

লগতে পঢ়ক :কলগাছিয়াত সম্পত্তিৰ লোভত বিধৱা মহিলাক হত্যাৰ চেষ্টা - ATTEMPT TO MURDER

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.