ETV Bharat / state

নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ ৰায়ত আনন্দও আছে বেদনাও আছে: কিয় ক’লে মুখ্যমন্ত্ৰী ?

Section 6A of Citizenship Act: অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ ৷ ইয়াত আনন্দ আৰু বেদনা দুয়োটা আছে বুলি ক’লে মুখ্যমন্ত্ৰীয়ে ৷

Section 6A of Citizenship Act
অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 20, 2024, 7:58 PM IST

গুৱাহাটী: ‘‘১৯৭১ চনৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ ৰায়টোক লৈ মোৰ মিশ্ৰিত প্ৰতিক্ৰিয়া আছে । ইয়াত আনন্দও আছে বেদনাও আছে । ই বেদনা আৰু আনন্দৰ এটা ৰায় ।’’ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । দীঘলীয়া শুনানিৰ অন্তত ১৯৭১ চনকেই অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ হিচাপে ৰায় প্ৰদান কৰিছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত পাঁচজনীয়া বিচাৰপীঠে ৷ অৱশ্যে পাঁচজন ন্যায়াধীশৰ এজনে ১৯৫১ ৰ সপক্ষে ৰায় দিয়ে যদিও চাৰিজন ন্যায়াধীশৰ সন্মতিত ১৯৭১ কেই ভিত্তিবৰ্ষ নিৰ্ধাৰণ কৰা হয় ৷

এক আনন্দ আৰু বেদনা মিশ্ৰিত ৰায়:

সংবাদ মাধ্যমৰ আগত উচ্চতম ন্যায়ালয়ে নাগৰিকত্বৰ ভিত্তিবৰ্ষক লৈ দিয়া ৰায় সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "১৯৭১ চনৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ ৰায়টো ঐতিহাসিক হয়নে নহয় মই নাজানো । চৰকাৰে যিহেতু অসম চুক্তি কৰিছিল ভিত্তিবৰ্ষ ১৯৭১ চন হ'ব লাগে বুলি । কিন্তু অসমৰ বহু ৰাইজৰ আকাংক্ষা আছিল যে ভিত্তিবৰ্ষ ১৯৫১ হ'ব লাগে । ন্যায়ালয়ে ১৯৭১ চনকেই ভিত্তিবৰ্ষ বুলি ৰায়দান দিলে । ঐতিহাসিক ৰায় বুলি ক’ব খোজা নাই, এইক্ষেত্ৰত মোৰ মিশ্ৰিত প্ৰতিক্ৰিয়া আছে । ইয়াত আনন্দও আছে বেদনাও আছে । ই বেদনা আৰু আনন্দৰ এটা ৰায় । অসমীয়া জাতিয়ে সংগ্ৰাম কৰি আগুৱাই যাব লাগিব ।"

উপ-নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

ইফালে অহা ১৩ নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভতো মুখ্যমন্ত্ৰী শৰ্মাই মন্তব্য আগবঢ়ায় ৷ তেওঁ কয়, ‘‘উপ-নিৰ্বাচন হ’বলগীয়া ৫ টা সমষ্টিৰ ৪ টাত বিজেপিৰ বিধায়ক আছিল । আমি নিশ্চিত যে ৪ টা বিধানসভাতে জয়ী হ'ম । পঞ্চমটো বিধানসভাত বিজেপিৰ বিধায়ক নাছিল, তথাপি ৰাইজে সহাঁৰি দিলে পঞ্চমটো সমষ্টিতো আমি জয়ী হ'ম ।’’

বিহালীত প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছৰ টনা-আঁজোৰা সন্দৰ্ভত মন্তব্য মুখ্য়মন্ত্ৰীৰ

উল্লেখ্য যে বিহালী সমষ্টিত বিজেপিয়ে দিগন্ত ঘাটোৱাৰক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে যদিও কংগ্ৰেছে এতিয়ালৈকে প্ৰাৰ্থী ঘোষণা কৰা নাই ৷ ইফালে এই সমষ্টিত কংগ্ৰেছে নিজেই নিৰ্বাচন খেলিব নে মিত্ৰদল চিপিআইএমএলক এৰি দিব তাক লৈও দোধোৰ-মোধোৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘কংগ্ৰেছে ক'ত কি কৰিছে মই গম পোৱা নাই । মই বাহিৰত আছিলোঁ । মোৰ ধাৰণা জনতাই ভোট দিব, মিডিয়াই নিউজ কৰিব । কিন্তু বিহালীৰ ৰাইজক এটাই আহ্বান সকলোৱে বিজেপিক ভোট দিয়ক ।’’

লগতে পঢ়ক: বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ক্ষেত্ৰত এক বাস্তৱ সিদ্ধান্ত: অতুল বৰা

উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত সমাধান কৰা হ’ব অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.