ETV Bharat / state

সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতক যি প্ৰযুক্তিৰ প্ৰয়োজন ইয়াত চীনৰ কোনো অৱদান নাই : সুজান আৰ চিনয় - Sujan R Chinoy

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 9:01 PM IST

Sujan R Chinoy on China : যোৱা কিছু বছৰত অভূতপূৰ্ব সামৰিক আধুনিকীকৰণৰ ক্ষেত্ৰত আগবাঢ়িছে দেশ । ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত এক আলোচনা চক্ৰত উপস্থিত থাকি এই মন্তব্য কৰে মনোহৰ পৰিকাৰ ইনষ্টিটিউট অৱ ডিফেঞ্চ ষ্টাডিছ আৰু বিশ্লেষণৰ সঞ্চালক সুজান আৰ চিনয়ে ৷

Sujan R Chinoy on China
সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতক যি প্ৰযুক্তিৰ প্ৰয়োজন ইয়াত চীনৰ কোনো অৱদান নাই : সুজান আৰ চিনয় (ETV Bharat)

তেজপুৰ, ২৩ আগষ্ট : "বিগত সময়ছোৱাত ভাৰতৰ বৈদেশিক নীতিৰ যথেষ্ট পৰিৱৰ্তন হৈছে । বিশেষকৈ ২০১৪ চনৰ পিছত যোৱা কিছু বছৰত অভূতপূৰ্ব সামৰিক আধুনিকীকৰণো দেশখনত দেখা গৈছে । গতিকে এই পৰিস্থিতিত চীনৰ পৰা কোনো ধৰণৰ ভাবুকি দেখা পোৱা নাই । ভাৰতবৰ্ষ প্ৰতিৰক্ষা ক্ষেত্ৰত বৰ্তমান ‘‘আত্মনির্ভৰ ভাৰত’’ৰ যোগেদি আগবাঢ়ি গৈছে । লগতে কোনো ধৰণৰ যুদ্ধই এখন দেশৰ উন্নয়ন সাধন কৰিব নোৱাৰে ৷" এই মন্তব্য কৰে সুজান আৰ চিনয়ে ।

উল্লেখ্য যে, শুক্ৰবাৰে ভাৰতীয় সেনাৰ তেজপুৰ গজৰাজ কৰ্পছৰ উদ্যোগত আয়োজন কৰা হয় ‘‘গজৰাজ মন্থন’’ শীৰ্ষক এক আলোচনা চক্ৰ ৷ এই আলোচনাচক্ৰত উপস্থিত থাকে সুজান আৰ চিনয় ৷ সুজান আৰ চিনয় হৈছে মনোহৰ পৰিকাৰ ইনষ্টিটিউট অৱ ডিফেঞ্চ ষ্টাডিছ আৰু বিশ্লেষণৰ সঞ্চালক ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ লগত মত বিনিময়ো কৰে চিনয়ে ।

লগতে পঢ়ক : অসম-মিজোৰাম সীমা সমস্যাৰ সমাধান বিচাৰি আইজলত দুই ৰাজ্যৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক - ASSAM MIZORAM BODER CONFLICT

ই টিভি ভাৰত, অসমৰ প্ৰশ্ন সুজান আৰ চিনয়লৈ -

‘‘যোৱা কেইবছৰমানৰ পৰা ভাৰতৰ বৈদেশিক নীতিৰ যথেষ্ট পৰিৱৰ্তন হৈছে । বিশেষকৈ ২০১৪ চনৰ পিছত যোৱা কিছু বছৰত অভূতপূৰ্ব সামৰিক আধুনিকীকৰণো দেশখনত দেখা গৈছে । গতিকে এই পৰিস্থিতিত চীনৰ পৰা অহা ভাবুকি আমি কেনেকৈ প্ৰতিহত কৰিব পাৰো ?

  • সুজান আৰ চিনয়ৰ উত্তৰ -

‘‘সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষক যি প্ৰযুক্তিৰ প্ৰয়োজন ইয়াত চীনৰ কোনো অৱদান নাই । আধুনিক প্ৰযুক্তি দেশত দুটা পদ্ধতিৰে অৱলম্বন কৰিব লাগে ৷ প্ৰথম হৈছে আত্মনির্ভৰ ভাৰত । ইয়াৰ জৰিয়তে আধুনিক পদ্ধতিত নতুন নতুন কৌশল অন্তৰ্ভুক্ত কৰি গৱেষণাৰ মাধ্যমেৰে নিজৰ দেশত সামগ্ৰী তৈয়াৰ কৰিব লাগিব ৷ যাৰ বাবে বৃহৎ কোম্পানীৰ লগতে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি তাৰ সহায়ত নিজক আত্মনির্ভৰ কৰিব তুলিব লাগিব ।

দ্বিতীয়তে, যি সুবিধা বা পদ্ধতি আমাৰ মাজত উপলব্ধ নহয় সেয়া আমি সহযোগী দেশ অৰ্থাৎ মিত্ৰতা থকা দেশৰ পৰা ল’ব পাৰো । ইয়াৰ বাবে আমেৰিকা, জাপান, ফ্ৰান্স আৰু জাৰ্মানীৰ দৰে দেশৰ পৰা প্ৰয়োজনীয় বস্তু আহৰণ কৰিব পাৰো । কিন্তু ই অকল কিনা আৰু বেচাৰ সম্বন্ধ হ’ব নালাগে ৷ আমি আমাৰ সহযোগিতা থকা দেশৰ পৰা আধুনিক পদ্ধতিৰ কৌশল ল’ব লাগে ৷ যাতে এইসমূহৰে আমি আত্মনির্ভৰ ভাৰত গঢ়িব পাৰো ৷ পৰস্পৰে পৰস্পৰৰ মাজত আদান প্ৰদানৰ মাধ্যমৰে আত্মনির্ভৰ ভাৰতত আগবাঢ়ি যাব লাগিব ৷’’

‘‘এইক্ষেত্ৰত অন্য আৰু দেশৰ লগতো সম্পৰ্ক মধুৰ কৰিব লাগিব । যিহেতু চীনৰ লগত সহযোগিতা ডিকাপলিঙৰ পৰিৱৰ্তে ডি-ৰিস্কিংহে কৰিব লাগে ৷ ডি-ৰিস্কিঙৰ জৰিয়তে সম্ভাব্য ব্যাঘাতৰ সন্মুখীন হোৱাটো হ্ৰাস কৰাৰ ব্যৱস্থা ৰূপায়ণ কৰিব পাৰি ।’’ তেওঁ কয় ৷

লগতে পঢ়ক : আইজলত মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাক সাক্ষাৎ মন্ত্ৰী অতুল বৰাৰ - ASSAM MIZORAM BODER CONFLICT

  • ডিকাপলিং বা ডি-ৰিস্কিং কি ?

বিচ্ছিন্নতাই দুখন বা তাতকৈ অধিক অৰ্থনীতিৰ মাজৰ সম্পৰ্ক সম্পূৰ্ণৰূপে পৃথক কৰাটোক বুজায় । ইয়াৰ লগত জড়িত আছে বৰ্তমানৰ বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক ভাঙি পেলোৱা, যোগান শৃংখল বিচ্ছিন্ন কৰা আৰু অন্য ঠাইত নতুন অৰ্থনৈতিক অংশীদাৰিত্ব স্থাপন কৰা ।

আনহাতে, ডি-ৰিস্কিং হৈছে অধিক সুক্ষ্ম আৰু ক্ৰমান্বয়ে কৰা পদ্ধতি, যিয়ে কোনো বিশেষ দেশৰ সৈতে অৰ্থনৈতিক সংযোগৰ সৈতে জড়িত নিৰ্দিষ্ট বিপদসমূহ লাঘৱ কৰাত গুৰুত্ব আৰোপ কৰে । ইয়াৰ লগত যোগান শৃংখলৰ বৈচিত্ৰতা, সামগ্ৰী আৰু সেৱাৰ বিকল্প উৎস চিনাক্ত কৰা আৰু সম্ভাব্য ব্যাঘাতৰ সন্মুখীন হোৱাটো হ্ৰাস কৰাৰ ব্যৱস্থা ৰূপায়ণ কৰাটো জড়িত হৈ আছে ।

  • সীমান্তৰ আন্তঃগাঁথনি :

আৰ চিনয়ে আন এক প্ৰশ্নৰ উত্তৰত কয় যে দেশৰ সীমান্তত উন্নয়নমূলক কাম বিশেষকৈ সুৰংগ আদি নিৰ্মাণ হৈছে আৰু ই অধিক হাৰত উন্নয়ন কৰাটো প্ৰয়োজন আছে । বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ জৰিয়তে সীমান্তৰ বিপদ সংকুল পথসমূহৰ অধিক উন্নয়ন সম্ভৱ বুলিও তেওঁ কয় ৷

  • ৰাছিয়া-ইউক্ৰেইন যুদ্ধ :

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইউক্ৰেইন যাত্ৰাৰ বিষয়ে তেঁও কয় যে ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধৰে ভাৰতে নিজৰ পৰিচয় সমগ্ৰ বিশ্বতে দেখুৱাইছে যিটো হৈছে "Values Base Future" ৷ আমি অকল নিজৰ লাভৰ বাবেই কাম কৰা নাই ৷ আমি বেলেগৰ বাবেও কাম কৰিছো ৷ ইয়াৰ উদাহৰণ বিগত ক’ভিড মহামাৰী সময়ত, যি সময়ত কোনেও কাকো সহায় কৰা নাছিল প্ৰথমে ভাৰতে বসুদেৱ কুটুম্বকম নীতিৰে সহায় আগবঢ়াইছিল ।

আগন্তুক সময়ত ভাৰতে সাংস্কৃতিক নীতি যেনে সত্য, অহিংসা অন্য দেশৰ লগত আদান প্ৰদান কৰিব ৷ সেইবাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্টকৈ কৈছে - এই সময় যুদ্ধৰ নহয়, যাৰ ফলত দেশৰ উন্নয়নৰ বাবে নিয়োজিত হব পাৰে ৷ কিন্তু ই তেতিয়াহে সম্ভৱ যেতিয়া এক শান্তিপূৰ্ণ বাতাবৰণ হ’ব বুলি চিনয়ে মন্তব্য কৰে ।

লগতে পঢ়ক : অসম-মিজোৰাম সীমা সমস্যাৰ সমাধানত গুৰুত্ব দুয়োখন চৰকাৰৰ: মন্ত্রী অতুল বৰা - Assam Mizoram border issue

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.