ETV Bharat / state

আৰ্তজনৰ বন্ধু: নিঃস্বাৰ্থ সেৱাৰে অনেকজনৰ সপোন সঁচা কৰা এজন ব্যক্তি - unsung hero

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 7:02 PM IST

Mahabir Prasad Agarwal: বহুতৰে দুচকুৰ সপোনক সঁচা ৰূপ দিয়া এজন ব্যক্তি ৷ নিঃস্বাৰ্থভাৱে যি ভিন্নজনক আগবঢ়াই আহিছে সহায়ৰ হাত ৷ প্ৰচাৰ বিমুখ এই মানুহজনৰ বাবেই নিজৰ ইচ্ছানুসাৰে শিক্ষা গ্ৰহণ কৰি সফলতাৰ জখলা বগাব পাৰিছে বহু মেধাৱী শিক্ষাৰ্থীয়ে ৷ আহকচোন চিনাকী হওঁ তেওঁৰ সৈতে...

Mahabir Prasad Agarwal
আৰ্তজনৰ বন্ধু (ETV Bharat Assam)

গোলাঘাট, 29 আগষ্ট: আৰ্তজনৰ জীৱনলৈ নামি অহা বিপদৰ উমান পালেই সাহস হৈ থিয় দিয়ে তেওঁ । বিগত কোভিড মহামাৰীৰ সময়ত প্ৰবাসত থকা বোকাখাতৰ লগতে অসমৰ আন ঠাইৰ যুৱক-যুৱতীক সকলকো সহায় কৰিছিল তেখেতে । এগৰাকী মানৱ দৰদী ব্যক্তি তেওঁ, বহু ছাত্ৰী-ছাত্ৰীয়ে নিজৰ সপোনৰ শিখৰত উপনিত হৈ স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে তেওঁৰ সহায়তেই ৷ বহু দৰিদ্ৰ অভিভাৱকৰ পুত্ৰ-কন্যাৰ সপোনবোৰ পূৰণ কৰিবলৈ সক্ষম হৈছে তেওঁ ৷ বহু পৰিয়ালৰ সপোনে সাকাৰ ৰূপ লোৱাৰ আঁৰৰ ব্যক্তি এইজন ৷ তেওঁ হৈছে বোকাখাতৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালা ৷

নিঃস্বাৰ্থ সেৱাৰে অনেকজনৰ সপোন সঁচা কৰা এজন ব্যক্তি (ETV Bharat)

বহু আৰ্তজনক সহায়ৰ হাত আগবঢ়োৱা এইজন মহাবীৰ প্ৰসাদ আগৰৱালাই দেশ তথা ৰাজ্যৰ বহু ঠাইত বৰ্তমানলৈকে বহু মেধাৱী ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াই সংস্থাপন দিয়াইছে ৷ প্ৰচাৰবিমুখ ভাৱেই আগৰৱালাই বহু পৰিয়ালৰ সংস্থাপনৰ বাবে কাম কৰি আহিছে ৷ বিশেষভাৱে শিক্ষাৰ ক্ষেত্ৰত মেধাৱী শিক্ষাৰ্থীক কেতিয়াবা এককালীনভাৱে , কেতিয়াবা সংস্থাপন নোহোৱা পৰ্যন্ত সহায় কৰি মানৱ সম্পদ গঢ় দিয়াত নিৰন্তৰ অৰিহণা যোগাই আহিছে ৷

দেৰগাঁৱৰ মেধাৱী ছাত্ৰী প্ৰিয়া নাথকো এইদৰেই শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত সহায় আগবঢ়াইছিল আগৱালাই ৷ মহাবীৰ প্ৰসাদ আগৰৱালাৰ তত্বাৱধানতে বৰপেটাৰ ফখৰুদ্দিন আলি আহেমেদ মেডিকেল কলেজৰ পৰা MBBS পাছ কৰে প্ৰিয়া নাথে ৷ বৃহস্পতিবাৰে মহাবীৰ প্ৰসাদ আগৰৱালাক কৃতজ্ঞতা জনাবলৈ তেওঁৰ ঘৰত উপস্থিত হয় প্ৰিয়া নাথ ৷ দেৰগাঁৱৰ নিবাসী বৈকুণ্ঠ নাথ আৰু বাবলি নাথৰ কন্যা প্ৰিয়া নাথে পিতৃ-মাতৃ আৰু ভগ্নীসহিতে আহি মহাবীৰ প্ৰসাদ আগৰৱালাক ভাল খবৰটো দিয়াৰ লগতে ধন্যবাদ জ্ঞাপন কৰে ।

মেধাৱী ছাত্ৰীগৰাকীৰ পিতৃ বৈকুণ্ঠ নাথ পেছাত গাড়ী চালক ৷ ৬ টা বছৰ প্ৰিয়া নাথৰ সম্পূৰ্ণ পঢ়াৰ দায়িত্ব লৈছিল মহাবীৰ প্ৰসাদ আগৰৱালাই ৷ সেয়ে এই ভাল খবৰটো দিয়াৰ উপৰি কৃতজ্ঞতা জনাবলৈ আগৰৱালাৰ ঘৰত উপস্থিত হয় প্ৰিয়া নাথ ৷

সংবাদ মাধ্যমৰ আগত প্ৰিয়াই কয়, ‘‘প্ৰথম অৱস্থাত মই উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৪ নম্বৰৰ বাবে স্থান পোৱা নাছিলো । কিন্তু মোৰ চিকিৎসা বিজ্ঞান পঢ়াৰ প্ৰতি আগ্ৰহ আছিল ৷ যাৰ বাবে অতি কষ্টৰ মাজেৰে মই যাৱতীয় পৰীক্ষা দিলো যদিও আমাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা একেবাৰে দুৰ্বল আছিল ৷ সেই সময়ৰ পৰা আজিলৈকে তেখেতে মোৰ চিকিৎসা মহাবিদ্যালয়ত পঢ়ি থাকোতে যিমান যি লাগিছিল সকলো দিশতে সহায় সহযোগ আগবঢ়াই আহিছে । অকল টকা পইচা নহয়, মোক মানসিকভাৱেও সহায় কৰি আহিছে । ভগৱানৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ’লো যে মই ইমান ভাল মানুহ এজনক লগ পাইছো । ইতিমধ্যে মই MBBS সম্পূৰ্ণ কৰিলো, এতিয়া পিছৰ পৰ্যায়ৰ শিক্ষাসমূহ গ্ৰহণ কৰিব লাগিব ।’’

সমাজকৰ্মী মহাবীৰ আগৰৱালাই কয়, ‘‘প্ৰতিবছৰে মই ৪, ৫ জন ছাত্ৰ-ছাত্ৰীক পঢ়া-শুনাৰ ক্ষেত্ৰত সহায় কৰি আহিছো ৷ ইয়াৰ দ্বাৰা যাতে সেই ছাত্ৰ-ছাত্ৰীসকলে কিবা এটা কৰি নিজে চলি থাকিব পাৰে । ঠিক তেনেদৰে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ৰাজু ফুকনে মোৰ ঘৰলৈ আহি দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰী প্ৰিয়া নাথক পঢ়া-শুনাৰ ক্ষেত্ৰত সহায় কৰিবলৈ অনুৰোধ জনাইছিল আৰু সেই মৰ্মেই মই প্ৰিয়া নাথক পঢ়া-শুনাৰ ক্ষেত্ৰত সহায় কৰিছিলো ৷ ইয়াৰ উপৰিও এতিয়া এই মেধাৱী ছাত্ৰীগৰাকীৰ লগত মোৰ ঘৰুৱা সম্বন্ধ হৈ পৰিছে । আজি ইমান বছৰে প্ৰিয়াক মোৰ নিজৰ ছোৱালী বুলি অনুভৱ হয়, যাৰ বাবে ছাত্ৰীগৰাকীয়ে সৰু-ডাঙৰ সকলো সমস্যা হ’লেই মোক জনায় । আজি ছাত্ৰীগৰাকীৰ এই সাফল্যই মোক যথেষ্ট আনন্দিত কৰিছে আৰু আগলৈ সহায় সহযোগ কৰি যাম ।’’

লগতে পঢ়ক: দুহাতৰ কলাৰ যাদুৰে জীৱনৰ জয়গান গোৱা শিল্পীগৰাকী... - Nuruddin Ahmed durga puja statue

নিছা আৰু পেছা সমান্তৰালকৈ চলাই নিয়া মানুহজনে ক’লে- শিপাক কেতিয়াও পাহৰিব নাপায় - All about Dr Hitesh Baruah

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.