ETV Bharat / state

দুৰ্গা পূজা সমিতিয়ে দেখুৱালে সম্প্ৰীতিৰ নিদৰ্শন - DURGA PUJA IN CACHAR

Durga Puja 2024: এটা দুৰ্গা পূজাৰ মণ্ডপৰ মাইকত বাজিল ইছলামিক গান । জুম্মাৰ নামাজৰ সময়ত বন্ধ ৰখা হ'ল পূজাস্থলীৰ মাইক ।

A display of communal harmony was shown in a puja pandal at Katigara in Cachar
দুৰ্গা পূজা সমিতিয়ে দেখুৱালে সম্প্ৰীতিৰ নিদৰ্শন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 12, 2024, 2:29 PM IST

Updated : Oct 12, 2024, 2:51 PM IST

শিলচৰ,১২ অক্টোবৰ: যি সময়ত একাংশ ৰাজনৈতিক নেতাই ৰাজ্যখনত হিন্দু-মুছলমানৰ মাজত বিভেদৰ বিষবাস্প বিয়পাই ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা চলাইছে, ঠিক তেনে সময়ত কাছাৰৰ এখন দুৰ্গা পূজা সমিতিয়ে দাঙি ধৰিলে সম্প্ৰীতিৰ অনন্য নিৰ্দশন । অষ্টমীৰ সন্ধিয়া পূজা মণ্ডপৰ মাইকত বাজিল ইছলামিক গান । হয়, দুৰ্গা পূজাৰ মন্ত্ৰৰ লগতে পূজা মণ্ডপৰ মাইকত বাজিল পয়গম্বৰ হজৰত মহম্মদৰ জীৱনগাঁথা ।

কাছাৰৰ কাটিগড়া কালীবাৰী সাৰ্ব্বজনীন দুৰ্গা পূজা কমিটিৰ মণ্ডপত দেখা গ'ল এই দৃশ্য । অষ্টমীৰ সন্ধিয়া পূজা সমিতিখনে দাঙি ধৰিলে সম্প্ৰীতিৰ এক অপূৰ্ব নিদৰ্শন । সন্ধিয়াৰ ভাগত কাটিগড়া কালীবাৰী দুৰ্গাপূজা সমিতিৰ আয়োজিত পূজাস্থলীৰ মাইকত হঠাৎ শুনা গ’ল বাংলা ভাষাৰ এক বিখ্যাত ইছলামিক গান “দে দে পাল তুলে, দে মাঝি হেলা কৰিছ না, ছেড়ে দে নৌকা মাঝি যাব মদিনা ।”

দুৰ্গা পূজা সমিতিয়ে দেখুৱালে সম্প্ৰীতিৰ নিদৰ্শন (ETV Bharat Assam)

আনকি শুকুৰবাৰে জুম্মাৰ নামাজৰ সময়ত মণ্ডপৰ মাইক বন্ধ ৰাখে পূজা সমিতিয়ে । যাতে মণ্ডপৰ কাষতে থকা মছজিদত নিৰ্বিঘ্নে নামাজ আদায় কৰিব পাৰে ইছলামধৰ্মী লোকসকলে । দুৰ্গা পূজাৰ মণ্ডপৰ পৰা সাম্প্ৰতিক সম্প্ৰীতিৰ এনে অনন্য নিদৰ্শন দাঙি ধৰাৰ বাবে পূজা সমিতিক ধন্যবাদ জ্ঞাপন কৰে স্থানীয় ইছলামধৰ্মী লোকসকলে ।

এই সন্দৰ্ভত স্থানীয় লোকে কয়, "এইবাৰ বিগ বাজেটেৰে কাটিগড়া কালীবাৰী সাৰ্ব্বজনীন দুৰ্গা পূজা আয়োজন কৰা হৈছে । এইবাৰ এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে । জুম্মাৰ নামাজৰ সময়ত পূজাৰ মাইক সম্পূৰ্ণৰূপে বন্ধ ৰাখিছে । সাম্প্ৰদায়িক সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত এই পদক্ষেপ খুবেই প্ৰশংসনীয় ।"

লগতে পঢ়ক: একতাৰ অনন্য নিদৰ্শন; গুৰুজনাৰ আবিৰ্ভাৱ তিথিত ভিন্ন ধৰ্মী লোকৰ মুখেৰে নিগৰিত হ’ল বৰগীত

আজি বিজয়া দশমী, অশ্ৰুসিক্ত নয়নেৰে দেৱী দুৰ্গাক বিদায় দিবলৈ মণ্ডপে মণ্ডপে চলিছে প্ৰস্তুতি

Last Updated : Oct 12, 2024, 2:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.