নগাঁও,৩১ জানুৱাৰী: বুধবাৰে সামৰণি পৰিল শ্ৰীমন্ত শংকৰ মিশ্যনৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ । শ্ৰীমন্ত শংকৰ মিশ্যনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত । অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰসংগত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য, "মানৱসেৱাৰ্থে সমৰ্পিত উত্তৰ-পূৱ ভাৰতৰ অন্যতম অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যনে কেৱল অসমৰ নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ বাবে বিগত ৭৫ টা বছৰে সেৱা আগবঢ়াই আহিছে । লোকসেৱক হলধৰ ভূঞা,ডাঃ ললিত চন্দ্ৰ বৰুৱাকে প্ৰমুখ্যে বহু কেইগৰাকী বৰেণ্য ব্যক্তিৰ প্ৰচেষ্টাত গঢ়ি উঠা এই অনুষ্ঠানটোৱে আজি মহাৰজত জয়ন্তী বৰ্ষত ভৰি দিয়াত আমি গৌৰৱ অনুভৱ কৰিছোঁ ।'

বুধবাৰে নগাঁও চহৰৰ পানীগাঁও চাৰিআলিস্থিত শ্ৰীমন্ত শংকৰ মিশ্যনৰ চকু চিকিৎসালয়ৰ পুনৰ নিৰ্মাণ কৰা চকু অস্ত্ৰোপ্ৰচাৰ কক্ষটো মুকলি কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই লগতে কয় যে শ্ৰীমন্ত শঙ্কৰ মিশ্যনে চিকিৎসানুষ্ঠান, শিক্ষানুষ্ঠান আৰু সেৱা কেন্দ্ৰৰ জৰিয়তে ৰাজ্যখনলৈ উল্লেখযোগ্য অৰিহণা আগবঢ়াই আহিছে । ১৯৫০ চনত আত্মপ্ৰকাশ কৰা অগ্ৰণী অনুষ্ঠানটোৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি উদযাপন কৰা মানৱ কল্যাণ দিৱসৰ কাৰ্যসূচীত আজি উপস্থিত থাকি আনন্দ অনুভৱ কৰা বুলি উল্লেখ কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ।

বিগত সময়খিনিত তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ আন্তৰিকতাপূৰ্ণ সহযোগিতাৰ বাবেই এক্স-ৰে মেচিনকে আদি কৰি বিভিন্ন সা-সুবিধা ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে মিশ্যন লৈ আগবঢ়াইছিল । এই মহান অনুষ্ঠানটোৰ দ্বাৰা পৰিচালিত চকু চিকিৎসালয়খনক অধিক গতিশীল কৰাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ দৃষ্টি প্ৰদান কৰিব তেওঁ মন্তব্য আগবঢ়াই ।
মিশ্যনৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাই আঁত ধৰা আজিৰ দ্বাৰ মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাখনত স্বাস্থ্য মন্ত্ৰী মহন্তই নিজৰ ভাষণ প্ৰসংগত কয়, 'ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰা চকু চিকিৎসালয়ৰ অস্ত্ৰোপ্ৰচাৰ কক্ষটোৰ অত্যাধুনিক সা-সৰঞ্জাম তথা প্ৰযুক্তি কৌশল প্ৰদান কৰাৰ লগতে নিয়মীয়াকৈ চৰকাৰী চিকিৎসক নিযুক্তি দিয়া, এটা যোগ কেন্দ্ৰ স্থাপন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।"

উক্ত অনুষ্ঠানতে স্বাস্থ্য মন্ত্ৰী গৰাকীক মিশ্যনৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয় । ইয়াৰ পাছতে লোকসেৱক হলধৰ ভূঞা প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভা আৰু সম্বৰ্ধনা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা আৰু বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক সেৱাৰ বিষয়া থানেশ্বৰ মালাকাৰে ভাষণ প্ৰদান কৰে । সাৰুৱা ভাষণ প্ৰদান কৰি প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই শ্ৰীমন্ত শংকৰ মিশ্যনৰ তিনিমহীয়া বাৰ্তালোচনী "মিছন বাৰ্তা"ৰ চতুৰ্থ সংখ্যাটো আনুষ্ঠানিকভাৱে মুকলি কৰে ।
গাম্ভীৰ্যপূৰ্ণ উক্ত অনুষ্ঠানততে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা প্ৰাক্তন মন্ত্ৰী গুনীন হাজৰিকাক মিশ্যনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰ মিশ্যনৰ নগাঁও চহৰৰ পানীগাঁও চাৰিআলিস্থিত মুখ্য কাৰ্যালয় চৌহদত কালিৰে পৰা দুদিনীয়াকৈ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে মানৱ কল্যান দিৱস হিচাপে উদযাপন কৰিছে। এই দুদিনীয়া কাৰ্যসূচীৰ আজি সামৰণি পৰে ।
লগতে পঢ়ক: বাটৰ কুকুৰ, বিষাক্ত সাপ আৰু এজন কিশোৰৰ কাহিনীৰে...