ETV Bharat / state

অসম আৰক্ষীৰ হাতত আটক ৬ বাংলাদেশী অনুপ্ৰৱেশকাৰী : মুখ্যমন্ত্ৰী - BANGLADESHI INFILTRATORS HELD

৬ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰি চুবুৰীয়া দেশখনৰ কৰ্তৃপক্ষক হস্তান্তৰ কৰা বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে উল্লেখ কৰে ।

Bangladeshi infiltrators held
অসম আৰক্ষীৰ হাতত আটক ৬ বাংলাদেশী অনুপ্ৰৱেশকাৰী (X@HimantaBiswaSarma)
author img

By PTI

Published : Dec 7, 2024, 2:20 PM IST

গুৱাহাটী : মুখ্যমন্ত্ৰী মহন্ত বিশ্ব শৰ্মাই শনিবাৰে কয় যে দুগৰাকী মহিলাসহ ছয় বাংলাদেশী অনুপ্ৰৱেশকাৰীক অসম আৰক্ষীয়ে আটক কৰি চুবুৰীয়া দেশখনৰ কৰ্তৃপক্ষক গতাই দিছে ।

"অসম আৰক্ষীৰ এক সতৰ্কতামূলক পদক্ষেপত ৬ জন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আৰক্ষী জোৱানে আটক কৰি ঘূৰাই পঠোৱা হৈছে । আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত ৬ জন বাংলাদেশী নাগৰিকৰ সন্দেহজনক গতিবিধি অনুসৰণ কৰি তেওঁলোকক আটক কৰে ।" মুখ্যমন্ত্ৰীয়ে X পোষ্টত কয় ।

তেওঁ লগতে কয় যে আটক কৰা অনুপ্ৰৱেশকাৰীসকলক দিদাৰুল ইছলাম, শান্তু খান, ইছমিল হুছেইন ৰাহাত, চাকিব হুছেইন, শ্বাতি আখতাৰ আৰু মিম শ্বেখ বুলি চিনাক্ত কৰা হৈছে । "আটকাধীন আটাইকেইজনকে সীমান্তৰ সিপাৰলৈ ঘূৰাই পঠোৱা হৈছে ।" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় ।মুখ্যমন্ত্ৰীয়ে অৱশ্যে অনুপ্ৰৱেশকাৰীকেইজনক ভাৰত-বাংলাদেশ সীমান্তৰ কোন অঞ্চলত অনুপ্ৰৱেশত দিয়া হৈছিল সেয়া উল্লেখ কৰা নাই ।

উল্লেখ্য যে, চলিত বৰ্ষৰ আগষ্ট মাহত চুবুৰীয়া দেশখনত অস্থিৰতা সৃষ্টি হোৱাৰ পিচৰে পৰা দেশখনত অবৈধভাৱে প্ৰৱেশ কৰাৰ বাবে এতিয়ালৈকে প্ৰায় ১৬৭ জন লোকক আটক কৰা হৈছে আৰু বাংলাদেশলৈ ঘূৰাই পঠোৱা হৈছে । বাংলাদেশত উত্তেজনা আৰম্ভ হোৱাৰ পিচৰে পৰা বি এছ এফে উত্তৰ-পূৰ্বাঞ্চলৰ ১,৮৮৫ কিলোমিটাৰ দৈৰ্ঘৰ ভাৰত-বাংলাদেশ সীমান্তত নিৰীক্ষণ তীব্ৰতৰ কৰি তুলিছে ।

অসম আৰক্ষীয়েও ভাৰত-বাংলাদেশ সীমান্তত সতৰ্কতা বৃদ্ধি কৰিছে যাতে কোনো ব্যক্তিয়ে অবৈধভাৱে ৰাজ্যখনত প্ৰৱেশ কৰিব নোৱাৰে । আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে পূৰ্বে এই কথা উল্লেখ কৰিছিল ।

উল্লেখ্য যে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যাত ৰাজ্যখনে বছৰ বছৰ ধৰি ভুগি আহিছে । বিভিন্ন সময়ত সীমান্ত সুৰক্ষা বাহিনীৰ হাতত ভাৰত-বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশৰ চেষ্টা চলোৱা বাংলাদেশী নাগৰিকক আটক হৈ আহিছে । এই ক্ষেত্ৰত অসম আৰক্ষীয়েও সীমান্তৰ্ৱতী অঞ্চলবোৰত ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :হিন্দুৰ ওপৰত আক্ৰমণ বন্ধ নোহোৱালৈকে বৰাকৰ হোটেলত বাংলাদেশীৰ প্ৰৱেশ নিষেধ
লগতে পঢ়ক :ক'ত হেৰাল গুৱাহাটী সৌৰ নগৰী আঁচনি; ইয়াৰ লক্ষ্য কি আছিল ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.