ETV Bharat / state

ৰাজ্যত বানৰ প্ৰলয়: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৬ টা গঁড়সহ ১৩৭ টা বন্যপ্ৰাণীৰ মৃত্যু - Assam flood 2024

Flood in Kaziranga National Park: কিছু নিয়ন্ত্ৰণলৈ আহিছে ৰাজ্যৰ বান পৰিস্থিতি ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই উল্লেখ কৰা মতে, এই বানত বৰ্তমানলৈকে ১৩৭ টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে ৷ ইয়াৰে ভিতৰত ৬ টা গঁড়ো আছে ৷

author img

By ANI

Published : Jul 9, 2024, 8:34 AM IST

Flood in Kaziranga National Park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৬ টা গঁড়সহ ১৩৭ টা বন্যপ্ৰাণীৰ মৃত্যু (ETV Bharat Assam)

নিউজ ডেস্ক, ৯ জুলাই : কাজিৰঙাত মৃত্যুৰ কিৰীলি ৷ ৰাজ্যৰ বান পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও আজিও জলমগ্ন হৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বৰ্তমানেও পানীৰ তলতে আছে কাজিৰঙাৰ বহু কেইটা বন শিবিৰ এলেকা ৷

শেহতায়াকৈ লাভ কৰা তথ্য অনুসৰি, এই বিধ্বংসী বানত কাজিৰঙাত মুঠ ৬ টা গঁড়সহ ১৩৭ টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে ৷ এই তথ্য সংবাদ সংস্থা ANI ৰ আগত ব্যক্ত কৰিছে কাজিৰঙাৰ বিভাগীয় বিষয়াসকলে ৷ লগতে উদ্যান কৰ্তৃপক্ষই কয় যে বৰ্তমানলৈকে দুটা গঁড়ৰ পোৱালিকে ধৰি ৯৯ টা জীৱ-জন্তু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ লগতে দুটা হাতী পোৱালিও উদ্ধাৰ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

লগতে পঢ়ক : কাজিৰঙাত বান কমিলেও এতিয়াও পানীৰ তলত ৭১ টা বন শিবিৰ - ASSAM FLOOD 2024

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ পৰিচালক সোণালী ঘোষে কয় যে এই বানত ডুব গৈ ১০৪ টা সুগৰী পহু (Hog Deer), ৬ টা গঁড় আৰু ২ টা শৰপহুৰ (Sambar deer) মৃত্যু হৈছে ৷ আনহাতে এই বানৰ সময়চোৱাতে বাহনৰ খুন্দাত ২ টা সুগৰী পহুৰ মৃত্যু হয় ৷

আনকি এই সময়চোৱাতে এটা উদৰো (Otter/Pup) মৃত্যু হয় ৷ অৱশ্যে উদটোৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ পৰিচালক ঘোষে উল্লেখ কৰা মতে, এই পৰ্যন্ত উদ্ধাৰ হোৱা ২২ টা জীৱ-জন্তুৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছে ।

লগতে পঢ়ক : অপৰিৱৰ্তিত কাজিৰঙাৰ বান পৰিস্থিতি, কেবাটাও বন্যপ্ৰাণী উদ্ধাৰ - Assam Flood 2024

উদ্যান কৰ্তৃপক্ষই ANI ৰ আগত উল্লেখ কৰা অনুসৰি, উদ্যানখনৰ ২৩৩ টা শিবিৰৰ ভিতৰত ৭০ টা বন শিবিৰ এতিয়াও পানীৰ তলত আছে । তথ্য অনুসৰি, বানৰ ফলত সোমবাৰে অসমত আৰু ছজন লোকৰ মৃত্যু হৈছে ৷ যাৰ ফলত ৮ জুলাইলৈকে বানত মৃত্যুৰ সংখ্যা মুঠ ৭২ লৈ বৃদ্ধি পাইছে ৷ ৰাজ্যৰ ২৮ খন জিলাৰ ২৭.৭৪ লাখৰো অধিক লোক এতিয়াও বানৰ ফলত ক্ষতিগ্ৰস্ত হৈ আছে ।

এতিয়াও বানত ডুব গৈ থকা জিলাকেইখন হ’ল- গোৱালপাৰা, নগাঁও, নলবাৰী, কামৰূপ, মৰিগাঁও, ডিব্ৰুগড়, শোণিতপুৰ, লখিমপুৰ, দক্ষিণ শালমাৰা, ধুবুৰী, যোৰহাট, চৰাইদেউ, হোজাই, কৰিমগঞ্জ, শিৱসাগৰ, বঙাইগাঁও, বৰপেটা, ধেমাজি, হাইলাকান্দি, গোলাঘাট, দৰং, বিশ্বনাথ, কাছাৰ, কামৰূপ (মেট্ৰ’), তিনিচুকীয়া, কাৰ্বি আংলং, চিৰাং, কাৰ্বি আংলং পশ্চিম, মাজুলী ।

লগতে পঢ়ক : কাজিৰঙাত বানৰ সংহাৰ: বানত মৃত্যু ছটা গঁড়সহ ১২০ টা বন্যপ্ৰাণীৰ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.