ETV Bharat / state

প্ৰতিমা বিসৰ্জনৰ সময়ত দুৰ্ঘটনা: জি এম চি এইছত চিকিৎসাধীন ১২০ জন

গুৱাহাটীৰ বাহিৰত ৬১ জন লোক আৰু গুৱাহাটীৰ ভিতৰত ৫৯ জন লোক দুৰ্ঘটনাত পতিত হৈ জি এম চি এইছত চিকিৎসাধীন ।

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 4:25 PM IST

ROAD ACCIDENT IN GUWAHATI
দুৰ্গা বিসৰ্জনৰ সময়ত দুৰ্ঘটনা (ETV Bharat Assam)

গুৱাহাটী, ১৪ অক্টোবৰ: দুৰ্গা পূজাৰ বিসৰ্জনৰ দুদিনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১২০ জন লোক দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ আছে । বিসৰ্জনৰ মাজতে গুৱাহাটী মহানগৰীত ৫৯ জন লোক দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হোৱাৰ বিপৰীতে ইয়াৰ সমীপৱৰ্তী অঞ্চলত ৬১ জন লোক দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈছিল । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধীক্ষক অভিজিত শৰ্মাই এই কথা সদৰী কৰে ৷

জি এম চি এইচৰ অধীক্ষক অভিজিত শৰ্মাই কয়, "১২ অক্টোবৰৰ পুৱা ৮ বজাৰ পৰা ১৪ অক্টোবৰ পুৱা ৮ বজালৈ ৪৮ ঘন্টাত ১২০ জন লোক দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈছিল । ইয়াৰ ভিতৰত গুৱাহাটীৰ বাহিৰৰ ৬১ জন লোক দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈছিল আৰু গুৱাহাটীৰ ভিতৰত ৫৯ জন লোক দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈছিল ।"

প্ৰতিমা বিসৰ্জনৰ সময়ত দুৰ্ঘটনা: জি এম চি এইছত চিকিৎসাধীন ১২০ জন (ETV Bharat Assam)

লগতে পঢ়ক: পূজাৰ আনন্দ-উল্লাসৰ মাজতে দেৰগাঁৱত পথ দুৰ্ঘটনাত নিহত দুজন

অধীক্ষক অভিজিত শৰ্মাই লগতে কয়, "এই পৰ্যন্ত চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ২৪ জন লোক চিকিৎসাধীন হৈ আছে । ইয়াৰ ভিতৰত ১১২ জন পুৰুষ আৰু ৮ গৰাকী মহিলা । ২০-৪০ বয়সৰ ভিতৰত ৮১ গৰাকী লোক দুৰ্ঘটনাত পতিত হৈছে । আনহাতে এজন লোকৰ মৃত্যু হৈছে ৷ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে তেওঁৰ মৃত্য়ুৰ কাৰণ জানিব পৰা হ’ব ৷"

অধীক্ষক শৰ্মাই উল্লেখ কৰা মতে, সুৰাসক্ত অৱস্থাত দুৰ্ঘটনাত পতিত হোৱা ঘটনা একেবাৰেই নগন্য ৷ যান-জঁটৰ সমস্যাৰ বাবেহে অধিকাংশ দুৰ্ঘটনা সংঘটিত হৈছে ৷ তেওঁ লগতে কয়, "বিগত বৰ্ষৰ তুলনাত এইবাৰ দুৰ্ঘটনাৰ সংখ্যা বহু হ্ৰাস পাইছে ৷ সজাগতা অভিযানে কামত দিছে ৷" উল্লেখ্য যে, দুৰ্গা পূজাৰ সময়ত মহানগৰীত যান-জঁটৰ সমস্যা তথা দুৰ্ঘটনাৰ ঘটনা ৰোধ কৰাৰ বাবে পৰিবহণ বিভাগে ৰাজপথত নামি সজাগতা অভিযান অব্যাহত ৰাখিছিল ৷

লগতে পঢ়ক: দুৰ্ঘটনামুক্ত দুৰ্গোৎসৱ উদযাপনৰ লক্ষ্যৰে আৰম্ভ ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.