ETV Bharat / sports

পেৰিছৰ পৰা জুলানালৈ প্ৰত্যাহ্বানপূৰ্ণ যাত্ৰাৰ সাক্ষী বিনেশ ফোগাট

Wrestler Vinesh phogat Election: পেৰিছত অযোগ্য ঘোষিত হ’লেও দেশৰ কন্যাক আদৰিলে হাৰিয়ানাৰ জুলানাবাসীয়ে ৷ জুলানাৰ সাংসদৰূপে নিৰ্বাচিত হৈছে প্ৰাক্তন মল্লযোদ্ধা বিনেশ ফোগাট ৷

author img

By ETV Bharat Sports Team

Published : 3 hours ago

VINESH PHOGAT
বিনেশ ফোগাট (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 8 অক্টোবৰ: মল্লযুঁজৰ মঞ্চ ত্যাগ কৰি ৰাজনীতিত যোগদান কৰা প্ৰাক্তন মল্লযোদ্ধা বিনেশ ফোগাটে মঙলবাৰে ঘোষিত হাৰিয়ানা বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছে । সক্ৰিয় ৰাজনীতিত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰাৰ পাছত ফোগাটৰ এয়া প্ৰথমটো সফলতা ।

বিনেশ ফোগাটে হাৰিয়ানাৰ জুলানাবাসী ৰাইজৰ পৰা 5,961 টা ভোট লাভ কৰি সমষ্টিটোৰ সাংসদৰূপে নিৰ্বাচিত হয় । পেৰিছ অলিম্পিকত স্বৰ্ণপদক অৰ্জনৰ দৌৰৰ পৰা অযোগ্য ঘোষিত হোৱাৰ পিছতে বিনেশ ফোগাটে মল্লযুঁজৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ।

পৰৱৰ্তী সময়ত খেলুৱৈগৰাকীয়ে নতুন দিল্লীত সতীৰ্থ বজৰং পুনিয়াৰ সৈতে শীৰ্ষ কংগ্ৰেছ নেতৃত্বৰ উপস্থিতিত দলটোত যোগদান কৰে ৷ হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে তেওঁক জুলানা সমষ্টিৰ পৰা টিকট প্ৰদান কৰে ৷ মঙলবাৰে ঘোষিত ফলাফলত বিনেশ ফোগাট সাংসদৰূপে নিৰ্বাচিত হোৱাটো নিশ্চিত হৈ পৰে ৷

জন্তৰ-মন্তৰত বহিছিল প্ৰতিবাদত

পূৰ্বে বিনেশে যন্তৰ-মন্তৰত হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ পৰাই আছিল চৰ্চাত ৷ তেওঁ ডব্লিউ এফ আইৰ প্ৰাক্তন সভাপতি ব্ৰীজভূষণ সিঙৰ বিৰুদ্ধে মহিলা খেলুৱৈসকলৰ ওপৰত চলা যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল । যন্তৰ-মন্তৰত দীৰ্ঘদিনে চলা এই প্ৰতিবাদৰ বিষয়টোৱে দেশত যথেষ্ট চৰ্চা লাভ কৰিছিল ।

53 ৰ পৰা 50 কিল’গ্ৰাম শাখাত বিনেশে কৰিছিল প্ৰতিদ্বন্দ্বিতা

পৰৱৰ্তী সময়ত বিনেশ ফোগাটে পেৰিছ অলিম্পিকৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে ৷ 53 কিলোগ্ৰাম শাখাত যুঁজ দিয়া বিনেশে 50 কিল’গ্ৰাম শাখাত হাৰ মানি যুঁজ নিদিয়াৰ সিদ্ধান্ত লয় । পৰৱৰ্তী সময়ত ফাইনেল মেচৰ পূৰ্বে শৰীৰৰ 100 গ্ৰাম বৰ্ধিত ওজনৰ বাবে বিনেশক অযোগ্য ঘোষণা কৰা হৈছিল ৷

অযোগ্য ঘোষণা হোৱাৰ পিছত ভাৰতীয় অলিম্পিক সংস্থাই বিনেশ ফোগাটক চি এ এছত যুটীয়া পদক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিল । অৱশ্যে শুনানিৰ পিছত মল্লযোদ্ধাগৰাকীৰ আবেদন আদালতে নাকচ কৰে । চি এ এছে আবেদন নাকচ কৰাৰ লগে লগে বিনেশ ফোগাটৰ অলিম্পিকত পদক জয়ৰ সপোনো আধৰুৱা হৈ ৰয় ।

পদক জয়ৰ সপোন হৈ ৰ’ল আধৰুৱা

বিনেশ ফোগাটে ছেমি ফাইনেলত জয়লাভ কৰাৰ লগে লগে নিশ্চিত হৈছিল ৰূপৰ পদক ৷ যাৰ বাবে সমগ্ৰ দেশে এই বিজয় উদযাপন কৰে ৷ কিন্তু আকস্মিকভাৱে সংঘটিত এক ঘটনাই হতবাক কৰি তোলে দেশবাসীক ৷

স্বৰ্ণপদক অৰ্জনৰ দৌৰৰ পৰা বঞ্চিত হৈছিল বিনেশ ফোগাট ৷ এই ঘটনাটোত খেলুৱৈগৰাকীয়ে অকল মানসিকভাৱে ভাগি পৰাই নহয়, বৰং সমগ্ৰ দেশ স্তব্ধ হৈছিল এই খবৰ শুনি ৷ বিনেশ ইমানেই ভাগি পৰিছিল যে পেৰিছৰ পৰাই মল্লযুদ্ধৰ পৰা অৱসৰ ঘোষণা কৰিছিল ।

ভাৰতত বিপুল আদৰণি

চি এ এছৰ সিদ্ধান্তৰ পিছতে ভাৰতলৈ উভতি আহে বিনেশ ফোগাট ৷ পদক নাপালেও ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰাই তেওঁৰ ঘৰলৈ উষ্ম আদৰণি লাভ কৰে খেলুৱৈগৰাকীয়ে ৷ দিল্লী বিমানবন্দৰৰ পৰা প্ৰায় 7 ঘণ্টাৰ মূৰতহে বাসগৃহত উপস্থিত হৈছিল বিনেশ ৷ তাৰমাজতে খেলুৱৈগৰাকীৰ জন্মদিনত খাপ পঞ্চায়তে প্ৰদান কৰিছিল স্বৰ্ণপদক ৷

হাৰিয়ানাৰ জনতাই কৰিলে নিৰ্বাচিত

বিনেশৰ জনপ্ৰিয়তাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছে তেওঁক জুলানা সমষ্টিৰ পৰা টিকট দিয়াৰ সিদ্ধান্ত লয় । ভাৰতলৈ উভতি অহাৰ পিছতে বিনেশে যোগদান কৰিছিল কংগ্ৰেছত ৷ তাৰপিছৰে পৰা তেওঁ হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ কামত ব্যস্ত হৈ পৰে ৷

কঠোৰ পৰিশ্ৰম কৰি বিনেশে সমষ্টিত চলাইছিল প্ৰচাৰ অভিযান । পেৰিছ অলিম্পিক 2024 ত অযোগ্য ঘোষিত বিনেশক হাৰিয়ানাৰ জুলানাবাসীয়ে নিৰ্বাচিত কৰি ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰদান কৰিলে নতুন পৰিচয় ৷

লগতে পঢ়ক: বিনেশ ফোগাটৰ নতুন ইনিংছ; জুলানা সমষ্টিৰ পৰা জয়লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.