ETV Bharat / sports

পদকবৰ্জিত হৈও ব্ৰেণ্ড ভেল্যু চাৰিগুণলৈ বাঢ়িল বিনেশ ফোগাটৰ - VINESH PHOGAT BRAND VALUE

author img

By ETV Bharat Sports Team

Published : Aug 21, 2024, 6:57 PM IST

Vinesh Phogat: পদক নাপালেও ঘৰৰ মাটিত ৰজাৰ দৰে সন্মান লাভ বিনেশ ফোগাটৰ ৷ বিশেষকৈ পেৰিছ অলিম্পিকৰ পৰা ঘৰলৈ ঘূৰি অহাৰ পিছতে একপ্ৰকাৰ ৰাজকীয় সন্মান যঁচা হৈছে মহিলা মল্লযোদ্ধাগৰাকীক ৷ কেৱল এয়াই নে ? পূৰ্বৰ তুলনাত বৃদ্ধি পালে বিনেশৰ ব্ৰেণ্ড ভেল্যু ৷ কিন্তু কিমানগুণ বৃদ্ধি পালে এই মূল্য, জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

VINESH PHOGAT BRAND VALUE
বিনেশ ফোগাট (File photo(AP))

স্প’ৰ্টছ ডেস্ক, 21 আগষ্ট: ভাৰতৰ মহিলা মল্লযোদ্ধা বিনেশ ফোগাটে ফাইনেলৰ পূৰ্বে সন্মুখীন হ’বলগা হৈছিল অনাকাংক্ষিত পৰিস্থিতিৰ, যিটো খেলুৱৈগৰাকীয়ে কেতিয়াও কল্পনা কৰা নাছিল । যি কথা সম্প্ৰতি সমগ্ৰ দেশবাসীৰে পৰিচিত ৷ পৰৱৰ্তী সময়ত ক্ৰীড়াৰ বাবে মধ্যস্থতা আদালতত আবেদন কৰিও পদক লাভৰ যাত্ৰা সফল কৰি তুলিব নোৱাৰিলে ফোগাটে ৷

কিন্তু বিনেশে পদক লাভ কৰিব নোৱাৰিলেও এই ঘটনাৰ পিছত দেশত পোৱা সহানুভূতি আৰু মৰম খেলুৱৈগৰাকীয়ে কেতিয়াও পাহৰিব নোৱাৰে । ভাৰতত উপস্থিত হোৱাৰ পিছত বিমানবন্দৰৰ পৰা ঘৰলৈ অহাৰ পথত বিনেশক জনোৱা হৈছিল এক বিশাল আদৰণি । হাজাৰ হাজাৰ জনতা তথা সমৰ্থকে খেলুৱৈগৰাকীক যাত্ৰাপথত ঠায়ে ঠায়ে ফুলৰ মালা পিন্ধাই সন্মান জনাইছিল ।

বিনেশে অভূতপূৰ্ব সন্মান লাভ কৰাৰ সমান্তৰালকৈ খেলুৱৈগৰাকীৰ বৃদ্ধি হৈছে ব্ৰেণ্ড ভেল্যু ৷ বিনেশে পেৰিছ অলিম্পিকত আনুষ্ঠানিকভাৱে কোনো পদক লাভ কৰা নাছিল যদিও খেলুৱৈগৰাকীৰ প্ৰদৰ্শনে বিজ্ঞাপনৰ বজাৰত ব্ৰেণ্ড এম্বেচেডৰ হিচাপে চাহিদা বৃদ্ধি কৰাত সহায় কৰে ।

ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি, পেৰিছ অলিম্পিকৰ পূৰ্বে বিজ্ঞাপনৰ বাবে লোৱা মাচুলৰ তুলনাত বিনেশৰ এণ্ডোৰ্চমেণ্ট চুক্তিৰ মাচুল তেওঁৰ বৰ্ধিত ব্ৰেণ্ড ভেল্যুৰ বাবে যথেষ্ট বৃদ্ধি পাইছে ।

এক প্ৰতিবেদন অনুসৰি, 2024 চনৰ অলিম্পিকৰ পূৰ্বে প্ৰতিটো এণ্ডোৰ্চমেণ্ট চুক্তিৰ বাবে প্ৰায় 25 লাখ টকা লোৱা বিনেশে এতিয়া যিকোনো ব্ৰেণ্ডৰ পৰা মাচুল হিচাপে দাবী কৰে প্ৰায় 75 লাখৰ পৰা আৰম্ভ কৰি এক কোটি পৰ্যন্ত টকা ৷

কেৱল বিনেশেই নহয়, মনু ভাকৰ আৰু নীৰজ চোপ্ৰাৰো বৃদ্ধি পাইছে ব্ৰেণ্ড ভেল্যু ৷ যদিও মনু ভাকৰে পেৰিছ গেমছত দুটা ব্ৰঞ্জৰ পদক জিকিছিল, নীৰজ আছিল ৰূপৰ পদক লৈ ঘৰলৈ উভতি অহা একমাত্ৰ খেলুৱৈ । নীৰজৰ ব্ৰেণ্ড ভেল্যু 30-40% বৃদ্ধি হৈ 40 নিযুত আমেৰিকান ডলাৰ বা 330 কোটি টকাত উপনীত হৈছে ।

মনুৰ ব্ৰেণ্ডভেল্যু বৃদ্ধি পাইছে 6 গুণ পৰ্যন্ত । এটা বিজ্ঞাপনৰ বাবে প্ৰায় 25 লাখ টকা লৈছে ভাকৰে । শ্বুটাৰগৰাকীৰ অলিম্পিক প্ৰদৰ্শনৰ বাবেই এই মূল্য বৃদ্ধি পাইছে 6 গুণ পৰ্যন্ত ৷

লগতে পঢ়ক: টেষ্ট ক্ৰিকেটত সৰ্বাধিক ছয় সংগ্ৰহকাৰী শীৰ্ষ 5 উইকেটকীপাৰ বেটছেমেন: তালিকাত কোন ভাৰতীয় ? - MOST SIXES BY WICKET KEEPER BATTER

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.