ETV Bharat / sports

উইম্বলডনৰ পৰা বাহিৰ হ’ল ভাৰতীয়-অষ্ট্ৰেলিয়ান যুটি ৰোহন বোপান্না আৰু মেথিউ এবডেন - WIMBLEDON 2024

Wimbledon 2024 : শনিবাৰে উইম্বলডনৰ দ্বিতীয় ৰাউণ্ডৰ পৰা বাহিৰ হ’ল ভাৰতীয়-অষ্ট্ৰেলিয়ান যুটি ৰোহন বোপান্না আৰু মেথিউ এবডেন। জাৰ্মানীৰ হেণ্ড্ৰিক জেবেন্স আৰু কনষ্টেণ্টিন ফ্ৰেণ্টজেনৰ বিৰুদ্ধে ৩-৬, ৬-৭ (৪-৭) ব্যৱধানত পৰাজয়ৰ সন্মুখীন হয় যুটিটো। পঢ়ক সম্পূৰ্ণ খবৰ...

author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 8:44 PM IST

Wimbledon 2024
উইম্বলডনৰ পৰা বাহিৰ হ’ল ৰোহন বোপান্না আৰু মেথিউ এবডেন ((Source: AITA))

স্পৰ্টছ ডেস্ক, 7 জুলাই : ভাৰতীয় তাৰকা টেনিছ খেলুৱৈ ৰোহন বোপান্না আৰু তেওঁৰ অষ্ট্ৰেলিয়ান সহযোগী মেথিউ এবডেনে শনিবাৰে দ্বিতীয় ৰাউণ্ডৰ মেচত পৰাস্ত হোৱাৰ পিচত উইম্বলডন 2024ৰ পৰা বাহিৰ হয় ৷ ভাৰতীয়-অষ্ট্ৰেলিয়ান যুটি বোপান্না-এবডেনৰ যুটিটোৱে জাৰ্মানীৰ হেন্দ্ৰিক জেবেন্স আৰু কনষ্টেণ্টিন ফ্ৰেণ্টজেনৰ বিৰুদ্ধে 6-3, 7-6 (7-4) ব্যৱধানত পৰাস্ত হয় ৷ এই খেলখন 1 ঘণ্টা 18 মিনিট ধৰি চলিছিল ৷ বোপান্না আৰু এবডেনে আৰম্ভণি পৰ্যায়ত খেলখন নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয় আৰু তেওঁলোকৰ বিপক্ষ জেবেন্স আৰু ফ্ৰেণ্টজেনক যুঁজ অবিহনে 4-1 ৰ অগ্ৰগতি প্ৰদান কৰে ৷

অৱশ্যে বর্তমানৰ অষ্ট্ৰেলিয়ান অ’পেন চেম্পিয়নগৰাকীয়ে 5-3ৰ ব্যৱধানত প্ৰত্যাৱৰ্তন কৰিছিল যদিও প্ৰথম ছেটত বিজয়ী দলটোক বাধা দিব নোৱাৰিলে ৷ দ্বিতীয় ছেটত দুয়োটা যুটিয়ে 6-6 ব্যৱধানত সমতা স্থাপন কৰে ৷ ইয়াৰ পিচত খেলখন টাই ব্ৰেক চেটলৈ যায়, য’ত জেবেন্স-ফ্ৰেণ্টজেনে 5-3 ব্যৱধানত অগ্ৰগতি লাভ কৰি 7-4ৰ ব্যৱধানত জয়লাভ কৰি প্ৰতিযোগিতাখনৰ তৃতীয় ৰাউণ্ডলৈ আগবাঢ়ি যায় ৷

লগতে পঢ়ক : স্পেইন গ্ৰাঁ প্ৰিৰ ফাইনেলত প্ৰৱেশ মল্লযুঁজাৰু বিনেশ ফ’গাটৰ - Wrestler Vinesh Phogat

ইয়াৰ পূৰ্বে 2024 বৰ্ষৰ উইম্বলডনত ভাৰতীয় শীৰ্ষ টেনিছ খেলুৱৈ য়ুকি ভাম্ব্ৰী আৰু তেওঁৰ ফৰাচী সংগী আলবানো অলিভেটিয়েও জাৰ্মান যুটি কেভিন ক্ৰাভিটজ আৰু টিম পুয়েৎজৰ হাতত 6-4, 4-6, 3-6 ব্যৱধানত পৰাস্ত হৈ প্ৰতিযোগিতাখনৰ দ্বিতীয় ৰাউণ্ডৰ পৰা বাহিৰ হয় ৷ বিপক্ষৰ সৈতে কঠিন যুঁজৰ পিছত ইণ্ডো-ফ্ৰান্সৰ যুটিটোৱে প্ৰথম ছেটটো জিকিছিল আৰু দ্বিতীয় ছেটটোও কঠিন আছিল ৷ য'ত দুয়োটা যুটিয়ে প্ৰথম 9 খন খেলত কোনো অগ্ৰগতি দিয়া নাছিল ৷ কিন্তু শেষত ভাম্ব্ৰী-অলিভেট্টিৰ ভুলে জাৰ্মান যুটিটোৱে খেলখনৰ দ্বিতীয় ছেটটো জিকিবলৈ সহায় কৰে ৷

চূড়ান্ত ছেটত জাৰ্মানীয়ে আধিপত্য বিস্তাৰ কৰে আৰু 3-6 ব্যৱধানত জয়লাভ কৰি ইণ্ডো-ফৰাচী যুটিক সন্মানীয় প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰে ৷ 2024 বৰ্ষৰ উইম্বলডনত ভাৰতৰ অভিযান সমাপ্ত হয়, যিহেতু বোপান্না আৰু ভাম্ব্ৰী প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় ৷ এন বালাজী আৰু সুমিত নাগালও পুৰুষ ডাবলছত পৰাজিত হয় ৷

লগতে পঢ়ক : চেন্নাইত পুনৰ মুখামুখি হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা - INDW vs SAW T20 series

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.