ETV Bharat / sports

30 বছৰত ভৰি দিলে ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগাটে: আড়ম্বৰপূৰ্ণভাৱে পালন ওপজাদিন - VINESH PHOGAT 30TH BIRTHDAY

author img

By ETV Bharat Sports Team

Published : Aug 25, 2024, 2:20 PM IST

Vinesh Phogat birthday: পেৰিছ অলিম্পিক 2024 ত 100 গ্ৰাম বৰ্ধিত ওজনৰ বাবে পদক অৰ্জনৰ দৌৰৰ পৰা বাহিৰ হোৱা ভাৰতৰ তাৰকা মল্লযোদ্ধা বিনেশ ফোগাটৰ আজি 30 তম জন্মদিন ৷ খেলুৱৈগৰাকীৰ জন্মদিনত ইটিভি ভাৰতৰ তৰফৰ পৰা যাচিলো একুঁকি শুভকামনা ৷

VINESH PHOGAT 30TH BIRTHDAY
ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগাট (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 25 আগষ্ট: সেমেকা দুচকু আৰু মিঠা স্মৃতিৰে ভাৰতীয় মহিলা মল্লযোদ্ধা বিনেশ ফোগাটে পেৰিছ অলিম্পিকৰ পৰা ভাৰতলৈ উভতি আহে । পদকৰ নিচেই কাষত উপস্থিত হৈও খেলুৱৈগৰাকী বঞ্চিত হৈছিল পদক অৰ্জনৰ পৰা ৷ তাৰপিছতো কিন্তু মল্লযোদ্ধাগৰাকীয়ে দেশলৈ উভতি আহি লাভ কৰে উষ্ম আদৰণি ৷ বিনেশক ইতিপূৰ্বেই চৰকাৰে চেম্পিয়ন বুলি ঘোষণা কৰিছিল ৷ যদিহে মল্লযোদ্ধাগৰাকীয়ে পদক জয় কৰে, তেন্তে তেওঁ লাভ কৰিবলগা প্ৰতিটো সন্মান লাভ কৰিব বুলিও ঘোষণা কৰিছিল । কিন্তু সেয়াই যথেষ্ট নেকি?

বিনেশ ফোগাটৰ জন্ম হৈছিল 1994 চনৰ 25 আগষ্টত ৷ মল্লযোদ্ধাগৰাকীয়ে দেওবাৰে উদযাপন কৰে তেওঁৰ 30 তম জন্মদিন ৷ ভাৰতৰ অন্যতম বিখ্যাত কুস্তি পৰিয়ালৰ সদস্য বিনেশে তেওঁৰ সম্পৰ্কীয় ভগ্নী গীতা ফোগাট আৰু ববিতা কুমাৰীৰ পদাংক অনুসৰণ কৰিছিল ।

তিনিটাকৈ অলিম্পিকত অংশগ্ৰহণ কৰা খেলুৱৈগৰাকীয়ে ইতিমধ্য়ে পেৰিছ অলিম্পিকত পদক হেৰুৱাই মল্লযুঁজৰ পৰা অৱসৰ ঘোষণা কৰিছে ৷ কিন্তু পৰিয়াল আৰু অনুৰাগীসকল আশাবাদী যে, বিনেশে 2028 চনৰ অলিম্পিকত অংশগ্ৰহণ কৰি দেশৰ হকে পদক লাভ কৰিব ৷

লগতে পঢ়ক: পদকবৰ্জিত হৈও ব্ৰেণ্ড ভেল্যু চাৰিগুণলৈ বাঢ়িল বিনেশ ফোগাটৰ - VINESH PHOGAT BRAND VALUE

শেহতীয়াকৈ পেৰিছত সোণৰ পদক অৰ্জনৰ দৌৰত বিনেশে এদিনতে তিনিজন মল্লযোদ্ধাক পৰাস্ত কৰে যদিও শেষ মুহূৰ্তত মল্লযোদ্ধাগৰাকী খেলৰ বাবে নিৰ্ধাৰণ কৰা নিয়মাৱলীৰ সন্মুখত হাৰ মানিবলগীয়া হয় ৷

"মা কুষ্টি(মল্লযুদ্ধ) মোৰ বিৰুদ্ধে জিকিছিল, মই পৰাজিত হৈছিলো...", এই শব্দবোৰেই বিনেশৰ বেদনা প্ৰকাশ কৰিবলৈ যথেষ্ট, কিয়নো এই মহিলা মল্লযোদ্ধাগৰাকীয়ে তেওঁৰ ভাগ্যৰ সন্মুখত হাৰ মানিবলগীয়া হোৱা এয়াই প্ৰথম নহয় । 2016, 2020 আৰু 2024 চনত তিনিওবাৰতে বিনেশৰ ভাগ্যই তেওঁক সহায় কৰা নাছিল ।

লগতে পঢ়ক: অলিম্পিকত নাপালে কি হ’ল ! ঘৰলৈ ওভতা বিনেশ ফোগাটক প্ৰদান স্বৰ্ণ পদক - VINESH PHOGAT PRIZE

কেতিয়াবা আঘাত, কেতিয়াবা কোনো খেলিমেলি আৰু এইবেলি মাত্ৰ 100 গ্ৰাম বৰ্ধিত ওজনৰ বাবে ফাইনেলত অংশগ্ৰহণৰ ক্ষেত্ৰত অযোগ্য বিবেচিত হোৱাটো কোনো খেলুৱৈৰ বাবে সহজসাধ্য নহয় । এয়া নহয় যে, মল্লযোদ্ধাগৰাকীয়ে এতিয়ালৈকে কোনো পদক অৰ্জন কৰিব পৰা নাই ।

কমনৱেলথ গেমছত বিনেশ ফোগাটে একেৰাহে 3 টা স্বৰ্ণ জয় কৰিছে । তেওঁ 2014 চনত গ্লাছগ’, 2018 ত গ’ল্ড কোষ্ট আৰু 2022 ত বাৰ্মিংহাম কমনৱেলথ গেমছত স্বৰ্ণ জয় কৰিছিল । ইয়াৰোপৰি, বিনেশে 2018 চনত জাকাৰ্টা এছিয়ান গেমছত সোণৰ পদক জিকিছিল ।

ফোগাটে এছিয়ান চেম্পিয়নশ্বিপত 2021 চনত সোণৰ পদক জিকিছিল । এছিয়ান চেম্পিয়নশ্বিপতো মল্লযোদ্ধাগৰাকীয়ে 3 টা ৰূপৰ পদক জয় কৰিছিল ৷ বিনেশ ফোগাটে বিশ্ব চেম্পিয়নশ্বিপত বৰ্তমানলৈকে দুবাৰকৈ ব্ৰঞ্জৰ পদক জিকিছে ৷ কিন্তু অলিম্পিকৰ মঞ্চত খেলুৱৈগৰাকীয়ে বিশেষ সাফল্য লাভ কৰা পৰিলক্ষিত হোৱা নাই ৷

লগতে পঢ়ক: সক্ৰিয় ৰাজনীতিত প্ৰৱেশৰ দিশে বিনেশ ফোগাট: ভগ্নীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা - VINESH PHOGAT CAN JOIN POLITICS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.