ETV Bharat / sports

দেহৰ বৰ্ধিত ওজনৰ বাবেই অযোগ্য বিনেশ ফোগাট ! স্বৰ্ণজয়ৰ স্বপ্ন আধৰুৱা হৈ ৰ’ল ভাৰতীয় মল্লযুঁজাৰুগৰাকীৰ - PARIS OLYMPICS 2024

author img

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 12:35 PM IST

Updated : Aug 7, 2024, 2:15 PM IST

Paris Olympics 2024 : স্বৰ্ণজয়ৰ বাবে অৱতীৰ্ণ হ’বলগীয়া ফাইনেলখনত অংশগ্ৰহণৰ পৰা বঞ্চিত মল্লযুঁজাৰু বিনেশ ফোগাট ৷ দেহৰ ওজন 100 গ্ৰাম বৃদ্ধি হোৱাৰ বাবেই খেলৰ পৰা বাহিৰ হ’বলগীয়া হয় ফোগাট ৷ ভাৰতীয় অলিম্পিক সন্থাই জনাই এই বিষয়ে ৷

Etv Bharat
অযোগ্য বিনেশ ফোগাট ! স্বৰ্ণ জয়ৰ স্বপ্ন আধৰুৱা হৈ ৰ’ল ভাৰতীয় মল্লযুঁজাৰুৰ (ANI)

স্প’ৰ্টছ ডেস্ক, 7 আগষ্ট: এগৰাকী ভাৰতীয়ৰ স্বপ্নভংগ ৷ পেৰিছ অলিম্পিকত বুধবাৰে ভাৰতে স্বৰ্ণজয় কৰাটো একপ্ৰকাৰ নিশ্চিত আছিল মল্লযোদ্ধা বিনেশ ফোগাটৰ জৰিয়তে ৷ কিন্তু ছেমি ফাইনেলৰ পিছত শৰীৰৰ ওজন 100 গ্ৰাম বৃদ্ধি পোৱাৰ বাবে খেলৰ বাবে অযোগ্য ঘোষণা কৰা হয় ফোগাটক ৷ বুধবাৰে IOC য়ে কৰে এই ঘোষণা ৷

ভাৰতীয় অলিম্পিক সন্থাই জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, ফ’গাটে নিৰ্ধাৰিত 50 কেজিৰ সীমা অতিক্ৰম কৰাৰ বাবেই তেওঁক অযোগ্য ঘোষণা কৰা হয় ।

ভাৰতীয় অলিম্পিক সন্থাই কয়, "এয়া দুখৰ বিষয় যে মহিলা মল্লযুঁজৰ 50 কেজি শাখাৰ পৰা বিনেশ ফোগাটক অযোগ্য ঘোষণা কৰাৰ খবৰ ভাৰতীয় দলটোৱে শ্বেয়াৰ কৰিছে । নিশাটোৰ ভিতৰত দলটোৱে বহু চেষ্টা কৰাৰ পাচতো বুধবাৰৰ পুৱা পৰ্যন্ত তেওঁৰ ওজন 50 কেজিৰ অধিক হৈ আছিল । এই সময়ত ভাৰতীয় দলটোৱে ফোগাটৰ গোপনীয়তাৰ প্ৰতি সন্মান জনাবলৈ সকলোকে অনুৰোধ জনাইছে ৷ পৰৱৰ্তী প্ৰতিযোগিতাসমূহৰ ওপৰত গুৰুত্ব দিব বিচাৰে ভাৰতীয় দলে ।"

মঙলবাৰে নিশা ছেমি ফাইনেলত কিউবাৰ ইউছনেলিছ গুজমান লোপেজক 5-0 গ’লত পৰাস্ত কৰি সোণৰ পদকৰ যুঁজৰ বাবে যোগ্যতা আৰ্জিছিল বিনেশ ফোগাটে ।

ইফালে, চলি থকা অলিম্পিকত ভাৰতে অধিক পদকৰ আশা অব্যাহত ৰাখিব পাৰে । বৃহস্পতিবাৰে ভাৰতীয় স্থানীয় সময় অনুসৰি (IST) পুৱা 1.13 বজাৰ পৰা আৰম্ভ হ’বলগীয়া 3000 মিটাৰ ষ্টিপলচেজৰ ফাইনেলত অংশগ্ৰহণ কৰিব ভাৰতীয় অবিনাশ ছেবলে ।

ইয়াৰ পূৰ্বে ষ্টেড ডি ফ্ৰান্সত পঞ্চম স্থান দখল কৰি পুৰুষৰ 3000 মিটাৰ ষ্টীপলচেছৰ ফাইনেলত প্ৰৱেশ কৰিছিল ছেবলে । মৰক্কোৰ মহম্মদ টিণ্ডাউফ্ট (8:10.62 ছেকেণ্ড), ইথিওপিয়াৰ চেমুৱেল ফিৰেউ (8:11.62 ছেকেণ্ড), কেনিয়াৰ আব্ৰাহাম কিবিৱট (8:12.02 ছেকেণ্ড) আৰু জাপানৰ ৰ্যুজি মিউৰা (8:12.41 ছেকেণ্ড)ৰ পিছতে ছেবলে 8:15.43 ছেকেণ্ডৰে পঞ্চম স্থানত আছে ৷

বুধবাৰৰ নিশা মীৰাবাঈ চানুৱেও মহিলাৰ 49 কেজি শাখাৰ ভাৰোত্তোলনত অংশগ্ৰহণ কৰিব । আজিৰ পিছত মহিলা ফ্ৰী ষ্টাইল 53 কেজি শাখাত 16 ৰাউণ্ডৰ যুঁজত অংশগ্ৰহণ কৰিব মল্লযুঁজাৰু আণ্টিম পাংঘালে । পেৰিছ অলিম্পিকত ভাৰতে এতিয়ালৈকে শ্বুটিঙত 3 টা পদক লাভ কৰিছে ।

লগতে পঢ়ক: পেৰিছ অলিম্পিক 2024: জাৰ্মানীৰ বিৰুদ্ধে ছেমি ফাইনেলত ২-৩ ত পৰাজয় স্বীকাৰ ভাৰতৰ - Paris Olympics 2024

বিনেশ ফোগাটৰ পদক নিশ্চিত: অলিম্পিকৰ মল্লযুঁজৰ ফাইনেলত প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ - PARIS OLYMPICS 2024

Last Updated : Aug 7, 2024, 2:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.