ETV Bharat / sports

সক্ৰিয় ৰাজনীতিত প্ৰৱেশৰ দিশে বিনেশ ফোগাট: ভগ্নীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা - VINESH PHOGAT CAN JOIN POLITICS

author img

By ETV Bharat Sports Team

Published : Aug 20, 2024, 6:20 PM IST

Haryana assembly elections: পেৰিছ অলিম্পিকত পদক জয়ৰ যুঁজৰ পৰা বাহিৰ হোৱা বিনেশ ফোগাট বিগত কিছুদিনৰে পৰা আছে সংবাদ শীৰ্ষত ৷ এইবাৰ খেলুৱৈগৰাকীয়ে মন মেলিথে ৰাজনীতিৰ দিশে ৷ সকলো ঠিকে থাকিলে, এই মঞ্চত প্ৰৱেশ কৰিয়েই ফোগাটে ভগ্নী ববিতা ফোগাটৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিব বুলি সম্প্ৰতি চলিছে সৰৱ চৰ্চা ৷

VINESH PHOGAT CAN JOIN POLITICS
বিনেশ ফোগাট আৰু ববিতা ফোগাট (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 20 আগষ্ট: দীৰ্ঘদিনৰ প্ৰতিবাদ, ৰিঙত বিফল ভাৰতীয় মহিলা মল্লযোদ্ধা বিনেশ ফোগাটৰ সন্দৰ্ভত পোহৰলৈ আহিছে এক বৃহৎ খবৰ ৷ সক্ৰিয় ৰাজনীতিত প্ৰৱেশৰ দিশে আগবাঢ়িছে বিনেশ ফোগাট ৷ ভাৰতৰ তাৰকা মল্লযোদ্ধা ফোগাটে আগন্তুক হাৰিয়ানা বিধানসভা নিৰ্বাচনত আগবঢ়াব পাৰে প্ৰতিদ্বন্দ্বিতা ৷ এই খবৰ সংবাদ মাধ্যমক যোগান ধৰিছে খেলুৱৈগৰাকীৰ নিকটাত্মীয়ই ৷

কিন্তু বিনেশে ইতিমধ্যেই স্পষ্ট কৰি দিছিল যে, তেওঁ এতিয়াই সক্ৰিয় ৰাজনীতিত প্ৰৱেশ নকৰে । অৱশ্যে শেহতীয়া প্ৰতিবেদন অনুসৰি, একাংশ ৰাজনৈতিক দলে ফোগাটক ৰাজনীতিত প্ৰৱেশৰ বাবে সৈমান কৰিবলৈ যথেষ্ট প্ৰচেষ্টা চলাই আছে ।

ৰাজনীতিত যোগদানৰ সম্ভাৱনা বিনেশ ফোগাটৰ

নিৰ্ধাৰিত মাত্ৰাতকৈ শৰীৰত 100 গ্ৰাম ওজন বেছি থকাৰ বাবেই পেৰিছ অলিম্পিকৰ ফাইনেলৰ পৰা অযোগ্য ঘোষণা হৈছিল বিনেশ ফোগাট ৷ কিংবদন্তি মল্লযোদ্ধাগৰাকীয়ে পেৰিছ অলিম্পিক 2024 ত মহিলাৰ ফ্ৰী ষ্টাইলৰ 50 কিল’গ্ৰাম শাখাত সোণৰ পদক জয় কৰাৰ সুযোগ হেৰুৱাইছিল । পিছে এতিয়া লাভ কৰা খবৰৰ ভিত্তিত ক’ব পৰা যায় যে, পেৰিছৰ পৰা হতাশমনে উভতি অহা মল্লযোদ্ধাগৰাকীয়ে আগন্তুক হাৰিয়ানা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।

সম্পৰ্কীয় ভগ্নীৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

অৱশ্যে ফোগাটে কোনটো ৰাজনৈতিক দলত যোগদান কৰিব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ অৱশ্যে ফোগাট পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰই সংবাদ মাধ্যমক জনোৱা তথ্যৰ ভিত্তিত ক’ব পৰা যায় যে, "এই খবৰ নিসন্দেহে সঁচা ৷ হাৰিয়ানা বিধানসভাত বিনেশ ফোগাট বনাম ববিতা ফোগাট আৰু বজৰং পুনিয়া বনাম যোগেশ্বৰ দত্ত শীৰ্ষক ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা দেখা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে" ৷

তাৰকা মল্লযোদ্ধাগৰাকীৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে সোধাত ফোগাট পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰই সংবাদ মাধ্যমক কৈছিল যে, "বিনেশ বিমানবন্দৰৰ পৰা ওলাই অহাৰ লগে লগে অনুৰাগী, পৰিয়াল আৰু বন্ধুবৰ্গই উষ্ম আদৰণি জনাইছিল ৷ সকলোৰে পৰা লাভ কৰা অভূতপূৰ্ব সমৰ্থন আৰু মৰমে "কুস্তিৰ আইকন" খ্যাত বিনেশ ফোগাটক আৱেগিক কৰি তুলিছিল ।

লগতে পঢ়ক: অলিম্পিকত নাপালে কি হ’ল ! ঘৰলৈ ওভতা বিনেশ ফোগাটক প্ৰদান স্বৰ্ণ পদক - VINESH PHOGAT PRIZE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.