ETV Bharat / sports

বিনেশ ফোগাটৰ ওপজা দিনত খেলুৱৈগৰাকীৰ জীৱন যাত্ৰাৰ এক চমু আভাস - VINESH PHOGAT 30TH BIRTHDAY

author img

By ETV Bharat Sports Team

Published : Aug 25, 2024, 8:05 PM IST

Vinesh Phogat 30th Birthday: মহিলা মল্লযোদ্ধা বিনেশ ফোগাটে পেৰিছ অলিম্পিক 2024 ত যথেষ্ট চৰ্চা সৃষ্টি কৰিছিল ৷ আজি খেলুৱৈগৰাকীয়ে উদযাপন কৰিছে তেওঁৰ 30 সংখ্যক জন্মদিন ৷ এই উপলক্ষে, আমি খেলুৱৈগৰাকীৰ সৈতে সম্পৰ্কিত কিছুমান গুৰুত্বপূৰ্ণ কথা আৰু অভিলেখবোৰৰ সৈতে জড়িত এক প্ৰতিবেদন প্ৰস্তুত কৰিছো ৷ চাওক এই প্ৰতিবেদন ৷

VINESH PHOGAT 30TH BIRTHDAY
মহিলা মল্লযোদ্ধা বিনেশ ফোগাট (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 25 আগষ্ট: ভাৰতৰ তাৰকা মহিলা মল্লযোদ্ধা বিনেশ ফোগাটৰ আজি 30 তম জন্মদিন ৷ বিনেশে শেহতীয়াকৈ অতিবাহিত কৰিছে কঠিন সময় ৷ পেৰিছ অলিম্পিকত স্বৰ্ণপদক হেৰুৱাই মল্লযোদ্ধাগৰাকী যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল । আজি আমি আপোনাক বিনেশৰ জীৱনৰ সৈতে সম্পৰ্কিত কিছুমান গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় কথাৰ লগতে খেলুৱৈগৰাকীৰ কিছুমান অভিলেখৰ কথা জনাবলৈ লৈছো ৷

বিনেশ ফোগাটৰ জীৱনৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ বিষয়বোৰ

  • 1994 চনৰ 25 আগষ্টত হাৰিয়ানাৰ ভিৱানী জিলাৰ বালালী গাঁৱত বিনেশ ফোগাটৰ জন্ম হৈছিল ৷
  • বিনেশ ফোগাটৰ খুৰাক মহাবীৰ সিং ফোগাট এজন মল্লযোদ্ধা আছিল । তেওঁ দুই কন্যা ক্ৰমে গীতা আৰু ববিতাকো মল্লযোদ্ধা হিচাপে তৈয়াৰ কৰিছিল ৷
  • বিনেশে সম্পৰ্কীয় ভাতৃ-ভগ্নীৰ লগতে খুৰাকৰ পৰা কুস্তিৰ অ আ, ক খ শিকিছিল ৷
  • বিনেশে 9 বছৰ বয়সত পিতৃ ৰাজপাল ফোগাটক হেৰুৱাইছিল । ইয়াৰ পিছত তেওঁৰ মাতৃয়ো আক্ৰান্ত হৈছিল দুৰাৰোগ্য কৰ্কট ৰোগত ৷
  • ভাৰতৰ এই তাৰকা মল্লযোদ্ধাগৰাকীয়ে সোমবীৰ ৰাঠীৰ সৈতে বিয়াত বহে ৷ সোমবীৰো এজন মল্লযোদ্ধা আছিল । তেওঁলোকে অগ্নিক সাক্ষী কৰি 8 বাৰ প্ৰদক্ষিণ কৰিছিল ৷ অষ্টমবাৰৰ বাবে কৰা প্ৰদক্ষিণটো "বেটি বচাও বেটি পঢ়াও" অভিযানৰ বাবে আছিল ৷
  • ভাৰতীয় কুস্তি ফেডাৰেচনৰ প্ৰাক্তন সভাপতি তথা বিজেপি নেতা ব্ৰীজভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰত বিনেশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । তেওঁ দিল্লীৰ যন্তৰ-মন্তৰত ব্ৰীজভূষণৰ বিৰুদ্ধে ন্যায়ৰ বাবে যথেষ্ট যুঁজ দিছিল ।

বিনেশৰ কেৰিয়াৰ আৰু অভিলেখ

  • 2013 চনত দিল্লীত অনুষ্ঠিত এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপত 52 কিল’গ্ৰাম ওজনৰ শাখাত ব্ৰঞ্জৰ পদক জয় কৰি সংবাদ শীৰ্ষলৈ আহিছিল বিনেশ ৷
  • ইয়াৰ পিছত দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত কমনৱেলথ ৰেছলিং চেম্পিয়নশ্বিপত বিনেশে ৰূপৰ পদক অৰ্জন কৰে ৷
  • বিনেশে 2014 চনৰ কমনৱেলথ গেমছত সোণৰ পদক আৰু এছিয়ান গেমছ 2018 ত সোণৰ পদক জিকিছিল ৷
  • বিনেশে 2018 ৰ কমনৱেলথ গেমছত 50 কিল’গ্ৰাম ওজনৰ শাখাত সোণৰ পদক জয় কৰে ৷
  • কমনৱেলথ গেমছত বিনেশে 3 টা, বিশ্ব চেম্পিয়নশ্বিপত 2 টা ব্ৰঞ্জৰ পদক, এছিয়ান গেমছত এটা সোণৰ পদক, 2019 চনত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জ আৰু 2021 চনৰ এছিয়ান চেম্পিয়নছত সোণৰ পদক লাভ কৰে ।
  • বিনেশে 2016 চনৰ ৰিঅ' অলিম্পিক, 2020 ত টকিঅ' অলিম্পিক আৰু 2024 চনত পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিছে । কিন্তু খেলুৱৈগৰাকীয়ে এবাৰো জিকিব নোৱাৰিলে পদক ৷

পেৰিছ অলিম্পিক 2024 ত ভাগ্য সু-প্ৰসন্ন নাছিল বিনেশৰ

বিগত 6 আগষ্টত পেৰিছ অলিম্পিক 2024 ত মহিলাৰ 50 কিল’গ্ৰাম ফ্ৰীষ্টাইল কুস্তিৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস সৃষ্টি কৰিছিল বিনেশ ফোগাটে । তেওঁ ভাৰতৰ হৈ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈত পৰিণত হৈছিল । ফাইনেলৰ পুৱা নিৰ্ধাৰিত 50 কিল’গ্ৰামতকৈ 100 গ্ৰাম অধিক ওজন খেলুৱৈগৰাকীৰ শৰীৰত পোৱাৰ বাবেই ফাইনেলৰ পূৰ্বে তেওঁক মেচৰ বাবে অযোগ্য ঘোষণা কৰা হৈছিল ।

এই সময়ছোৱাত, বিনেশে সমগ্ৰ নিশাটো ওজন হ্ৰাস কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল যদিও সফল হ'ব নোৱাৰিলে । তেওঁ ক্ৰীড়াৰ বাবে মধ্যস্থতাৰ আদালতক ৰূপৰ পদক দিবলৈ আবেদন কৰিছিল ৷ কিন্তু আদালতে এই আবেদন নাকচ কৰে ৷

ইয়াৰ পিছত, পদক অবিহনে ঘৰলৈ উভতি অহা বিনেশক এগৰাকী চেম্পিয়নৰ দৰেই আদৰণি জনোৱা হৈছিল । বিনেশ ফোগাটে পেৰিছ অলিম্পিক 2024 ৰ পিছত মল্লযুদ্ধৰ পৰা অৱসৰ ঘোষণা কৰে ।

লগতে পঢ়ক: 30 বছৰত ভৰি দিলে ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগাটে: আড়ম্বৰপূৰ্ণভাৱে পালন ওপজাদিন - VINESH PHOGAT 30TH BIRTHDAY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.