ETV Bharat / sports

খেলপথাৰত দুভৰিৰ যাদুৰে দৰ্শকক মোহাছন্ন কৰা অসমৰ মাৰাডোনাই জীৱনৰ পৰা ল’লে চিৰবিদায় - FOOTBALLER TOSHEN BORAH NO MORE

author img

By ETV Bharat Sports Team

Published : Sep 14, 2024, 1:47 PM IST

Veteran footballer Toshen Borah : ৰাজ্যৰ কিংবদন্তী ফুটবলাৰ তথা অসম ফুটবল দলৰ প্ৰাক্তন অধিনায়ক টচেন বড়াৰ মৃত্যু ৷ ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত শনিবাৰে পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট ফুটবল খেলুৱৈগৰাকীয়ে ৷

FOOTBALLER TOSHEN BORAH DIES
কিংবদন্তী ফুটবলাৰ টচেন বড়াৰ মৃত্যু (ETV Bharat Assam)

মৰাণ, 14 ছেপ্টেম্বৰ: ৰাজ্যৰ এগৰাকী কিংবদন্তী তথা ৰাষ্ট্ৰীয় ফুটবলাৰক হেৰুৱালে ৰাজ্যবাসীয়ে । অসম ফুটবল দলৰ প্ৰাক্তন অধিনায়ক তথা ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ টচেন বড়াই ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত শনিবাৰে পুৱতি নিশা সামৰে জীৱন নাট ।

FOOTBALLER TOSHEN BORAH
টচেন বড়া (ETV Bharat Assam)

উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ 7 ছেপ্তেম্বৰৰ পৰা চিকিৎসাধীন হৈ আছিল অসম ফুটবল দলৰ প্ৰাক্তন অধিনায়কগৰাকী ৷ জিলাখনৰ নাহৰকটীয়াৰ দৰে অঞ্চলত জন্মগ্ৰহণ কৰা এইগৰাকী ব্যক্তি সৰুৰে পৰা ফুটবল খেলৰ প্ৰতি অতি আগ্ৰহী আছিল । অত্যন্ত মেধাসম্পন্ন টচেন বড়াই শৈক্ষিক জীৱন আগুৱাই নিয়াৰ সমান্তৰালভাৱে ফুটবল প্ৰতিভাকো আগুৱাই নিছিল ।

  • ৰাষ্ট্ৰীয় ফুটবলাৰ টচেন বড়াৰ শৈক্ষিক জীৱন :

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত 1950 চনৰ 14 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰিছিল টচেন বড়াই । নাহৰকটীয়াতে শৈক্ষিক জীৱন আৰম্ভ কৰা টচেন বড়াই ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ পৰা প্ৰাক-স্নাতক, কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ।

FOOTBALLER TASEN BORAH DIES
টচেন বড়া (ETV Bharat Assam)
  • ক্ৰীড়াক্ষেত্ৰত অৱদান :

সৰুৰে পৰা ফুটবল খেলৰ প্ৰতি অগাধ টান থকা টচেন বড়াই বিদ্যালয় পৰ্যায়ৰ পৰাই খেলিছিল ফুটবল । কটন কলেজত(সেই সময়ৰ) অধ্যয়ন কৰি থকা সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফুটবল দলৰ কেপ্টেইনৰো দায়িত্ব লৈছিল তেওঁ ।

জনপ্ৰিয় ফুটবল ক্লাৱ মহাৰণা ক্লাৱৰ হৈ খেলা টচেন বড়াই ভাৰতৰ হৈ 1971-72 চনৰ প্ৰি-অলিম্পিক খেলত অংশগ্ৰহণ কৰিছিল । তেওঁ 1972 চনত ৰাছিয়া, ৰেংগুন আদিত ভাৰতক প্ৰতিনিধিত্ব কৰি সুনাম অৰ্জন কৰিছিল । অসম ফুটবল দলৰ অধিনায়কৰ দায়িত্ব লৈছিল টচেন বড়াই । সন্তোষ ট্ৰফীত 7 বাৰকৈ অংশগ্ৰহণ কৰি তিনিবাৰৰ বাবে কেপ্টেইনৰ দায়িত্ব গ্ৰহণ কৰিছিল প্ৰয়াত বড়াই ।

ফুটবল খেলুৱৈ হিচাপ দেশ আৰু ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা টচেন বড়াই অসম পুলিচ, অইল, সাৰ কাৰখানা ফুটবল দল, ইলেভেন ষ্টাৰ ফুটবল দলৰ প্ৰশিক্ষক হিচাপেও দায়িত্ব পালন কৰিছিল ।

তেওঁ প্ৰশিক্ষক হিচাপে থাকোঁতেই অসম পুলিচ ফুটবল দলে ৰাষ্ট্ৰীয় পৰ্যায়ত চেম্পিয়ন হ'বলৈ সক্ষম হৈছিল । টচেন বড়াই অসমৰ সন্তোষ ট্ৰফী দলৰ নিৰ্বাচক তথা প্ৰশিক্ষক হিচাপেও দায়িত্ব পালন কৰিছিল ।

  • ৰাষ্ট্ৰীয় খেলুৱৈগৰাকীৰ কৰ্ম জীৱন :

প্ৰতিভাৱান খেলুৱৈ হিচাপে সফলতা লাভ কৰাৰ পাচত টচেন বড়াই নামৰূপ সাৰ কাৰখানাত কৰ্মজীৱন আৰম্ভ কৰিছিল । পৰৱৰ্তী সময়ত 2005 চনত বড়াই নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰশাসনিক বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰে ৷ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতো নাহৰকটীয়াৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তত ক্ৰীড়া সংগঠক হিচাপে দায়িত্ব পালন কৰি আহিছিল প্ৰয়াত বড়াই ৷

এইগৰাকী ৰাষ্ট্ৰীয় ফুটবলাৰৰ মৃত্যুৱে ক্ৰীড়া ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি হিচাপে বিবেচিত হৈছে । মৃত্যুৰ সময়ত তেওঁ এগৰাকী কন্যা আৰু এজন পুত্ৰক এৰি থৈ গৈছে । কিংবদন্তী ফুটবলাৰগৰাকীক ডিব্ৰুগড়ৰ বিভিন্ন দল-সংগঠন আৰু ক্ৰীড়া সংগঠকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

লগতে পঢ়ক: আমৰ আচাৰ নে পইতাচোৰা: তাৰকা ক্ৰিকেটাৰ বিৰাটৰ খাদ্যত এয়া কি - VIRAT KOHLI MALAYSIA TRIP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.