ETV Bharat / sports

প্ৰকাশ পালে ডব্লিউ টি চি পইণ্ট তালিকা: শীৰ্ষস্থানত ভাৰত - WTC POINTS TABLE

author img

By ETV Bharat Sports Team

Published : 2 hours ago

Updated WTC Points Table: বাংলাদেশ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰত আৰু নিউজিলেণ্ডৰ দৰ্শনীয় জয়ৰ পিছতে প্ৰকাশ পালে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) ৰ পইণ্ট তালিকা ৷ এই তালিকাত বৃহৎ সালসলনি হোৱা দেখা গৈছে ৷

WTC POINTS TABLE
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকা (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 23 ছেপ্টেম্বৰ: ভাৰতে চেন্নাইত বাংলাদেশৰ বিৰুদ্ধে 280 ৰাণৰ বিস্ময়কৰ জয় সাব্যস্ত কৰাৰ পিছত প্ৰকাশ পালে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) 2025 ৰ পইণ্ট তালিকা ৷ পূৰ্বৰে পৰা এই তালিকাৰ শীৰ্ষস্থানত থকা ভাৰতৰ স্থান এই জয়ৰ পিছত অপৰিৱৰ্তিত হৈ থাকে ৷

একে সময়তে শ্ৰীলংকাই গালেত প্ৰথমখন ঘৰুৱা টেষ্টত নিউজিলেণ্ডক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ সম্ভাৱনা সজীৱ কৰি ৰাখিছে ৷ দুয়োটা দলে গুৰুত্বপূৰ্ণ পইণ্ট লাভ কৰে, যাৰ ফলত লৰ্ডছত অহা বছৰ অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ অন্তিম দুটা স্থানত উপনীত হোৱাৰ যুঁজখন ৰোমাঞ্চকৰ হৈ পৰা দেখা যায় ৷

শীৰ্ষস্থান অক্ষুণ্ণ ভাৰতৰ, অৱনমিত বাংলাদেশ

ভাৰতৰ শেহতীয়া জয়ে তালিকাৰ শীৰ্ষস্থান অক্ষুণ্ণ ৰখাত দলটোক সহায় কৰে ৷ সম্প্ৰতি ভাৰতে 71.67 শতাংশৰে এই তালিকাৰ শীৰ্ষস্থানত আছে ।

দলটোৰ তাৰকা অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনক বেটে-বলে উজ্বলি উঠাৰ বাবে আগবঢ়োৱা হৈছিল প্লেয়াৰ অৱ দ্য মেচৰ বঁটা ৷ ক্ৰিকেটাৰগৰাকীয়ে প্ৰথম ইনিংছত শতক অৰ্জন কৰাৰ লগতে দ্বিতীয় ইনিংছত দখল কৰিছিল 6 টাকৈ উইকেট । অশ্বিনৰ এই অনবদ্য প্ৰদৰ্শনৰ বাবে টেষ্টৰ চতুৰ্থ দিনটোতে বাংলাদেশৰ বিৰুদ্ধে জয়লাভ কৰিছিল ভাৰতে ৷ যাৰ বাবে দলটোৱে 12 টাকৈ গুৰুত্বপূৰ্ণ ডব্লিউ টি চি পইণ্ট অৰ্জন কৰিবলৈ সক্ষম হয় ।

আনহাতে, বাংলাদেশৰ পৰাজয়ৰ বাবে দলটো পইণ্ট তালিকাৰ ষষ্ঠ স্থানলৈ অৱনমিত হয় ৷ শ্ৰীলংকা আৰু ইংলেণ্ডৰ পিছত তালিকাত স্থান লাভ কৰা বাংলাদেশে লাভ কৰিছে 39.29% শতাংশ ৷

শ্ৰীলংকাৰ বৃহৎ উত্থান

শ্ৰীলংকাই গালেত খেলা প্ৰথমখন টেষ্টত নিউজিলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰাৰ সুবাদতে ডব্লিউ টি চি-ৰ পইণ্ট তালিকাত তৃতীয় স্থানলৈ উন্নীত হয় । ধনঞ্জয় ডি চিলভা নেতৃত্বাধীন দলটোৰ জয় 50 শতাংশলৈ বৃদ্ধি হোৱাৰ পিছত তেওঁলোকে ফাইনেলত স্থান নিশ্চিত কৰিবলৈ শীৰ্ষৰ দলবোৰক প্ৰত্যাহ্বান জনোৱাৰ ক্ষেত্ৰত শক্তিশালী স্থিতিত আছে ।

শ্ৰীলংকাৰ এই বিজয়ৰ নায়ক আছিল প্ৰভাত জয়সূৰ্য, যিয়ে মেচখনত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই প্লেয়াৰ অৱ দ্য মেচ বঁটা লাভ কৰিছিল ।

ফাইনেলত উপনীত হোৱাৰ সম্ভাৱনা শ্ৰীলংকাৰ

শ্ৰীলংকাৰ জয়ে দলটোক ডব্লিউ টি চি ফাইনেলত স্থান নিশ্চিত কৰাৰ ক্ষেত্ৰত শক্তিশালী দাবীদাৰ কৰি তুলিছে । সম্ভাৱ্য সৰ্বাধিক 69.23 শতাংশৰ সৈতে শ্ৰীলংকাক এতিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ক্লীন চুইপ আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 2-0 ত শৃংখলা জয়ৰ প্ৰয়োজন হ'ব ৷

বৰ্তমান ডব্লিউ টি চি পইণ্ট তালিকাৰ শীৰ্ষ 5

বৰ্তমানৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ পইণ্ট তালিকাৰ শীৰ্ষ-5 টা দল হৈছে ক্ৰমে

  • শীৰ্ষস্থানত ভাৰত
  • দ্বিতীয় স্থানত বৰ্তমানৰ চেম্পিয়ন দল অষ্ট্ৰেলিয়া
  • তৃতীয় স্থানত আছে শ্ৰীলংকা
  • চতুৰ্থ স্থানত নিউজিলেণ্ড
  • পঞ্চম স্থানত ইংলেণ্ড

লগতে পঢ়ক: 2036 চনত অলিম্পিক অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাই আছে ভাৰতে: প্ৰধানমন্ত্ৰী মোদী - PM MODI ON 2036 OLYMPICS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.