ETV Bharat / sports

ৰাষ্ট্ৰীয় পৰ্যায়ৰ দবা খেলত ব্ৰঞ্জৰ পদক অৰ্জন ৰঙাগড়া চাহ বাগিচাৰ অনামিত্ৰাৰ - GOLAGHAT STUDENT WINS BRONZE

Anamitra Gowala Wins Bronze: ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল গোলাঘাটৰ চাহ বাগিচাৰ এগৰাকী ছাত্ৰী ৷ ৰাষ্ট্ৰীয় দবা খেলত ব্ৰঞ্জ অৰ্জন ৰঙাগড়া চাহ বাগিচাৰ অনামিত্ৰা গোৱালাৰ ।

Anamitra Gowala Wins Bronze
ৰাষ্ট্ৰীয় পৰ্যায়ৰ দবা খেলত ব্ৰঞ্জৰ পদক অৰ্জন গোলাঘাটৰ চাহ বাগিচাৰ ছাত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 15, 2024, 12:59 PM IST

গোলাঘাট, ১৫ অক্টোবৰ: পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে গোলাঘাটৰ চাহ বাগিচাৰ এগৰাকী ছাত্ৰীয়ে । বিহাৰৰ পাটনাত অনুষ্ঠিত ৰাষ্ট্ৰীয় দবা খেল প্ৰতিযোগিতাত ১৪ বছৰ অনূৰ্ধ্ব ছোৱালী শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি গোলাঘাট জিলালৈ গৌৰৱ কঢ়িয়ালে অনামিত্ৰা গোৱালাই ৷

দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাত অনামিত্ৰা গোৱালাই ব্ৰঞ্জৰ পদক লাভ কৰে । বনগাঁৱৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰীগৰাকীৰ এই সাফল্যত এতিয়া গৌৰাৱান্বিত অঞ্চলবাসীৰ লগতে সমগ্ৰ জিলাবাসী ।

উল্লেখ্য যে গ্ৰামাঞ্চলত আজিও দবা খেলৰ বিশেষ জনপ্ৰিয়তা নাই । আনহাতে, প্ৰশিক্ষণৰ অভাৱত আজিও পিচপৰি আছে গ্ৰামাঞ্চলৰ দবা খেলৰ প্ৰতি আগ্ৰহ থকা ক্ৰীড়া প্ৰতিভাসকল । কিন্তু তাৰ মাজতো অনামিত্ৰাৰ এই সাফল্যই এক আশাৰ বতৰা কঢ়িয়াই আনিছে ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ দবা খেলত ব্ৰঞ্জৰ পদক অৰ্জন গোলাঘাটৰ চাহ বাগিচাৰ ছাত্ৰীৰ (ETV Bharat Assam)

প্ৰায় এবছৰৰ পৰা দবা খেলৰ সৈতে জড়িত অনামিত্ৰাই নিজৰ যাত্ৰা সন্দৰ্ভত কয়, "আমাৰ ইয়াত দবা খেলৰ কোনো প্ৰচলন নাই । প্ৰথমতে মই দাদাৰ পৰা দবা খেল শিকিছিলোঁ, ককাৰ পৰা শিকিছোঁ । স্কুলৰ ছাৰৰ পৰা শিকিছোঁ । মই এইবাৰ বিহাৰত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছোঁ । আগলৈ যাতে সোণৰ পদক লাভ কৰিব পাৰো তাৰ বাবে প্ৰশিক্ষণ অব্যাহত ৰাখিম ।"

ইফালে ছাত্ৰীগৰাকীৰ এনে সাফল্যৰ বাবে আনন্দিত হৈ এজন আত্মীয়ই কয়, "আমি আশাকৰা নাছিলোঁ যে তেওঁ পদক লাভ কৰিবলৈ সক্ষম হ'ব । কিয়নো তেওঁ এই খেলবিধৰ লগত জড়িত হোৱা বৰ বেছি দিন হোৱা নাই । ঘৰতে শিকি ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি যে পদক লাভ কৰিবলৈ সক্ষম হৈছে তাৰ বাবে আমি আনন্দিত ।"

তেওঁ লগতে কয়, "ইয়াৰ উপৰি গ্ৰামাঞ্চলত দবা খেলৰ প্ৰচলন একেবাৰেই নাই । তাৰ মাজতে কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে ঘৰতে শিকি ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি পদক লাভ কৰিছে । যাৰ বাবে আমি আনন্দিত হৈছোঁ । ইয়াৰ দ্বাৰা চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে গ্ৰামাঞ্চলত দবা খেলৰ প্ৰসাৰৰ বাবে চৰকাৰ তথা ক্ৰীড়া বিভাগে পদক্ষেপ গ্ৰহণ কৰক যাতে গ্ৰামাঞ্চলৰ উঠি অহা নৱপ্ৰজন্ম লাভান্বিত হয় ।"

আনহাতে, আগন্তুক দিনত অধিক প্ৰশিক্ষণ গ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণৰ আশা ছাত্ৰীগৰাকীৰ আত্মীয়ৰ ।

লগতে পঢ়ক :12 বছৰীয়া অপেক্ষাৰ অন্ত; অসমৰ দখলত ৰাষ্ট্ৰীয় চাব জুনিয়ৰ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খিতাপ - SUB JUNIOR BOYS NATIONAL FOOTBALL
লগতে পঢ়ক :আকাশ চুবলৈ ওলাইছে এদিন দাৰিদ্ৰতা দূৰ কৰিবলৈ হাতত ক্ৰিকেট বেট তুলি লোৱা ছোৱালীজনীৰ সপোনে - SANYA DEBUT INDIAN CRICKET TEAM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.