ETV Bharat / sports

তীব্ৰ উৎকণ্ঠাৰ অৱসান; চাৰ্টাৰ্ড বিমানেৰে উভতিব ভাৰতীয় দল - Indian team stuck in Barbados

author img

By ETV Bharat Sports Team

Published : Jul 2, 2024, 12:57 PM IST

Indian team stuck in Barbados : ভাৰতীয় দলে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰা প্ৰায় ৩ দিন অতিক্ৰম কৰিলে । এতিয়াও স্বদেশত উপস্থিত হ'ব পৰা নাই চেম্পিয়ন দলটো । প্ৰতিকূল বতৰৰ বাবে বাৰ্বাডোছত আৱদ্ধ দলটো । অৱশ্যে মঙলবাৰে সন্ধিয়ালৈ দলটোৱে চাৰ্টাৰ্ড বিমানযোগে ঘৰলৈ উভতিব বুলি আশা কৰা হৈছে ।

Indian team stuck in Barbados
তীব্ৰ উৎকণ্ঠাৰ অৱসান; চাৰ্টাৰ্ড বিমানেৰে উভতিব ভাৰতীয় দল (BCCI)

স্পৰ্টছ ডেস্ক,২ জুলাই : এতিয়াও স্বদেশত আহি উপস্থিত হোৱা নাই টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দল । প্ৰতিকূল বতৰৰ বাবে বাৰ্বাডোছতে আৱদ্ধ হৈ আছে দলটো । প্ৰতিকূল বতৰৰ বাবে চৰকাৰে বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছিল । যাৰ বাবে দলটোৱে যাত্ৰা কৰিব পৰা নাই । অৱশ্যে শীঘ্ৰে তীব্ৰ উৎকণ্ঠাৰ অৱসান ঘটিব । সকলো ঠিকে থাকিলে ভাৰতীয় দলটোৱে মঙলবাৰে সন্ধিয়াৰ ভিতৰত (স্থানীয় সময় অনুসৰি) গায়ানাৰ পৰা উৰা মাৰিব পাৰে ।

বাৰ্বাডোছ চৰকাৰে ইতিমধ্যে বিমান পৰিচালনাৰ বাবে সেউজ সংকেত দিছে । মঙলবাৰে বিমানবন্দৰৰ কাৰ্যকলাপ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । এনে পৰিস্থিতিত ভাৰতীয় দল, বিচিচিআইৰ বিষয়াসকলে চাৰ্টাৰ্ড বিমানেৰে ঘৰমুৱা যাত্ৰা কৰিব বুলি আশা কৰা হৈছে ।

সকলো নিশ্চিত হ'লেই চাৰ্টাৰ্ড বিমানখন আমেৰিকা বা ইউকেৰ পৰা কেৰিবিয়ান দ্বীপটোলৈ উৰা মাৰিব পাৰে আৰু যদি বতৰ অনুকূল হয় মঙলবাৰে পুৱা বিমানখন উপস্থিত হ'ব । লগতে দলটোৱে মঙলবাৰে আবেলি বা সন্ধিয়াৰ ভিতৰত দিল্লীলৈ ৰাওনা হ'ব পাৰে ।

বিচিচিআইৰ সচিব জয় শ্বাহে সংবাদ মাধ্যমক জনোৱা মতে ভাৰতীয় দলটোক ভাৰতলৈ অনাৰ বাবে চাৰ্টাৰ্ড বিমানৰ ব্যৱস্থা কৰি থকা হৈছে । আমেৰিকা বা ইউকেত ইন্ধন ভৰাই বিমানখনে পোনে পোনে দিল্লীলৈ ৰাওনা হ'ব বুলি উল্লেখ কৰিছে ।

একেদৰে বিচিচিআইয়ে যিমান সম্ভৱ দলটোক ভাৰতলৈ অনাৰ বাবে চাৰ্টাৰ্ড অপাৰেটৰৰ সৈতে যোগাযোগ কৰি আছে । ইফালে দ্বীপটোৰ মুখ্য অংশসমূহত বিদ্যুৎ আৰু ইণ্টাৰনেট সংযোগ ব্যাহত হোৱাৰ লগতে আৰু পানী যোগান ব্যাহত হোৱাৰ খবৰ পোৱা গৈছে ।

উল্লেখ্য যে সোমবাৰে ঘূৰ্ণীবতাহ বেৰিলে দ্বীপটোত খুন্দা মাৰিছিল । যাৰ ফলত কিছু কিছু অঞ্চল বেয়াকৈ প্ৰভাৱিত হৈছে । উপকূলীয় অঞ্চলসমূহ মুখ্যতঃ দক্ষিণ আৰু উত্তৰত বেৰিলৰ পৰিপ্ৰেক্ষিতত ধুমুহাৰ প্ৰকোপ দেখা গৈছে ।

ইফালে বাৰ্বাডোছত টি-২০ বিশ্বকাপৰ ফাইনেল অনুষ্ঠিত হোৱাৰ ৩ দিন অতিক্ৰম কৰিলে । ভাৰতে খিতাপ দখল কৰিলেও এতিয়ালৈ দলটো স্বদেশত উপস্থিত নোহোৱাত ক্ৰিকেট অনুৰাগীৰ মাজত উদ্বেগ দেখা গৈছে । আনহাতে বিজয়ী দলটোক ব্যাপকভাৱে আদৰিবলৈও সাজু হৈ আছে ভাৰতীয় অনুৰাগীসকল ।

লগতে পঢ়ক :বাৰ্বাডোছত ঘূৰ্ণীবতাহৰ আশংকাত বন্ধ বিমানবন্দৰ; আৱদ্ধ ভাৰতীয় দল - Indian team Stranded in Barbados

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.