ETV Bharat / sports

হাৰ্দিকৰ ধুমুহা, আয়াৰলেণ্ডৰ বিৰুদ্ধে 8 উইকেটত সহজ বিজয় ভাৰতৰ - T20 World Cup 2024 - T20 WORLD CUP 2024

Team India : T-২০ বিশ্বকাপৰ অষ্টমখন মেচত আয়াৰলেণ্ডৰ বিৰুদ্ধে সহজ বিজয় ভাৰতীয় দলৰ ৷ মেচখনত ভাৰতে আয়াৰলেণ্ডক 8 উইকেটত পৰাস্ত কৰে ৷

INDIA VS IRELAND
আয়াৰলেণ্ডৰ বিৰুদ্ধে সহজ বিজয় ভাৰতৰ (ETV BHARAT HINDI DESK)
author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 11:00 PM IST

স্পৰ্টছ ডেস্ক, 5 জুন : নিউয়ৰ্কৰ নাছাউ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা T-২০ বিশ্বকাপ 2024ৰ অষ্টমখন মেচত আয়াৰলেণ্ডৰ বিৰুদ্ধে সহজ বিজয় সাব্যস্ত কৰিছে ভাৰতীয় দলে ৷ মেচখনত ভাৰতে আয়াৰলেণ্ডক 8 উইকেটত পৰাস্ত কৰে ৷ যশপ্ৰীত বুমৰাহ প্লেয়াৰ অব দ্য মেচ বিবেচিত হয় ৷

97 ৰানৰ সহজ লক্ষ্য আগত লৈ ভাৰতীয় দলটোৱে নিজৰ ইনিংছ আৰম্ভ কৰি 12.2 অভাৰ খেলি 2টা উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে ৷ অধিনায়ক ৰোহিত শৰ্মাই 37 টা বলত 52 ৰাণ সংগ্ৰহ কৰে ৷ অৱশ্যে অৰ্ধশতক অৰ্জন কৰাৰ পিচত অধিনায়কজনে আঘাতৰ বাবে ক্ৰীজ ত্যাগ কৰে ৷ লগতে দীৰ্ঘদিনৰ মূৰত জাতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটোৱা উইকেটকীপাৰ বেটছমেন ঋষভ পন্টে 26 টা বলত 36 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ আনহাতে ৰাণ সংগ্ৰহত ব্যৰ্থ হোৱা বিৰাট কোহলীয়ে 1ৰাণতে পেভিলিয়নৰ বাট লয় ৷ বিস্ফোৰক বেটছমেন সূৰ্যকুমাৰ যাদৱেও মাত্ৰ 2 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নৰ বাট বুলে ৷ আয়াৰ লেণ্ডৰ হৈ মাৰ্ক এডায়াৰ আৰু বেঞ্জামিন হোৱাইটে 1টাকৈ উইকেট দখল কৰে ৷

মেচখনত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় ৷ প্ৰথমে বেটিং কৰি ভাৰতীয় বলাৰৰ সন্মুখত তাচপাতৰ দৰে খহি পৰে আইৰিছ দলৰ বেটিং লাইন ৷ ভাৰতৰ তীক্ষ্ন বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি 16 অভাৰত 96 ৰান সংগ্ৰহ কৰি অল আউট হয় ৷ এই মেচত ভাৰতৰ হৈ হাৰ্দিক পাণ্ডিয়াই সৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ ইয়াৰ সমান্তৰালকৈ অৰ্শদীপ সিং আৰু যশপ্ৰীত বুমৰাহে দুটাকৈ উইকেট দখল কৰে ৷

লগতে পঢ়ক : আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথম মেচৰ পূৰ্বে টীম ইণ্ডিয়াৰ কঠোৰ অনুশীলন - T20 World Cup 2024

হাৰ্দিকৰ ধুমুহা-

হাৰ্দিক পাণ্ডিয়াই শক্তিশালী প্ৰদৰ্শনেৰে আয়াৰলেণ্ডৰ তিনিজন বেটছমেনক পেভিলিয়নলৈ প্ৰেৰণ কৰে ৷ 7ম অভাৰৰ পঞ্চম বলত লৰ্কান টাকাৰক (10) ক্লিন বল্ড কৰি হাৰ্ডিকে প্ৰথম সফলতা অৰ্জন কৰে ৷ ইয়াৰ পাচতে 9ম অভাৰৰ শেষৰ বলত কুৰ্টিছ কেম্পাৰ (12)ক পণ্টৰ হাতত ধৰা দি দ্বিতীয়টো উইকেট দখল কৰে ৷ লগতে 11 নং অভাৰৰ প্ৰথমটো বলত মাৰ্ক আডাইৰক ব্যক্তিগত 3 ৰানৰ স্ক’ৰত আউট কৰি তৃতীয়টো সফলতা লাভ কৰে ৷ 4 অভাৰত 27 ৰান খৰছ কৰি 3 উইকেট দখল কৰে হাৰ্দিকে ৷

অৰ্শদীপৰ যাদু-

আয়াৰলেণ্ডৰ ইনিংছৰ তৃতীয় অভাৰত অৰ্শদীপ সিঙে বলিং কৰে ৷ এই অভাৰত তেওঁ আয়াৰলেণ্ডক 2টা আঘাত কৰে ৷ তৃতীয় অভাৰৰ প্ৰথমটো বলত অৰ্শদীপে পল ষ্টাৰলিঙক ব্যক্তিগত 2 ৰানত পেভিলিয়নৰ বাট দেখুৱাই ৷ ইয়াৰ পিচত তেওঁ অভাৰৰ ষষ্ঠ বলত এণ্ড্ৰু বালবিৰ্ণিক 5 ৰানৰ ব্যক্তিগত স্ক’ৰত ক্লিন বল্ড কৰে ৷ এই অভাৰত অৰ্শদীপে 2 ৰানত 2 টা উইকেট দখল কৰে ৷ 4 অভাৰত তেওঁ 35 ৰান খৰছ কৰি 2 টা উইকেট দখল কৰে ৷

ইফালে ভাৰতৰ অভিজ্ঞ বেগী বলাৰ যশপ্ৰীত বুমৰাহেও নিজৰ শক্তিশালী প্ৰদৰ্শনেৰে আইৰিছ শিবিৰত ত্ৰাসৰ সৃষ্টি কৰে ৷ অষ্টম অভাৰৰ ষষ্ঠ বলত বুমৰাহে হেৰী টেক্টৰক পেভিলিয়নমুখী কৰে ৷ ইয়াৰ পাচতে 15 নং অভাৰৰ দ্বিতীয় বলত জোছুয়া লিটলক 14 ৰানত আউট কৰি দ্বিতীয়টো সফলতা অৰ্জন কৰে বুমৰাহে ৷

ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজো পিচ পৰি নাথাকিল ৷ তেওঁ জৰ্জ ডক্ৰেলক দশম অভাৰৰ চতুৰ্থ বলত আউট কৰি প্ৰথমটো সফলতা অৰ্জন কৰে ৷ দ্বাদশ অভাৰৰ দ্বিতীয় বলত অক্ষৰ পেটেলে বেৰী মেককাৰ্থী (০)ক আউট কৰে ৷ এই উইকেটৰ জৰিয়তে অক্ষৰে T-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 50 টা উইকেট সম্পূৰ্ণ কৰে ৷

লগতে পঢ়ক : ৰাহুল দ্ৰাবিড়ক প্ৰশিক্ষক হৈ থাকিবলৈ সৈমান কৰাবলৈ চেষ্টা কৰিছিলো : ৰোহিত শৰ্মা - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.