ETV Bharat / sports

টি-20 ৰ পৰা অৱসৰ ল’লে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে - T20 World Cup 2024

author img

By ETV Bharat Sports Team

Published : Jun 30, 2024, 9:40 AM IST

Rohit Sharma Retirement : ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু ভাৰতীয় তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে অৱসৰৰ কথা ঘোষণা কৰিছে । 2007 চনৰ পৰা 2024 চনলৈকে সকলো টি-20 বিশ্বকাপ খেলা হিটমেনক আৰু ভাৰতৰ হৈ টি-20 খেলা দেখা নাযাব ৰোহিতক ।

T20 World Cup 2024 After virat Kohli captain Rohit Sharma Announced Retirement From T20I
টি-20 ৰ পৰা অৱসৰ গ্ৰহণ ৰোহিত শৰ্মাৰ (IANS)

স্পৰ্টছ ডেস্ক, ৩০ জুন : 2024 বৰ্ষৰ টি-20 বিশ্বকাপত ভাৰতে বিজয়ৰ খিতাপ দখল কৰাৰ পাচতে সমগ্ৰ দেশে বিজয়োৎসৱ পালন কৰা দেখিবলৈ পোৱা গৈছে ৷ 11 বছৰৰ অন্তত ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে টি-20 বিশ্বকাপৰ খিতাপ দখল কৰিছে ৷ ক্ৰীড়াপ্ৰেমীয়ে বিজয় উদযাপন কৰি থকাৰ সময়তে ভাৰতীয় অনুৰাগীসকলে লাভ কৰিছিল দুটাকৈ দুখৰ খবৰ । ভাৰতীয় তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ লগতে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই টি-20 ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ।

ইয়াৰ পূৰ্বে বিৰাট কোহলীয়ে বিশ্বকাপৰ এই ফাইনেলখনক টি-20 কেৰিয়াৰৰ অন্তিমখন মেচ বুলি অভিহিত কৰি অৱসৰৰ কথা ঘোষণা কৰিছিল । ইয়াৰ কিছুসময়ৰ পিছতে এই কথা ঘোষণা কৰে ৰোহিত শৰ্মাই । আইচিচি আৰু বিচিচিআইয়ে টি-20 ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ লোৱাৰ তথ্য তেওঁলোকৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্ট এক্সত শ্বেয়াৰ কৰিছে ।

লগতে পঢ়ক: খিতাপ দখলৰ লক্ষ্যৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আজি খেলপথাৰত নামিব ভাৰত - T20 World Cup 2024

খেলখনৰ অন্তত সংবাদমেল সম্বোধন কৰি ৰোহিত শৰ্মাই কয়, ‘‘এইখন মোৰ শেষ মেচ আছিল । অৱসৰ ল’বলৈ ইয়াতকৈ ভাল সময় হ’ব নোৱাৰে ৷ ট্ৰফীটো লাভৰ আশা কৰিছিলো । শব্দৰে বুজাবলৈ অসুবিধা সেই অনুভৱ । এইটোৱেই মোৰ ইচ্ছা আৰু এইটোৱেই হ’ল । ট্ৰফীটোৱে মোৰ জীৱনত হতাশা সৃষ্টি কৰিছিল । এইবাৰ আমি অৰ্জন কৰিবলৈ পাই আনন্দিত হৈছো ।"

লগতে পঢ়ক: 7 ৰাণত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ৰোহিত বাহিনীয়ে ৰচিলে বিজয়ৰ ইতিহাস; প্লেয়াৰ অৱ দ্য মেচ কোহলী, প্লেয়াৰ অৱ দ্য টুৰ্ণামেন্ট বুমৰাহ - IND vs SA Final

আশ্চৰ্যজনক কথাটো হ’ল, ৰোহিত শৰ্মাৰ টি-20 বিশ্বকাপত অভিষেক ঘটিছিল 2007 চনত আৰু 2024 চনৰ টি-20 বিশ্বকাপতেই অন্তিমখন খেল খেলি ট্ৰফী লাভ কৰাৰ লগতে দেশবাসীক গৌৰৱান্ধিত কৰি বিদায় ল’লে । 2007 চনৰ পৰা 2024 চনলৈ অনুষ্ঠিত হোৱা সকলো টি-20 বিশ্বকাপত অংশগ্ৰহণ কৰিছে ৰোহিত শৰ্মাই ।

ৰোহিত শৰ্মাৰ টি-20 ক্ৰিকেটৰ কেৰিয়াৰৰ জীৱনত 151 খন টি-20 মেচ খেলিছে । য’ত তেওঁৰ নামত 151 ইনিংছত 4231 ৰাণ সংগ্ৰহৰ ৰেকৰ্ড আছে । টি-20 ত গড়ে 32.05 আৰু ষ্ট্ৰাইক ৰেট 140.89 ত 5 টা শতক আৰু 32 টা অৰ্ধশতক অৰ্জন কৰিছে ।

লগতে পঢ়ক: ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন জনাই মহানগৰীত আৱতৰীয়া দীপাৱলী - T20 WORLD CUP 2024

১৭ বছৰৰ পাচত ICC T20 বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ - T20 WORLD CUP 2024

ভাৰত-দক্ষিণ আফ্ৰিকাৰ যুঁজ : কোহলীৰ ৰাজকীয় 76 ৰাণ, T-20 বিশ্বকাপত সাৰ্বাধিক মুঠ স্ক’ৰ সংগ্ৰহ ভাৰতৰ - T20 World Cup Final

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.