ETV Bharat / sports

ছুপাৰ-৮ মেচৰ পূৰ্বে ভাৰতীয় তাৰকা বেটছমেন সন্দৰ্ভত ডাঙৰ মন্তব্য আফগান খেলুৱৈৰ - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 5:59 PM IST

Rashid Khan On Virat Kohli: আজি ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপ ২০২৪ত আফগানিস্তানৰ বিৰুদ্ধে খেলিব । এই ছুপাৰ-৮ মেচখনত আফগানিস্তানৰ দৃষ্টি ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ওপৰত । মেচৰ পূৰ্বে আফগান খেলুৱৈসকলে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া...

Rashid Khan On Virat Kohli
T20 WORLD CUP 2024 (IANS and AP)

স্প’ৰ্টছ ডেস্ক, 20 জুন: আজি টি-২০ বিশ্বকাপ ২০২৪ত আফগানিস্তান আৰু ভাৰতৰ মাজত অনুষ্ঠিত হ’ব ছুপাৰ-৮ ৰ প্ৰথম খেলখন । ভাৰতৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুত আফগানিস্তান দল । আফগান অধিনায়ক ৰছিদ খানৰ লগতে দলটোৰ আন খেলুৱৈসকলে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক প্ৰশংসা কৰিছে ।

ষ্টাৰ স্প’ৰ্টছৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰছিদ খানে মেচৰ পূৰ্বে কয় যে খেলৰ প্ৰতি বিৰাটৰ নিষ্ঠা, শক্তি আৰু ধৈৰ্য্য অবিশ্বাস্য । তেওঁ সদায় শক্তিৰে পৰিপূৰ্ণ হৈ থাকে । ৰছিদ খানে কয় যে কোহলীৰ ফিটনেছ উচ্চ স্তৰত আছে আৰু তেওঁ সদায় বলাৰৰ ওপৰত চাপ প্ৰয়োগ কৰিবলৈ চেষ্টা কৰে । তেওঁৰ শক্তিয়ে তেওঁক আন খেলুৱৈতকৈ পৃথক কৰি তোলে, যাৰ বাবে তেওঁ ধাৰাবাহিকভাৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় ।

লগতে পঢ়ক: ভাৰতৰ বাবে প্ৰত্যাহ্বান হ'ব পাৰে এইসকল আফগান ! - T20 World Cup 2024

বিৰাট কোহলীৰ বিষয়ে নূৰে কয় যে যেতিয়া বিৰাট কোহলীয়ে বেটিং কৰে তেতিয়া বেটিং কৰাটো সহজ যেন লাগে । দ্ৰুত বলাৰ নবীন উল হকে কয় যে তেওঁ এজন মহান খেলুৱৈ আৰু এজন মহান ক্ৰীড়াবিদ । ইয়াৰ উপৰিও আজমত উল্লাহ উমৰজাই কয় যে ‘‘বিৰাট মোৰ প্ৰিয় বেটছমেন, তেওঁৰ বেটিং আৰু তেওঁৰ আক্ৰমণ মোৰ ভাল লাগে ।’’

ৰোহিত শৰ্মা সন্দৰ্ভত মহম্মদ নবীয়ে কয় যে তেওঁ স্পিনাৰ বিৰুদ্ধে খেলিবলৈ শ্ৰেষ্ঠ বেটছমেন । বাউণ্ডেৰী মাৰিবলৈ তেওঁৰ যথেষ্ট সময় আছে । নবীন উল হকে ৰোহিত শৰ্মাক মহান অ’পেনাৰ বুলি অভিহিত কৰি কয় যে বছৰ বছৰ ধৰি ৰোহিতে ভাৰতৰ হৈ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই আহিছে ।

লগতে পঢ়ক: ছুপাৰ এইটৰ প্ৰথম মেচত আজি ভাৰতৰ প্ৰতিদ্বন্দ্বী আফগানিস্তান; পিটচ ৰিপোৰ্ট, সম্ভাৱ্য একাদশৰ পূৰ্বানুমান - T20 World Cup 2024

আফগান বেটছমেন ওমৰজাই কয় যে ৰোহিত শৰ্মাৰ ডাকনাম হিটমেন আৰু তেওঁ সহজেই বাউণ্ডেৰীৰ সিপাৰলৈ বল পঠিয়াব পাৰে । ক্ৰীজত বেটিং কৰিবলৈ যিমানেই সময় দিব সিমানেই সহজে বাউণ্ডেৰী স্ক’ৰ কৰিব পাৰিব ।

উল্লেখ্য যে ভাৰতীয় দলটোৱে কোনো ডাঙৰ প্ৰত্যাহ্বানৰ পৰা হাত সাৰিবলৈ বিচাৰিব । আফগানিস্তানক সহজভাৱে লোৱাটো ভাৰতৰ বাবে ভুল হ’ব পাৰে কাৰণ আফগানিস্তানে নিউজীলেণ্ডৰ বিৰুদ্ধে উজ্জ্বল প্ৰদৰ্শন দেখুৱাই মেচখনত বিপুল ব্যৱধানত জয়লাভ কৰিছে । আফগানিস্তানে পুনৰ একে প্ৰদৰ্শনলৈ ঘূৰি আহিব বিচাৰিব ।

লগতে পঢ়ক: ছুপাৰ ৮ ত আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী প্ৰদৰ্শন আগবঢ়াব পাৰিবনে ভাৰতে ? - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.