ETV Bharat / sports

বেনাৰসৰ পৰা মুম্বাইলৈ ধুমুহা সৃষ্টি কৰা সূৰ্যকুমাৰ যাদৱৰ আজি ওপজাদিন: পত্নীৰ পোষ্টত প্ৰেমৰ বৰ্হিপ্ৰকাশ - SURYAKUMAR YADAV 34TH BIRTHDAY

author img

By ETV Bharat Sports Team

Published : Sep 14, 2024, 3:31 PM IST

Suryakumar Yadav 34th Birthday Wishes: পত্নী দেৱীশা ছেট্টী আৰু বি চি চি আইৰ সচিব জয় শ্বাহৰ বিশেষ শুভেচ্ছাবাণীৰে বিশেষ হৈ পৰিল ক্ৰিকেটাৰ সূৰ্যকুমাৰ যাদৱৰ শনিবাৰৰ বিশেষ দিনটো ৷ কিয়নো আজি ভাৰতৰ টি-20 দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ ওপজাদিন ৷

SURYAKUMAR YADAV 34TH BIRTHDAY
সূৰ্যকুমাৰ যাদৱ (ANI PHOTO)

স্প’ৰ্টছ ডেস্ক, 14 ছেপ্টেম্বৰ: বি চি চি আইৰ সচিব জয় শ্বাহে শনিবাৰে ভাৰতৰ টি-20 দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱক 34 তম জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ ভাৰতীয় দলটোক ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেটত বিজয়ৰ দিশে লৈ যোৱা দেখি সচিবগৰাকী উৎসাহিত বুলি মন্তব্য কৰি জন্মদিনৰ শুভেচ্ছা জনাই যাদৱক ৷

বি চি চি আইৰ সচিব জয় শ্বাহে জনাইছে অভিনন্দন

শ্বাহে নিজৰ এক্স একাউণ্টত লিখিছিল এনেদৰে, "আমাৰ টি-20 অধিনায়ক আৰু মিষ্টাৰ 360 ক বেটেৰে জন্মদিনৰ শুভেচ্ছা, @surya_14kumar ! আপুনি মেন ইন ব্লুক আটাইতকৈ চুটি ফৰ্মেটত একাধিক বিজয়ৰ দিশে লৈ যোৱা দেখি মই উৎসাহিত । আগন্তুক বছৰৰ বাবে শুভকামনা" ।

টি-20 বিশ্ব ৰেংকিঙত এক নম্বৰ স্থানত থকা সূৰ্যকুমাৰে চলিত বৰ্ষৰ বাৰ্বাডোছৰ কেনিংটন অ’ভেলত অনুষ্ঠিত টি-20 বিশ্বকাপৰ ফাইনেলত লং-অফত ডেভিদ মিলাৰৰ দৰ্শনীয় কেচটো আয়ত্ব কৰি ক্ৰিকেটৰ ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিছিল ৷ এই কেচটোৰ বাবে ভাৰতে আই চি চি খিতাপ জয়ৰ সুদীৰ্ঘ 11 বছৰীয়া আশাৰ অন্ত পেলাই দ্বিতীয়বাৰৰ বাবে টি-20 বিশ্বকাপৰ ট্ৰফী দখল কৰে ।

পত্নী দেৱীশাৰ পোষ্টত প্ৰেমৰ বৰ্হিপ্ৰকাশ

ভাৰতৰ বিস্ফোৰক বেটছমেন সূৰ্যকুমাৰৰ পত্নী দেৱীশা ছেট্টীয়েও সোঁহতীয়া বেটছমেনজনৰ জন্মদিনত নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা আৱেগিক নোট পোষ্ট কৰি শুভেচ্ছা জনায় । "মোৰ সৰ্বশ্ৰেষ্ঠ বন্ধু, স্বামী, প্ৰেমিক, মোৰ পৃথিৱী আৰু মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ সিদ্ধান্তলৈ জন্মদিনৰ শুভেচ্ছা ! প্ৰতিদিনে আপোনাৰ বাবে কৃতজ্ঞ । আপুনি এই পৃথিৱীখনত এক উন্নত স্থান তৈয়াৰ কৰিছে আৰু মই নাজানো আপোনাৰ অবিহনে মই কি কৰিম" ৷ লগতে দেৱীশাই "বৰ্তমান আৰু চিৰদিনৰ বাবে প্ৰেম" বুলি পোষ্টটোত উল্লেখ কৰে ।

2021 চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা সূৰ্যকুমাৰে নিজকে টি-20 বেটিঙৰ অন্যতম মহান খেলুৱৈ হিচাপে দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে ৷ অৱশ্যে তেওঁৰ এদিনীয়া আৰু টেষ্ট কেৰিয়াৰ এতিয়াও সেই শিখৰত উপনীত হোৱা নাই ।

লগতে পঢ়ক: খেলপথাৰত দুভৰিৰ যাদুৰে দৰ্শকক মোহাছন্ন কৰা অসমৰ মাৰাডোনাই জীৱনৰ পৰা ল’লে চিৰবিদায় - FOOTBALLER TOSHEN BORAH NO MORE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.