ETV Bharat / sports

নৰ্থ চেনেল পাৰ হৈ ইতিহাস ৰচনা ভাৰতীয় সাঁতোৰবিদ সায়নী দাসৰ - SAYANI CROSSES NORTH CHANNEL

author img

By ETV Bharat Sports Team

Published : Aug 31, 2024, 10:57 PM IST

Sayani Das Makes History: নৰ্থ চেনেল পাৰ হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে ইতিহাস ৰচনা সায়নী দাসৰ ৷ ১৩ ঘন্টা ২২ মিনিটত এই ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় সায়নী ।

Sayani Das Makes History
নৰ্থ চেনেল পাৰ হৈ ইতিহাস ৰচনা ভাৰতীয় সাঁতোৰবিদ সায়নী দাসৰ (ETV Bharat)

স্পৰ্টছ ডেস্ক, ৩১ আগষ্ট: শুকুৰবাৰে নৰ্থ চেনেল পাৰ হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয় সাঁতোৰবিদ সায়নী দাস । পশ্চিমবংগৰ সায়নীয়ে মহাদেশৰ প্ৰথম মহিলা সাঁতোৰবিদ হিচাপে ১৩ ঘন্টা ২২ মিনিটত এই ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় । সায়নীয়ে এই কৃতিত্ব অৰ্জন কৰি মহাদেশখনৰ পৰা উত্তৰ চেনেল জয় কৰা প্ৰথমগৰাকী মহিলা হিচাপে সাতখন সাগৰৰ ভিতৰত পঞ্চম সাগৰ পাৰ কৰে ।

সায়নী দাসে ৰচিলে ইতিহাসসাঁতোৰবিদগৰাকীয়ে এতিয়াও চুগাৰ জলদ্বীপ আৰু জিব্ৰাল্টাৰত উপনীত হ’ব পৰা নাই । যদিহে তেওঁ পৰৱৰ্তী দুটাত জয়ী হয় তেন্তে ২৬ বছৰীয়া সায়নীয়ে লাভ কৰিব অ’চেন চেভেন চেলেঞ্জৰ মুকুট । ইয়াৰ পূৰ্বে ২০১৭ চনত ইংৰাজী চেনেল পাৰ হৈছিল সায়নীয়ে, তাৰ পিছত ২০১৯ চনত তেওঁ সাঁতুৰি আমেৰিকাৰ কেটালিনা জলদ্বীপ পাৰ হৈছিল । বংগৰ এই জলকন্যাই ২০২২ চনত আমেৰিকাত মোলোকাই আৰু ২০২৪ চনৰ এপ্ৰিল মাহত নিউজিলেণ্ডৰ কুক ষ্ট্ৰেইটত জয়লাভ কৰিছে ।

সায়নীয়ে কি ক’লে নিজৰ কৃতিত্বৰ কথা

সায়নীয়ে তেওঁৰ এই কৃতিত্বৰ পিছত কয়, "প্ৰতিকূল পৰিবেশত এনে চেনেল পাৰ হোৱাটো প্ৰত্যাহ্বানজনক । নৰ্থ চেনেলত অত্যন্ত ঠাণ্ডা, প্ৰচণ্ড পানীৰ সোঁত, সাগৰৰ বতাহ, জেলিফিছ বা শ্বাৰ্কৰ আশংকাও দেখা যায় । এই সকলোবোৰ আওকাণ কৰি অৱশেষত সায়নীয়ে ইতিহাসত নিজৰ নাম খোদিত কৰিলে । যিহেতু নৰ্থ চেনেলক অ’চেন চেভেন চেলেঞ্জৰ আটাইতকৈ কঠিন পথ বুলি গণ্য কৰা হয়, সেয়েহে কলনা চহৰৰ বাৰুইপাৰা অঞ্চলৰ বাসিন্দা সায়নীৰ বাবে ই আছিল এক কঠিন প্ৰত্যাহ্বান ।

উত্তৰ আয়াৰলেণ্ড আৰু স্কটলেণ্ডৰ মাজৰ দূৰত্ব ৩৪.৫ কিলোমিটাৰ যদিও বতৰৰ বাবে এই দূৰত্ব ৪৫ কিলোমিটাৰ হৈ পৰিল । তদুপৰি জুনৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত তাপমাত্ৰা ১০-১৪ ডিগ্ৰী ছেলচিয়াছৰ ভিতৰত থাকে ।

তেওঁ আৰু কয়, "মই পঞ্চম প্ৰত্যাহ্বান অৰ্থাৎ নৰ্থ চেনেল অতিক্ৰম কৰিছো । মোৰ ১৩ ঘণ্টা ২২ মিনিট সময় লাগিল । মই এই চেনেল পাৰ হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হৈ পৰিলোঁ । মই এছিয়া মহাদেশৰ পৰা পাঁচটা চেনেল পাৰ হোৱা প্ৰথমগৰাকী মহিলা সাঁতোৰবিদ । আৰু দুটা চেনেল বাকী আছে জিব্ৰাল্টাৰ আৰু জাপান । ভৱিষ্যতেও ভাল প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰি যাম ।"

লগতে পঢ়ক: ইতিহাস ৰচি ডুৰাণ্ড কাপৰ খিতাপ দখল নৰ্থ-ইষ্ট ইউনাইটেডৰ - Durand Cup Final

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.