ETV Bharat / sports

আই পি এলৰ পৰা ভাৰতীয় মূল দললৈ...সমালোচনাৰ পৰা উত্তৰণলৈ...ৰিয়ান পৰাগৰ বিস্ফোৰক মন্তব্য - Riyan Parag Interview

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 5:13 PM IST

Ind vs ZIM T20: ভাৰতীয় ক্ৰিকেট দলটোৱে ৬ জুলাইৰ পৰা ১৪ জুলাইলৈ জিম্বাব’ৱেৰ বিৰুদ্ধে টি-২০ শৃংখলা খেলিব । ইয়াৰ পূৰ্বে ভাৰতীয় দলত প্ৰথমবাৰলৈ স্থান লাভ কৰা ৰিয়ান পৰাগে কৰিছে এক ডাঙৰ মন্তব্য ৷ সম্পূৰ্ণ খবৰ পঢ়ক...

Ind vs ZIM T20
RIYAN PARAG INTERVIEW (IANS)

স্প’ৰ্টছ ডেস্ক, ২ জুলাই: ভাৰত আৰু জিম্বাব’ৱেৰ মাজত ৬ জুলাইৰ পৰা ১৪ জুলাইলৈ হাৰাৰে স্প’ৰ্টছ ক্লাবত অনুষ্ঠিত হ’ব পাঁচখনীয়া টি-২০ শৃংখলা । ভাৰতীয় দলটোত টি-২০ বিশ্বকাপৰ মূল দলৰ পৰা মাত্ৰ দুজন খেলুৱৈহে অন্তৰ্ভুক্ত কৰা হৈছে । তেওঁলোক হৈছে যশস্বী জয়ছোৱাল আৰু সঞ্জু চেমচন । এই দুয়োজন খেলুৱৈকে প্লেইং-১১ত সুযোগ দিয়া হোৱা নাছিল । টি-২০ বিশ্বকাপত খেলা দলটোৰ বাকী সদস্যক জিৰণি দিয়া হৈছে ।

যোৱা ১২ মাহত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আৰু ঘৰুৱা খেলপথাৰত নিজকে প্ৰমাণ কৰা আশাব্যঞ্জক যুৱ খেলুৱৈসকলে ভাৰতীয় দলৰ হৈ খেলা সুযোগ লাভ কৰিছে । টীম ইণ্ডিয়াৰ হৈ প্ৰথমটো ছিৰিজ খেলাৰ পূৰ্বে অলৰাউণ্ডাৰ তথা ৰাজস্থান ৰয়েলছৰ তাৰকা ৰিয়ান পৰাগে ই এছ পি এন ক্ৰিচিনফ’ৰ সৈতে কথা এক বাৰ্তালাপত মিলিত হৈ মনৰ ভাৱ ব্যক্ত কৰে ।

লগতে পঢ়ক: প্ৰথমে এগৰাকী দেশপ্ৰেমী হোৱা, তাৰ পিচতহে... : ৰিয়ান পৰাগক সমালোচনা কৰি এইদৰে ক’লে এছ শ্ৰীসান্থে - Sreesanth slams Riyan Parag

নিজৰ বক্তব্যত ৰিয়ান পৰাগে কয়, ‘‘মই অনুভৱ কৰোঁ অসমৰ জনসাধাৰণে নিজকে ডাঙৰ চিন্তা কৰাৰ পৰা আঁতৰত ৰাখে । মই এইটো সলনি কৰিব বিচাৰিছো, মই এতিয়াও আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ নহয় । মই দেশৰ হৈ খেলিব বিচাৰো, এবাৰ তাত উপস্থিত হ’লে মানুহে গম পাব যে তেওঁলোকৰ এটা উপায় আছে, এটা ৰোড মেপ আছ, যাৰ দ্বাৰা তেওঁলোকৰ নিজৰ এজন খেলুৱৈ এই স্থানত উপনীত হৈছে । এতিয়া মই আই পি এল খেলিছো আৰু মানুহে উপলব্ধি কৰিছে যে অসমৰ দৰে সৰু ৰাজ্যৰ হ’লেও সেই স্তৰত উপনীত হ’ব পাৰি ৷’’

প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ পূৰ্বে তেওঁ কয়, ‘‘যেতিয়া মই দেশৰ হৈ খেলোঁ, তেতিয়া মই কেৱল দেশৰ হৈয়েই খেলিম, গতিকে মই ভাবো প্ৰকৃত ৰোড মেপ তেতিয়াই তৈয়াৰ হ’ব । বাস্তৱত তেওঁলোকে ইয়াক অনুসৰণ কৰাৰ প্ৰয়োজন নাই ।’’

চলিত বৰ্ষৰ আই পি এলৰ সফল প্ৰদৰ্শনৰ সন্দৰ্ভত পৰাগে কয় যে ২০২৩ বৰ্ষৰ ছিজনত মুখ্য প্ৰশিক্ষক তথা ক্ৰিকেটৰ সঞ্চালক কুমাৰ ছাংগক্কাৰাই তেওঁক পুনৰ আহি কষ্ট কৰি প্ৰদৰ্শন কৰিবলৈ কৈছিল । পৰাগে কয় যে আই পি এলৰ তিনিটা বেয়া ছিজনৰ বাবে তেওঁ নিজৰ ওপৰতে সন্দেহ কৰিবলৈ বাধ্য কৰাইছিল ।

লগতে পঢ়ক: জাতীয় দলৰ জাৰ্ছী পিন্ধাৰ সপোন পূৰাবলৈ ভাৰতীয় ক্ৰিকেট দলৰ সৈতে জিম্বাব’ৱেলৈ উৰা মাৰিলে ৰিয়ান পৰাগে - Zimbabve Tour Of Indin Team

‘‘কিন্তু যোৱা বছৰকেইটাত মই সদায় সমাধান বিচাৰি নিজাববীয়াকৈ প্ৰদৰ্শন ঠিক কৰাত অতিশয় আগ্ৰহী হৈ আহিছো, গতিকে মই সঁচাকৈয়ে কাৰো লগত কথা পতা নাছিলো । মই মাত্ৰ কি ভুল হ’ল সেইটো বুজিবলৈ চেষ্টা কৰি আছিলো ৷’’ ৰিয়ানে কয় ৷

ট্ৰ’ল হোৱাৰ পিচতো তেওঁ মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰিছিল । তেওঁ আৰু কয়, ‘‘মোৰ ইমান ঘৃণা কিয় হৈছিল ? ৰয়েলছৰ চেট-আপৰ বাহিৰে সকলোৰে পৰা কিয় নেতিবাচক মন্তব্য পাইছিলোঁ ? মোৰ খেলখন বুজিবলৈ চেষ্টা কৰিলোঁ ।’’ অনলাইন ট্ৰলিং আৰু গালি-গালাজৰ সন্দৰ্ভত পৰাগে কয় যে তেওঁৰ বিষয়ে কাৰো মতামত সলনি কৰিব নোৱাৰিব বুলি উপলব্ধি কৰি যোৱা বছৰ সকলো সমালোচনা শেষ কৰাৰ সিদ্ধান্ত লৈছিল ।

‘‘আজিকালি ছ’চিয়েল মিডিয়াত সমালোচনাক এৰাই চলিবলৈ চেষ্টা কৰিলেও সঁচা অৰ্থত আপুনি ইয়াক এৰাই চলিব নোৱাৰে । কাৰণ ইনষ্টাগ্ৰাম খুলিলে মাত্ৰ এনেকুৱা কিবা এটা দেখা পাব । আপুনি মাত্ৰ ইয়াক স্ক্ৰল কৰিব পাৰে । গতিকে মই মাত্ৰ ভাবিলোঁ যে ইনষ্টাগ্ৰাম খুলিব নালাগে কাৰণ মোৰ প্ৰয়োজন নাই । ই সহজ নহয় । কিন্তু তাৰ পিচত যোৱা বছৰ নিজৰ লগত কথা পাতিলোঁ আৰু এই ধৰণৰ উত্থানৰ বাবে ব্যক্তিগতভাৱে মই সঁচাকৈয়ে আশা নকৰা কথাবোৰ সহ্য কৰিবলগীয়া হৈছিল ।’’ ৰিয়ানে লগতে কয় ৷

লগতে পঢ়ক: ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ ৰিয়ান পৰাগৰ: পুত্ৰৰ সাফল্যত গৌৰৱান্বিত পিতৃ-মাতৃ - Riyan Parag

উল্লেখ্য যে কেইবাবছৰ ধৰি বেয়া প্ৰদৰ্শন কৰাৰ পিচত এই ছিজনত ৰাজস্থান ৰয়েলছৰ (আৰ আৰ) মেনেজমেণ্টে ৰিয়ানক চাৰি নম্বৰলৈ উন্নীত কৰে, আৰু তেওঁ ১৬খন মেচত গড়ে ৫২.০৯, ১৪৯ ষ্ট্ৰাইক ৰেটেৰে খেলি ৫৭৩ ৰান সংগ্ৰহ কৰি সমালোচনাবোৰৰ উত্তৰ দিয়ে ৷ য'ত তেওঁৰ সৰ্বোচ্চ স্ক'ৰ আছিল ৮৪ ৰান । তেওঁৰ ধাৰাবাহিক সুন্দৰ বেটিং আছিল আৰ আৰে প্লে’ অফত প্ৰৱেশ কৰাৰ অন্যতম প্ৰধান কাৰণ ।

ৰিয়ানে কয় যে তেওঁ নিজৰ কম্ফ’ৰ্ট জ’নৰ পৰা ওলাই গ’ল । আই পি এলৰ লগে লগে ৰাজস্থান ৰয়েলছ একাডেমীলৈ যায় । ‘‘তাত বৰ গৰম, উষ্ণতা ৪৫ ডিগ্ৰী আৰু মই এমাহ ধৰি প্ৰতিদিনে তিনিটা চেচন কৰিলোঁ । তাত উপনীত হ’বলৈ বহুত নিষ্ঠাৰ প্ৰয়োজন, কাৰণ ই এটা কঠিন ঠাই, কঠিন পৰিস্থিতি, কিন্তু তাৰ পিচতো মাত্ৰ কামটো সম্পূৰ্ণ কৰিব লাগিব । এই ভাবটো ভিতৰৰ পৰা আহিব লাগিব । এইটোৱে মোক সহায় কৰিলে কাৰণ মই উন্নতি কৰিব বিচাৰিছিলো । মোৰ খেলৰ বিষয়ে অধিক জানিব বিচাৰিছিলো, বিভিন্ন পৰিস্থিতিৰ বাবে পৰিকল্পনা কৰিব বিচাৰিছিলো ।’’

সম্পৰ্ক সহজ হোৱাৰ বাবে আৰু তেওঁৰ বাবে কামবোৰ সহজ কৰি তোলাৰ বাবে ৰিয়ানে ছাংগাক্কাৰাক কৃতিত্ব দিয়ে । ‘‘মই সদায় তেওঁৰ ওচৰলৈ গৈ ক্ৰিকেটৰ কথা ক’লোঁ, জীৱনৰ কথা ক’লোঁ, গ’ল্ফৰ কথা ক’লোঁ আৰু বহুতো কথা ক’লো । যোৱা তিনি-চাৰি বছৰত তেওঁৰ সৈতে কাম কৰি সঁচাকৈয়ে আচৰিত হৈ পৰিছোঁ ।’’ ৰিয়ানে কয় ৷

লগতে পঢ়ক: জিম্বাব’ৱেৰ বিৰুদ্ধে টি-20 শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা : দলত অন্তৰ্ভুক্ত ৰিয়ান পৰাগ - Riyan Parag in India Team

‘‘তেওঁ মুকলিকৈ পৰামৰ্শ দিয়ে । আই পি এলৰ বাহিৰতো আপুনি আপোনাৰ খেলখন কেনেকৈ বিকশিত কৰি আছে, সেই দহমাহৰ বাবে যেতিয়া আপোনাক কোনেও নেদেখে, সেই কথা জানিবলৈ তেওঁলোকৰ বৰ কৌতুহল থাকে । তেওঁলোকে এতিয়াও আপোনাৰ ওপৰত চকু ৰাখে, আপুনি কি কৰি আছে, কেনেকৈ খেলি আছে । তেওঁৰ সৈতে কাম কৰাটো অতি সুন্দৰ অভিজ্ঞতা । তেওঁ কিংবদন্তি, কিন্তু তাৰ লগতে তেওঁ এজন মহান ব্যক্তিও ।’’ ৰিয়ান পৰাগে লগতে কয় ৷

আৰ আৰৰ অধিনায়ক সঞ্জু চেমছনৰ সৈতে থকা সম্পৰ্ক সন্দৰ্ভত ৰিয়ানে কয় যে দুয়োজনেই অতি ঘনিষ্ঠ, আৰু অধিক ঘনিষ্ঠ হৈ পৰিছে কাৰণ তেওঁ ৰিয়ানক খেলৰ সময়ত নেতৃত্ব গোটৰ অংশ হ’বলৈ কৈছিল । ৰিয়ানে কয়, ‘‘মই তেওঁলোকৰ যত্ন লৈছিলো, বলাৰৰ লগত কথা পাতিব লাগিছিল, খেলপথাৰৰ কথা ক’ব লাগিছিল আৰু তেওঁলোকৰ লগত যোগাযোগ কৰিব লাগিছিল । সম্প্ৰতি শ্ৰেষ্ঠ বেটছমেনৰ ভিতৰত অন্যতম সঞ্জু ভাইয়া ।’’

‘‘তেওঁৰ উইকেট ৰক্ষণাবেক্ষণত লক্ষ্যহীন হৈ নাথাকে বুলিও মোৰ বিশ্বাস । খেলপথাৰত তেওঁৰ পৰা বহু কথা শিকিব পাৰি - খং উঠিলেও তেওঁ নিজকে চম্ভালি লোৱাৰ ধৰণ, খেলত পৰাস্ত হোৱাৰ পিচত নিজকে চম্ভালি লোৱাৰ ধৰণ, এই সকলোবোৰ সঁচাকৈয়ে প্ৰশংসনীয় । তেনেকৈয়ে আমি অধিনায়কৰ পৰা আত্মবিশ্বাস পাওঁ, কাৰণ আপুনি এনে এজন অধিনায়ক নিবিচাৰে যিয়ে কেৱল চিঞৰি থাকে আৰু নিজৰ আৱেগ দেখুৱাই থাকে । তেওঁ নিজৰ আৱেগবোৰ নিজৰ মাজতে ৰাখে, খেল এখনত জয়ী বা পৰাস্ত হোৱাৰ পিচত সকলোৰে লগত স্বাভাৱিকভাৱে কথা পাতে । মই ভাবো এইবোৰ কথাই তেওঁক এজন মহান অধিনায়ক কৰি তুলিছে ।’’

লগতে পঢ়ক: জিম্বাব’ৱে ভ্ৰমণৰ বাবে ভাৰতীয় দলত নীতিশ ৰেড্ডীৰ পৰিৱৰ্তে অন্তৰ্ভুক্ত শিৱম ডুবে - India Tour of Zimbabwe

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.