ETV Bharat / sports

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী; ব্ৰীছবেন টেষ্টৰ পূৰ্বে আঘাতপ্ৰাপ্ত ভাৰতীয় ক্ৰিকেটাৰ - BORDER GAVASKAR TROPHY

India vs Australia 3rd Test: টীম ইণ্ডিয়াৰ এগৰাকী বিস্ফোৰক বেটছমেন আঘাতপ্ৰাপ্ত ৷ নেট অনুশীলনৰ সময়তে আঘাতপ্ৰাপ্ত হয় খেলুৱৈগৰাকী ৷

BORDER GAVASKAR TROPHY
ভাৰতীয় ক্ৰিকেট দলৰ সদস্যসকল (AP Photos)
author img

By ETV Bharat Sports Team

Published : Dec 11, 2024, 10:22 AM IST

স্প’ৰ্টছ ডেস্ক: সম্প্ৰতি ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত চলি থকা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী শীৰ্ষক টেষ্ট শৃংখলাৰ দুখনকৈ মেচ ইতিমধ্যে সমাপ্ত হৈছে ৷ পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে এডিলেইড টেষ্টত অষ্ট্ৰেলিয়াই জয়ৰ মুখ দেখে ৷

এই জয়ৰ জৰিয়তে দুয়োটা দলে শৃংখলাটোত 1-1 ত সমতা স্থাপন কৰে ৷ এডিলেইড টেষ্টত শোচনীয় পৰাজয়ৰ পিছত টীম ইণ্ডিয়াই বৃহস্পতিবাৰে (14 ডিচেম্বৰ) আৰম্ভ হ'বলগা তৃতীয়খন মেচত জয়লাভ কৰাৰ চেষ্টা চলাব ৷

অনুশীলনৰ সময়ত ভাৰতীয় খেলুৱৈ আঘাতপ্ৰাপ্ত

ব্ৰীছবেনত অনুষ্ঠিত হ’বলগীয়া তৃতীয় টেষ্টৰ পূৰ্বে টীম ইণ্ডিয়াৰ লগতে দেশৰ ক্ৰিকেট অনুৰাগীসকলৰ বাবে এটা বেয়া খবৰ ৷ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, অনুশীলনৰ সময়ত ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী গুৰুত্বপূৰ্ণ খেলুৱৈ আঘাতপ্ৰাপ্ত হৈছে । আঘাতপ্ৰাপ্ত খেলুৱৈগৰাকী হৈছে ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত ৷

BORDER GAVASKAR TROPHY
ঋষভ পন্ত (AP Photos)

নেটত আঘাতপ্ৰাপ্ত ঋষভ পন্ত

ভাৰতীয় খেলুৱৈসকলে বিগত দুদিন ধৰি নেটত অনুশীলন কৰি থকা দেখা গৈছে ৷ নেটত অনুশীলন কৰি থকাৰ সময়তে উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত আঘাতপ্ৰাপ্ত হয় । পন্তে নেটত বেটিঙৰ অনুশীলন কৰি থাকোতে থ্ৰ’-ডাউন বিশেষজ্ঞ ৰঘুই বলিং কৰি আছিল ।

তেনে সময়তে ৰঘুৱে থ্ৰ’ কৰা এটা বলে আহি খেলুৱৈগৰাকীক প্ৰত্যক্ষভাৱে আঘাত কৰাৰ ফলতে খেলুৱৈগৰাকী আঘাতপ্ৰাপ্ত হয় ৷ এই ঘটনাৰ পিছতে পন্তে বেটিং অনুশীলন বন্ধ কৰে । ততালিকে তাত টীম ইণ্ডিয়াৰ চিকিৎসা সেৱাৰ দায়িত্বত থকা দলটো উপস্থিত হৈ আঘাত গুৰুতৰ নোহোৱাটো নিশ্চিত কৰে ৷

কিছুসময় বিৰতিৰ পিছতে খেলুৱৈগৰাকীক পুনৰ অনুশীলন কৰা দেখা যায় ৷ পন্তক পৰৱৰ্তী সময়ত ব্ৰীছবেনত অনুষ্ঠিত হ'বলগীয়া তৃতীয়খন টেষ্টত খেলা দেখিবলৈ পোৱা যাব ।

গাব্বাত পন্তৰ বিস্ফোৰক অভিলেখ

ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্তক গাব্বাৰ হিৰো বুলি জনা যায় । 2021 চনত অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত পন্তে ব্ৰীছবেনৰ গাব্বা খেলপথাৰত এক সুন্দৰ ইনিংছ খেলিছিল । তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট মেচত 89 ৰাণৰ অপৰাজিত ইনিংছ খেলিছিল ।

সমান্তৰালকৈ ক্ৰিকেটাৰগৰাকীয়ে গাব্বাত টীম ইণ্ডিয়াৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । চলিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীতো দুখন মেচ খেলা পন্তে 87 ৰাণ সংগ্ৰহ কৰিছে । টীম ইণ্ডিয়াই পৰৱৰ্তী তিনিখন মেচত উন্নত প্ৰদৰ্শন কৰাৰ বিষয়ত আত্মবিশ্বাস অটুট ৰাখিছে ।

লগতে পঢ়ক: অমিতাভ বচ্চন, শ্বাহৰুখ খানক অতিক্ৰমী জনপ্ৰিয়তাৰ শীৰ্ষত এম এছ ধোনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.