ETV Bharat / sports

টেষ্ট ক্ৰিকেটৰ পৰা সাময়িক বিৰতি ঘোষণা আফগানিস্তানৰ এইগৰাকী ক্ৰিকেটাৰৰ - RASHID KHAN TEST BREAK

author img

By ETV Bharat Sports Team

Published : Aug 30, 2024, 6:09 PM IST

Rashid Khan injury: টেষ্ট ক্ৰিকেটৰ পৰা সাময়িক বিৰতি ঘোষণা কৰিছে আফগানিস্তানৰ তাৰকা লেগ স্পিনাৰ ৰছিদ খানে ৷ পিঠিৰ আঘাতৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া এখন টেষ্টৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে ক্ৰিকেটাৰগৰাকীয়ে ৷

RASHID KHAN TEST BREAK
আফগানিস্তানৰ তাৰকা লেগ স্পিনাৰ ৰছিদ খান (AFP Photo)

স্প’ৰ্টছ ডেস্ক, 30 আগষ্ট: আফগানিস্তান ক্ৰিকেটৰ "পোষ্টাৰ বয়" খ্যাত ৰছিদ খানে অদূৰ ভৱিষ্যতে টেষ্ট ফৰ্মেটত মেচ খেলাৰ পৰা বিৰত থাকিব ৷ পিঠিৰ আঘাতৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে খেলুৱৈগৰাকীয়ে ৷ যোৱা বছৰত খানে পিঠিৰ অস্ত্ৰোপচাৰ কৰাইছিল ৷

আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ (এ চি বি) এক সূত্ৰই সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি, খেলুৱৈগৰাকীৰ লগতে টীম পৰিচালনা সমিতিয়ে তেওঁৰ পিঠিৰ আঘাতৰ কথা বিবেচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে ।

এই সপ্তাহৰ আৰম্ভণিতে 9 ছেপ্টেম্বৰৰ পৰা গ্ৰেটাৰ নয়দাত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া এখন টেষ্টৰ বাবে নিৰ্বাচিত দলটোৰ পৰা বাদ পৰিছিল ৰছিদ খান ৷ অক্টোবৰ-নৱেম্বৰত ভাৰতত অনুষ্ঠিত এদিনীয়া বিশ্বকাপৰ পিছত ৰছিদৰ পিঠিৰ অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু তেতিয়াৰ পৰা চাৰি মাহৰ বাবে খেলৰ পৰা বাহিৰ হৈছিল ক্ৰিকেটাৰগৰাকী ।

তেওঁ শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত টি-20 বিশ্বকাপত অংশগ্ৰহণ কৰিছিল ৷ য'ত তেওঁ ছেমি ফাইনেললৈ আফগানিস্তানৰ অধিনায়ক হিচাপে দায়িত্ব পালন কৰিছিল । 25 বছৰীয়া ৰছিদে শেহতীয়াকৈ কাবুলৰ শ্পেজিজা টি-20 লীগত তিনিখন মেচ খেলি মুঠ ছয়টা উইকেট দখল কৰিছিল ।

"অস্ত্ৰোপচাৰৰ পিছত ক্ৰিকেটাৰগৰাকীয়ে লাহে লাহে কামৰ বোজা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে । পৰৱৰ্তী ছয় মাহৰ পৰা এবছৰলৈ দীঘলীয়া ফৰ্মেট নেখেলাটোও এই পৰিকল্পনাৰে অংশ আছিল । অৱশ্যে অহা মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাৰ বাবে খেলুৱৈগৰাকী উপলব্ধ হোৱাৰ সম্ভাৱনা আছে ৷

ৰছিদে আফগানিস্তানৰ হৈ 5 খন টেষ্ট, 103 খন এদিনীয়া আৰু 93 খন টি-20 মেচত অংশগ্ৰহণ কৰিছে ৷ আগষ্টৰ আৰম্ভণিতে আমেৰিকা যুক্তৰাষ্ট্ৰত 'দ্য হাণ্ড্ৰেড' ৰ সময়তো তেওঁ হেমষ্ট্ৰিঙৰ আঘাতত ভূগিছিল । আফগানিস্তান ইতিমধ্যে গ্ৰেটাৰ নয়দাত ঘৰুৱা ক্ৰিকেটত ব্যস্ত আছে আৰু সমান্তৰালকৈ নিউজিলেণ্ডৰ বিৰুদ্ধে অংশগ্ৰহণ কৰিবলগীয়া টেষ্টৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ।

লগতে পঢ়ক: কোনগৰাকী বেটছমেনক বল দিবলৈ কঠিন: উত্তৰ দিলে যশপ্ৰীত বুমৰাহে - JASPRIT BUMRAH

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.