ETV Bharat / sports

টীম ইণ্ডিয়াৰ অনুশীলন মেচৰ প্ৰথম দিনটোতে বৰষুণৰ বিধি-পথালি - IND VS AUS PM XI

প্ৰধানমন্ত্ৰী একাদশৰ বিৰুদ্ধে ভাৰতৰ অনুশীলন মেচখনৰ প্ৰথম দিনটোত বৰষুণৰ বিধি-পথালি ৷ 50 অভাৰলৈ সীমিত দুয়োটা দলৰ খেল ৷

IND VS AUS PM XI
ভাৰত বনাম প্ৰধানমন্ত্ৰী একাদশৰ অনুশীলন মেচ (IANS Photo)
author img

By ETV Bharat Sports Team

Published : Nov 30, 2024, 7:26 PM IST

স্প’ৰ্টছ ডেস্ক: ভাৰত আৰু প্ৰধানমন্ত্ৰী একাদশৰ মাজত শনিবাৰে অনুষ্ঠিত হোৱা দুদিনীয়া অনুশীলন মেচখনৰ প্ৰথম দিনটোত বিধিপথালি বৰষুণৰ ৷ কেনবেৰাৰ মানুকা অভেলত বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয় মেচখন ।

বেয়া বতৰৰ বাবে প্ৰথম দিনাৰ খেল সম্ভৱ নহ’ল, যাৰ বাবে হতাশ হৈ পৰে দুয়োটা দল । এই অনুশীলন মেচখনেই হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া পিংক বল টেষ্টৰ পূৰ্বে অনুশীলনৰ একমাত্ৰ সুযোগ ৷

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত এই খেলখন 6 ডিচেম্বৰৰ পৰা এডিলেইডত আৰম্ভ হ’ব । শেষবাৰৰ বাবে ভাৰতে অষ্ট্ৰেলিয়াৰ মাটিত পিংক বল টেষ্ট খেলি আলহী দলটো 36 ৰাণত আউট হৈছিল ।

ৰোহিত শৰ্মাৰ নেতৃত্বাধীন দলটোৱে 2022 চনৰ মাৰ্চ মাহৰ পৰা পিংক বল টেষ্টত অংশগ্ৰহণ কৰা নাই ৷ ই এছ পি এন ক্ৰিইনফ’ৰ প্ৰতিবেদন অনুসৰি দ্বিতীয় দিনা দুয়োটা দলৰ 50 অভাৰৰ মেচ অনুষ্ঠিত হ’ব ৷ যাৰ ফলত ভাৰতে বেটিং আৰু বলিং দুয়োটাতে অনুশীলনৰ সমান সুযোগ লাভ কৰিব ।

এই অনুশীলন মেচৰ পূৰ্বে ভাৰতীয় দল আৰু প্ৰধানমন্ত্ৰীৰ একাদশ দলে সংসদত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানীক সাক্ষাৎ কৰে । ভাৰতীয় দলৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰী আলবানীয়ে বিৰাট কোহলী আৰু যশপ্ৰীত বুমৰাহক উচ্চ প্ৰশংসা কৰে । অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী আৰু কোহলীৰ মাজতো এক সুন্দৰ কথা-বতৰা হোৱা দেখা যায় ।

ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই যেতিয়া প্ৰধানমন্ত্ৰী আলবানীক খেলুৱৈসকলৰ সৈতে চিনাকি কৰাই দিছিল, তেতিয়া অষ্ট্ৰেলিয়াৰ নেতাগৰাকীয়ে যশপ্ৰীত বুমৰাহক প্ৰশংসা কৰি কৈছিল যে, তেওঁৰ বলিং এক্সন আটাইতকৈ অনন্য । ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে বিৰাট কোহলীক অভিবাদন জনাই পাৰ্থ টেষ্টত শতক অৰ্জন কৰাৰ বাবে অভিনন্দনো জ্ঞাপন কৰে ।

অৱশ্যে ব্যক্তিগত কাৰণত প্ৰথমখন টেষ্টত অংশগ্ৰহণৰ পৰা বিৰত আছিল ৰোহিত শৰ্মা । তেওঁৰ অনুপস্থিতিত যশপ্ৰীত বুমৰাহে টীম ইণ্ডিয়াক নেতৃত্ব প্ৰদান কৰি পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত দলটোক ঐতিহাসিক জয় প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷

লগতে পঢ়ক: মেচ ফিক্সিং ! ক্ৰিকেট জগতত তোলপাৰ লগাই গ্ৰেপ্তাৰ তিনি ক্ৰিকেটাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.