স্প’ৰ্টছ ডেস্ক, 8 আগষ্ট: পেৰিছ অলিম্পিক ২০২৪ ত কেৱল ক্ৰীড়া কাৰ্যকলাপৰ বাবেই নহয়, খেলপথাৰৰ বাহিৰতো কিছু আৱেগিক মুহূৰ্তই চৰ্চা লাভ কৰিছে । বুধবাৰে ফ্ৰান্সৰ এথলীট এলিছ ফিনোটে এনে মুহূৰ্তৰ তালিকাত নিজৰ নাম সংযোজন কৰে ৷ তেওঁ মহিলাৰ ৩০০০ মিটাৰ ষ্টীপলচেজত চতুৰ্থ স্থান দখল কৰাৰ পিচত প্ৰেমিকক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায় । দৌৰবিদগৰাকীয়ে ৮:৫৮.৬৭ সময় লৈ ইউৰোপৰ নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় । প্ৰথমবাৰৰ বাবে অলিম্পিয়ান হিচাপে অংশগ্ৰহণ কৰা এইগৰাকী খেলুৱৈয়ে প’ডিয়ামত স্থান লাভৰ বাবে মাত্ৰ তিনি ছেকেণ্ডৰ বাবে সুযোগ হেৰুৱায় ।
French athlete came in fourth in the 3000m steeplechase, a European record, and asked for her boyfriend's hand ...pic.twitter.com/ofs9DocirE
— Figen (@TheFigen_) August 7, 2024
ফিনোটে প্ৰেমিকক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায়:
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত ৩২ বছৰীয়া ফিনোটে দৌৰ শেষ কৰাৰ পিচত ষ্টেণ্ডৰ ফালে দৌৰি যোৱা দেখা গৈছে, য’ত তেওঁৰ প্ৰেমিক বহি আছিল । এনে লাগিল যেন তেওঁৰ নাম প্লেটত কিবা এটা পিন আছে, যিটো তেওঁ প্ৰেমিকক প্ৰপ’জ কৰিবলৈ উলিয়াই লৈছিল । ইয়াৰ পিচত ফৰাচী খেলুৱৈগৰাকীয়ে এটা আঁঠু কাঢ়ি নিজৰ অনুভৱ প্ৰকাশ কৰে । তেওঁৰ প্ৰেমিকে প্ৰস্তাৱ গ্ৰহণ কৰি দুয়োজনে ইজনে সিজনক সাৱটি ধৰে ।
Chinese Olympian Liu Yuchen proposed to Huang Ya Qiong after she won gold pic.twitter.com/i8eqHck9Ks
— zain tweets💤 (@ZainU21848152) August 7, 2024
পেৰিছ অলিম্পিকত এয়া প্ৰথম নহয়
পেৰিছ অলিম্পিকত এইটোৱেই একমাত্ৰ প্ৰেম প্ৰস্তাৱ নাছিল, বেডমিণ্টনৰ মিক্সড ডাবলছ ইভেণ্টত সোণৰ পদক লাভ কৰা চীনা শ্বাটলাৰ হুয়াং ইয়া কিয়ঙক প্ৰেমিকে প্ৰস্তাৱ দিছিল । মিক্সড ডাবলছৰ ফাইনেলত ঝেং জিৱেইৰ সৈতে হুয়াঙে দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰাৰ পিছত এই ঘটনা সংঘটিত হয়, যাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ।
লা চেপেল এৰিনাৰ দৰ্শক আচৰিত হৈছিল যেতিয়া লিউ ইউচেনে পকেটৰ পৰা আঙুঠি এটা উলিয়াই প্ৰস্তাৱ দিছিল ৷ তেতিয়া ষ্টেডিয়ামত শব্দৰ মাত্ৰা যথেষ্ট বৃদ্ধি পাইছিল । পদক অনুষ্ঠানত হুয়াঙে সোণৰ পদক লাভ কৰাৰ পিছতে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াবলৈ আগুৱাই আহিছিল লিউ ইউচেন । লিউক আঁঠু লৈ থকা দেখি হুয়াঙে আৱেগিক হৈ পৰিল আৰু আনন্দৰ চকুলো ধৰি ৰাখিব নোৱাৰিলে ।