ETV Bharat / sports

পেৰিছত যাত্ৰা অন্ত পৰিল লাভলীনা বৰগোহাঁইৰ - Paris Olympic 2024

author img

By ETV Bharat Sports Team

Published : Aug 4, 2024, 4:23 PM IST

Updated : Aug 4, 2024, 9:09 PM IST

Paris Olympic 2024 Boxing: পেৰিছ অলিম্পিকত আজি ভাৰতৰ বাবে এটা বেয়া দিন আছিল ৷ মহিলাৰ ৫৭ কেজি কোৱাৰ্টাৰ ফাইনেল খেলত আজি যাত্ৰা অন্ত পৰিল লাভলিনা বৰগোহাঁইৰ । ইয়াৰ লগে লগে ভাৰতৰ বক্সিঙৰ অলিম্পিক অভিযানৰ অন্ত পৰিল । সম্পূৰ্ণ খবৰ পঢ়ক...

Paris Olympic 2024 Boxing
পেৰিছত যাত্ৰা অন্ত পৰিল লাভলীনা বৰগোহাঁইৰ (AP)

স্পৰ্টছ ডেস্ক, ৪ আগষ্ট: ভাৰতীয় মহিলা বক্সাৰ লাভলীনা বৰগোহাঁয়ে আজি মহিলাৰ ৫৭ কেজি কোৱাৰ্টাৰ ফাইনেল খেলত চীনৰ লি কিয়ানৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰে । মেচখনত লাভলীনা পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় আৰু ছেমি ফাইনেলৰ পৰা বাহিৰ হয় । চীনৰ খেলুৱৈগৰাকীৰ হাতত লাভলীনা ৪-১ ছেটত পৰাস্ত হয় । ইয়াৰ লগে লগে ভাৰতৰ অলিম্পিক পদক বিজয়ীগৰাকী এইবাৰ খালী হাতেৰে উভতি আহিবলগীয়া হয় ।

কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ লাভলীনা বৰগোহাঁই:

এই মেচখনত ১৪০ কোটি দেশবাসীয়ে লাভলীনাই জয়ী হৈ ভাৰতৰ হৈ পদক আনিব বুলি আশা কৰিছিল যদিও দেশবাসীৰ সপোন বাস্তবায়িত কৰাত ব্যৰ্থ হয় ভাৰতীয় বক্সাৰ গৰাকী ৷ তেওঁ প্ৰতিদ্বন্দ্বী লি কিয়ানৰ বিৰুদ্ধে ১-৪ ছেটত পৰাস্ত হয় । এই মেচখনত ৫ গৰাকী বিচাৰকে লাভলীনাক ২৮, ২৮, ২৯, ২৮, ২৭ পইণ্ট দিয়াৰ বিপৰীতে প্ৰতিদ্বন্দ্বী লি কিয়ানে সকলো বিচাৰকৰ পৰা ২৯, ২৯, ২৮, ২৯, ৩০ পইণ্ট লাভ কৰে । লাভলীনাই নিজৰ সকলো ৰাউণ্ডতে ১৪০ পইণ্ট সংগ্ৰহ কৰাৰ বিপৰীতে কুৱেনে সকলো বিচাৰকৰ পৰা ১৪৫ পইণ্ট লাভ কৰি মেচখন জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে ।

কেনেকৈ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছিল লাভলীনাই ?

মহিলাৰ ৭৫ কেজি শাখাৰ ১৬ ৰাউণ্ডৰ মেচত নৰৱে’ৰ ছুনিভা হফষ্টেডক পৰাস্ত কৰি লাভলীনাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল । নৰৱে’ৰ প্ৰতিদ্বন্দ্বীগৰাকীৰ বিৰুদ্ধে ভাৰতীয় বক্সাৰগৰাকীয়ে সমগ্ৰ মেচখনত তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শন কৰে আৰু ৫-০ ৰ সহজ জয় সাব্যস্ত কৰে ৷ লাভলীনাই টকিঅ’ অলিম্পিক ২০২০ত মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰিছিল ।

লগতে পঢ়ক: পেৰিছ অলিম্পিকত লাভলীনাৰ জয়যাত্ৰা আৰম্ভ : কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে বৰপথাৰৰ বজ্ৰকন্যাই - Paris Olympics 2024

Last Updated : Aug 4, 2024, 9:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.