ETV Bharat / sports

বাবৰ আজমে বিৰাট কোহলীৰ পৰা প্ৰেৰণা লওক, সামাজিক মাধ্যমত বক্তব্য প্ৰকাশৰ পৰা বিৰত থাকক: ইউনিছ খান - VIRAT KOHLI VS BABAR AZAM

author img

By ETV Bharat Sports Team

Published : Sep 15, 2024, 2:29 PM IST

Virat Kohli and Babar Azam: ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলী সন্দৰ্ভত বৃহৎ মন্তব্য পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউনিছ খানৰ । খানে বাবৰ আজমক অধিনায়কত্বৰ মোহ এৰি দেশৰ হকে খেলিবলৈ আগবঢ়াইছে পৰামৰ্শ ৷

Etv Bharat
Etv Bharat (Etv Bharat)

স্প’ৰ্টছ ডেস্ক, 15 ছেপ্টেম্বৰ: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বেটছমেন বিৰাট কোহলীক লৈ বৃহৎ মন্তব্য পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ ইউনিছ খানৰ । ইয়াৰ লগতে ইউনিছে পাকিস্তানৰ বগা বলৰ অধিনায়ক বাবৰ আজমকো তিৰস্কাৰ কৰিছে ।

ভাৰতীয় ক্ৰিকেটৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ উদাহৰণ দাঙি ধৰি খেলুৱৈগৰাকীক অনুসৰণ কৰিবলৈ বাবৰক পৰামৰ্শ আগবঢ়াই খানে । আচলতে এটা অনুষ্ঠানত কৰা বাৰ্তালাপৰ সময়তে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে বাবৰ আজমৰ অধিনায়কত্বৰ সন্দৰ্ভত মন্তব্য কৰে এইদৰে ৷

বাবৰে অধিনায়কত্বত নহয়, খেলৰ ওপৰত দিব লাগে গুৰুত্ব: ইউনিছ খান

ইউনিছ খানে বাবৰ আজমৰ অধিনায়কত্বৰ সন্দৰ্ভত কয় যে, "পাকিস্তানে বাবৰ আজমক কিহৰ বাবে অধিনায়কৰ দৰে গুৰু দায়িত্ব প্ৰদান কৰিছিল ৷ বাবৰ সেই সময়ত দলৰ শ্ৰেষ্ঠ খেলুৱৈত পৰিগণিত হোৱাৰ বাবেই তেওঁৰ ওপৰত এই দায়িত্ব দিয়া হৈছিল । এই সিদ্ধান্ত লোৱাৰ সময়ত মই তাত উপস্থিত আছিলো । কম বয়সতে তেওঁ বহুখিনি সাফল্য লাভ কৰিছে, কিন্তু বাবৰে ভৱিষ্যতে কি অৰ্জন কৰিব বিচাৰে, সেয়া জনাটো প্ৰয়োজন । অধিনায়কত্ব অতি সৰু কথা । দলৰ বাবে কাম কৰক আৰু ভাল প্ৰদৰ্শন কৰি যাওক । আপুনি আকৌ পাকিস্তানৰ হৈ খেলাৰ সুযোগ নাপাব । তদুপৰি সামাজিক মাধ্যমৰ ব্যৱহাৰ হ্ৰাস কৰা উচিত, অলংকাৰতকৈ নিজৰ প্ৰদৰ্শনত বেছি গুৰুত্ব দিব লাগে । ফিটনেছৰ ওপৰত গুৰুত্ব দি বল আৰু বেটৰ সৈতে প্ৰদৰ্শন কৰিব লাগে" ।

বাবৰ আজমে বিৰাট কোহলীৰ পৰা শিকিব লাগে: ইউনিছ খান

খানে লগতে কয়, "বিৰাট কোহলীলৈ চাওক । তেওঁ নিজৰ চৰ্তমতে অধিনায়কত্ব এৰি সমগ্ৰ বিশ্বতে উন্নত প্ৰদৰ্শন আগবঢ়াইছে । তেওঁ অহৰহ অভিলেখ ভংগ কৰি আছে । ইয়াৰ পৰা দেখা যায় যে, দেশৰ হৈ খেলাটোক অগ্ৰাধিকাৰ হ’ব লাগে । অধিনায়কত্ব সৰু কথা, কিন্তু নিজৰ দেশৰ বাবে মেচত জয়ী হোৱাটোৱেই আটাইতকৈ ডাঙৰ কথা" ।

পাকিস্তান ক্ৰিকেটত বিতৰ্কৰ সৃষ্টি

2023 চনৰ এদিনীয়া বিশ্বকাপৰ পিছত বাবৰ আজমক অধিনায়কৰ পদৰ পৰা আঁতৰাই দিয়া হৈছিল । ইয়াৰ পিছত ক্ৰমে শ্বাহিন আফ্ৰিদী আৰু শ্বান মাছুদক অধিনায়ক হিচাপে নিযুক্তি দিয়া হয় । পৰৱৰ্তী সময়ত শ্বাহিনক আঁতৰাই পুনৰ অধিনায়কৰ পদ প্ৰদান কৰা হয় বাবৰ আজমক ।

পুনৰবাৰ আকৌ বাবৰ আজম আৰু শ্বান মাছুদক অধিনায়কত্বৰ পৰা অপসাৰণ কৰাৰ খবৰ পোহৰলৈ আহিছে । কাৰণ পাকিস্তান ক্ৰিকেট দলে অহৰহ নিৰাশাজনক প্ৰদৰ্শন আগবঢ়াই আছে । শেহতীয়াকৈ টেষ্টত বাংলাদেশৰ হাতত পৰাস্ত হৈছিল দলটো ৷ তাৰ পূৰ্বে ইংলেণ্ডে এদিনীয়া আৰু টি-20 ত পাকিস্তানক পৰাস্ত কৰিছিল । ইয়াৰ পিছত 2024 চনৰ টি-20 বিশ্বকাপতো পাকিস্তান নৱগঠিত আমেৰিকাৰ ক্ৰিকেট দলৰ হাতত পৰাস্ত হৈ গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল ৷

লগতে পঢ়ক: দললৈ প্ৰত্যাৱৰ্তন সন্দৰ্ভত মহম্মদ ছামীৰ বৃহৎ ঘোষণা: কেতিয়ালৈ অনুৰাগীয়ে দলত দেখিবলৈ পাব বলাৰগৰাকীক - MOHAMMED SHAMI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.