ETV Bharat / sports

অদ্ভুত সিদ্ধান্ত পাকিস্তানৰ; এখনো আন্তঃৰাষ্ট্ৰীয় মেচ নেখেলা ক্ৰিকেটাৰক বেটিং প্ৰশিক্ষকৰ দায়িত্ব - PAKISTAN NEW BATTING COACH

পাকিস্তানৰ এদিনীয়া, টি-20 দলৰ নতুন বেটিং প্ৰশিক্ষকৰ নাম ঘোষণা কৰিছে পি চি বিয়ে । পিছে কাক নিযুক্তি দিয়া হৈছে এই পদত ?

PAKISTAN NEW BATTING COACH
পাকিস্তানৰ ক্ৰিকেট দলটো (AFP PHOTO)
author img

By ETV Bharat Sports Team

Published : Nov 21, 2024, 3:06 PM IST

স্প’ৰ্টছ ডেস্ক: শেহতীয়াকৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে চেম্পিয়নছ ট্ৰফী-2025 লৈকে দেশখনৰ এদিনীয়া আৰু টি-20 ক্ৰিকেট দলৰ অন্তৱৰ্তীকালীন প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে প্ৰাক্তন বেগী বলাৰ আকিব জাভেদক । জাভেদে দলৰ নিৰ্বাচক হিচাপেও কাম কৰি যাব । এনে পৰিস্থিতিত তেওঁ দ্বৈত দায়িত্ব পালন কৰিব লাগিব ।

সম্প্ৰৰতি পাকিস্তানৰ এদিনীয়া আৰু টি-20 দুয়োটা ক্ৰিকেট দলে লাভ কৰিছে নতুন বেটিং প্ৰশিক্ষক । বেটিং প্ৰশিক্ষক নিৰ্বাচনৰ বাবে ডাঙৰ সিদ্ধান্ত লৈছে পি চি বিয়ে । আমোদজনক কথাটো হ’ল এয়ে যে, পাকিস্তানৰ হৈ এখনো আন্তঃৰাষ্ট্ৰীয় মেচ নেখেলা এনে এগৰাকী খেলুৱৈক পি চি বিয়ে দিছে এই দায়িত্ব ৷

পাকিস্তান দলৰ নতুন বেটিং প্ৰশিক্ষক

শেহতীয়াকৈ অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল পাকিস্তানে । য’ত পাকিস্তানৰ বেটছমেনসকলে অতিকৈ অনুন্নত প্ৰদৰ্শন দাঙি ধৰিছিল ৷ বিশেষকৈ টি-20 শৃংখলাত সকলো বেটছমেনে ৰাণ সংগ্ৰহৰ বাবে সংগ্ৰাম কৰা দেখা গৈছিল ।

এনে পৰিস্থিতিত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে শ্বাহিদ আছলামক ৰাষ্ট্ৰীয় এদিনীয়া আৰু টি-20 দলৰ বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে । আছলাম নিসন্দেহে এজন যোগ্য প্ৰশিক্ষক ৷ তেওঁ বহু বছৰ ধৰি পাকিস্তান দলৰ হৈ সহকাৰী প্ৰশিক্ষক, ফিল্ডিং প্ৰশিক্ষক আৰু সহকাৰী পৰিচালককে ধৰি বিভিন্ন পদত কাম কৰি আহিছে ।

পূৰ্বে বেটিং প্ৰশিক্ষক হিচাপে কাম কৰিছিল

যোৱা দুবছৰ ধৰি শ্বাহিদ আছলামে লাহোৰৰ হাই পাৰফৰমেন্স চেণ্টাৰত প্ৰশিক্ষক হিচাপে কাম কৰি আহিছে । এতিয়া প্ৰশিক্ষক আকিব জাভেদৰ নিৰ্দেশ অনুসৰি আছলামক বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে । ইয়াৰ পূৰ্বে টেষ্টৰ প্ৰাক্তন অধিনায়ক মহম্মদ ইউছুফে পাকিস্তান দলত বেটিং প্ৰশিক্ষক হিচাপে কাম কৰি আছিল আৰু পিছত তেওঁক ৰাষ্ট্ৰীয় দলৰ নিৰ্বাচক হিচাপে নিযুক্তি দিয়া হৈছিল ।

কিন্তু পৰৱৰ্তী সময়ত ইউছুফে দুয়োটা পদৰে পৰা পদত্যাগ কৰে । তেওঁ এতিয়া হাই পাৰফৰমেন্স চেণ্টাৰত কাম কৰি আছে । শেহতীয়াকৈ ইউছুফে হাই পাৰফৰমেন্স চেণ্টাৰৰ পদৰ পৰা পদত্যাগ কৰিছিল যদিও পি চি বিয়ে তেওঁৰ পদত্যাগ বাতিল কৰে ।

শ্বাহিদ আছলামৰ ক্ৰিকেট কেৰিয়াৰ

শ্বাহিদ আছলামে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণ নকৰিলেও ঘৰুৱা ক্ৰিকেট খেলাৰ অভিজ্ঞতা আছে ৷ তেওঁ 17 খন প্ৰথম শ্ৰেণী আৰু 16 খন লিষ্ট এ ৰ মেচ খেলিছে । প্ৰথম শ্ৰেণীত 367 ৰাণ সংগ্ৰহ কৰাৰ লগতে দখল কৰিছে 34 টা উইকেট । একে সময়তে ক তালিকাত তেওঁৰ নামত আছে 205 ৰাণ আৰু 12 উইকেট ৷ 1994 চনৰ পৰা 2000 চনৰ ভিতৰত তেওঁ এই মেচবোৰত অংশগ্ৰহণ কৰিছিল ৷ 55 বছৰীয়া আছলামে তেতিয়াৰে পৰাই প্ৰশিক্ষকৰ জগতখনত জড়িত হৈ পৰে । এতিয়া তেওঁ জিম্বাব’ৱে ভ্ৰমণৰ বাবে দলত যোগদান কৰিব পাৰিব । এই শৃংখলা 24 নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ৷

লগতে পঢ়ক: আকিব জাভেদ পাকিস্তানৰ বগা বলৰ নৱনিযুক্ত প্ৰশিক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.