ETV Bharat / sports

পাভো নুৰ্মী গেমছত স্বৰ্ণ পদক অৰ্জন নীৰজ চোপ্ৰাৰ - Paavo Nurmi Games 2024

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 4:03 PM IST

Neeraj Chopra: পেৰিছ অলিম্পিকৰ পূৰ্বে আন এক সাফল্য অলিম্পিক পদক জয়ী নীৰজ চোপ্ৰাৰ ৷ পাভো নুৰ্মী গেমছত স্বৰ্ণ পদক অৰ্জন কৰি অভিলেখ নীৰজ চোপ্ৰাৰ । ৭ জুলাইত পেৰিছ ডাইমণ্ড লীগত অংশগ্ৰহণ কৰিব ভাৰতীয় তাৰকা খেলুৱৈগৰাকীয়ে ৷

Neeraj Chopra wins gold medal at Paavo Nurmi Games 2024
পাভো নুৰ্মী গেমছত স্বৰ্ণ পদক অৰ্জন নীৰজ চোপ্ৰাৰ (ETV BHARAT ASSAM)

স্পৰ্টছ ডেস্ক, ১৯ জুন: পাভো নুৰ্মী গেমছত অলিম্পিক তথা বিশ্ব চেম্পিয়ন জেভেলিন খেলুৱৈ নীৰজ চোপ্ৰাই স্বৰ্ণ পদক অৰ্জন কৰিছে । মঙলবাৰে ফিনলেণ্ডৰ তুৰ্কুত অনুষ্ঠিত প্ৰতিযোগিতাখনত ভাৰতৰ পৰা কেৱল নীৰজ চোপ্ৰাইহে অংশ লৈছিল । নীৰজে তৃতীয়টো চেষ্টাত ৮৫.৯৭ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰে । ইফালে টনি কেৰানেনে ৮৪.১৯ মিটাৰ থ্ৰ’ৰে ৰূপৰ পদক আৰু অলিভাৰ হেলেণ্ডাৰে ৮৩.৯৬ মিটাৰ থ্ৰ’ৰে ব্ৰঞ্জৰ পদক লাভ কৰে ।

উল্লেখ্য় যে, ২৬ জুলাইৰ পৰা আৰম্ভ হ’ব পেৰিছ অলিম্পিক । এনে পৰিস্থিতিত এতিয়া সকলোৰে দৃষ্টি পুনৰবাৰ ভাৰতৰ তাৰকা জেভেলিন খেলুৱৈ নীৰজ চোপ্ৰাৰ ওপৰত । নীৰজৰ এই প্ৰদৰ্শনে ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া পেৰিছ অলিম্পিকত ভাৰতৰ বাবে সোণৰ পদক লাভৰ আশাৰ সঞ্চাৰ কৰিছে ।

লগতে পঢ়ক: অলিম্পিকৰ পূৰ্বে আন এটা স্বৰ্ণ জয় নীৰজ চোপ্ৰাৰ - Federation Cup 2024

পাভো নুৰ্মী গেমছ লীগত নীৰজ চোপ্ৰাৰ প্ৰদৰ্শন:

  • প্ৰথম প্ৰচেষ্টা – ৮৩.৬২ মিটাৰ
  • দ্বিতীয় প্ৰচেষ্টা – ৮৩.৪৫ মিটাৰ
  • তৃতীয় প্ৰচেষ্টা – ৮৫.৯৭ মিটাৰ
  • চতুৰ্থ প্ৰচেষ্টা – ৮২.২১ মিটাৰ
  • পঞ্চম প্ৰচেষ্টা – ফাউল
  • ষষ্ঠ প্ৰচেষ্টা – ৮২.৯৭ মিটাৰ

লগতে পঢ়ক: ডাইমণ্ড লীগত দ্বিতীয় স্থান: সুখী নহয় নীৰজ চোপ্ৰা ! - Doha Diamond League

৯০ মিটাৰ বেৰিয়াৰ পুনৰ স্পৰ্শ কৰাত ব্যৰ্থ নীৰজ ?

ভাৰতীয় খেলুৱৈগৰাকীয়ে ২০২২ চনত ৮৯.৩০ মিটাৰ জেভেলিন নিক্ষেপ কৰি ৰূপৰ পদক লাভ কৰিছিল । সেই সময়ত এইটো তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন আছিল । একে বছৰতে ডাইমণ্ড লীগৰ ষ্টকহ’ম পৰ্যায়ত তেওঁ ৮৯.৯৪ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰে । কিন্তু তাৰ পিচৰ পৰা নীৰজে নিজৰ শ্ৰেষ্ঠ (৮৯.৯৪ মিটাৰ) দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হোৱা নাই ।

২৬ বছৰীয়া নীৰজ চোপ্ৰাই উৰুৰ পেশীৰ বিষৰ বাবে যোৱা মাহত অষ্ট্ৰাভা গোল্ডেন স্পাইক প্ৰতিযোগিতাৰ পৰা আঁতৰি আহিছিল । দোহা ডাইমণ্ড লীগৰ জড়িয়তে শৃংখলা আৰম্ভ কৰা চোপ্ৰাই অহা ৭ জুলাইত পেৰিছ ডাইমণ্ড লীগত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক: পেৰিছ অলিম্পিকত পদক জিনিবলৈ বদ্ধপৰিকৰ নীৰজ চোপ্ৰা

পাভো নুৰ্মী গেমছত ৮ জন খেলুৱৈৰ শ্ৰেষ্ঠ প্ৰদৰ্শন:

  • নীৰজ চোপ্ৰা (ভাৰত) – ৮৮.৩৬ মি
  • টনি কেৰানেন (ফিনলেণ্ড) – ৮৪.১৯ মিটাৰ
  • অলিভাৰ হেলেণ্ডাৰ (ফিনলেণ্ড) – ৮৩.৯৬ মিটাৰ
  • এণ্ডাৰছন পিটাৰ্ছ (গ্ৰেনাডা) – ৮২.৫৮মিটাৰ
  • এণ্ড্ৰিয়ান মাৰ্ডাৰে (মলদোভা) – ৮২.১৯ মিটাৰ
  • কেশ্বৰ্ণ ৱালকট (ট্ৰিনিদাদ) – ৮১.৯৩ মিটাৰ
  • মেক্স ডেহনিং (জাৰ্মানী) – ৭৯.৮৪ মিটাৰ
  • লাছি আটেলেটালো (ফিনলেণ্ড) – ৭৯.৩৫ মিটাৰ

লগতে পঢ়ক: Paris Olympic Games 2024 : পেৰিছ অলিম্পিকৰ প্ৰথম পৰ্যায়ত 3 নিযুতৰো অধিক টিকট বিক্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.