ETV Bharat / sports

ধোনীৰ ওচৰত থকা দামী-দামী মটৰ চাইকেলৰ কথা জানিলে আপুনিও হ’ব আচৰিত... - MS DHONI BIKES LIST

প্ৰাক্তন ভাৰতীয় অধিনায়ক এম এছ ধোনীৰ ওচৰত থকা সৰ্বাধিক ব্যয়বহুল 5 খন মটৰ চাইকেলৰ বিষয়ে জানিবলৈ পঢ়ক এই খবৰ...

MS DHONI BIKES LIST
ধোনীৰ বাইকৰ সংগ্ৰহ (IANS Photo)
author img

By ETV Bharat Sports Team

Published : Dec 18, 2024, 8:55 AM IST

স্প’ৰ্টছ ডেস্ক: অনুৰাগীৰ মাজত জনপ্ৰিয়ভাৱে ‘কেপ্তেইন কুল’ আৰু ‘থালা’ নামেৰে জনাজাত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী ৷ ক্ৰিকেটাৰগৰাকী কেৱল খেলপথাৰৰ দক্ষতাৰ বাবেই নহয়, আন বহুতো কাৰণতো জনাজাত অনুৰাগীৰ মাজত ৷

খেলপথাৰৰ বাহিৰত ধোনী মটৰ চাইকেলৰ প্ৰতি অতি আকৰ্ষিত ৷ তেওঁৰ আকৰ্ষণীয় মটৰ চাইকেলৰ সংগ্ৰহত বিশ্বৰ একাংশ দামী-দামী বাইকো অন্তৰ্ভুক্ত আছে । এই প্ৰতিবেদনত আমি এইগৰাকী ক্ৰিকেট কিংবদন্তিয়ে ক্ৰয় কৰা বিশ্বৰ 5 খন সৰ্বাধিক দামী আৰু বিলাসী বাইকৰ বিষয়ে উল্লেখ কৰিম ৷

1. কনফেডাৰেট এক্স 132

এইখন মটৰ চাইকেল বিশ্বৰ আটাইতকৈ বিৰল বাইকবোৰৰ ভিতৰত অন্যতম ৷ যাৰ মূল্য 60 লাখৰ পৰা প্ৰায় 80 লাখ পৰ্যন্ত ৷ কনফেডাৰেট এক্স 132 হেলকেট হৈছে ধোনীৰ সংগ্ৰহৰ ভিতৰৰ এক মূল্যৱান বাইক । ই 2.2-লিটাৰ ভি-2 ইঞ্জিনৰ দ্বাৰা চালিত, যি 121 বি এইচ পি আৰু 190 এন এম টৰ্ক প্ৰস্তুত কৰে ৷ লগতে আছে 5-গিয়াৰ ট্ৰেন্সমিচন । এইখন ধোনীৰ সংগ্ৰহৰ ভিতৰৰ সৰ্বাধিক ব্যয়বহুল বাইক ।

MS DHONI BIKES LIST
কনফেডাৰেট এক্স 132 (IANS Photo)

2. কাৱাচাকি নিনজা এইচ 2

এই বাইকখনৰ মূল্য প্ৰায় 34 লাখ টকা ৷ এম এছ ধোনী আছিল কাৱাচাকি নিনজা এইচ 2 ৰ গৰাকী হোৱা প্ৰথম ভাৰতীয় । এই চুপাৰ বাইকখন 4-চিলিণ্ডাৰ চুপাৰচাৰ্জড 998 চি চি ইঞ্জিনৰ দ্বাৰা চালিত, যি 11,500 আৰ পি এমত 231 পি এছ আৰু 11,000 আৰ পি এমত 141.7 এন এম টৰ্ক প্ৰস্তুত কৰে ।

MS DHONI BIKES LIST
কাৱাচাকি নিনজা এইচ 2 (IANS Photo)

3. ডুকাটি 1098

ইয়াৰ মূল্য 25 লাখৰ পৰা 30 লাখৰ ভিতৰত ৷ ধোনীৰ গেৰেজৰ আন এটা মূল্যৱান ৰত্ন হিচাপে পৰিচিত এইখন মটৰ চাইকেল । এই সীমিত সংস্কৰণৰ বাইকখনত আছে 1098 চি চি ইঞ্জিন, যিয়ে 160 পি এছ শক্তি উৎপন্ন কৰে । ডুকাটি 1098 ইয়াৰ প্ৰদৰ্শন আৰু ডিজাইনৰ বাবে জনাজাত ।

MS DHONI BIKES LIST
ডুকাটি 1098 (IANS Photo)

4. নৰ্টন কমাণ্ডো 961

প্ৰায় 20 লাখ টকা মূল্যৰ নৰ্টন কমাণ্ডো 961 হৈছে এক ব্ৰিটিছ ক্লাছিক বাইক, যি ইয়াৰ আধুনিক ডিজাইন আৰু সহজ যাত্ৰাৰ বাবে পৰিচিত । এইখন বাইকৰ প্ৰতি থকা ধোনীৰ আগ্ৰহে ভিণ্টেজ বাইকৰ প্ৰতি তেওঁৰ আকৰ্ষণক প্ৰতিফলিত কৰে । ই 961 চি চি সমান্তৰাল-টুইন ইঞ্জিনৰ দ্বাৰা চালিত, যি 80 এইচ পি পাৱাৰ আৰু 90 এন এম টৰ্ক প্ৰস্তুত কৰে । এই বাইকখনৰ সৰ্বাধিক গতি হৈছে 200 কিল’মিটাৰ/ঘণ্টা । এই বাইকখন সমগ্ৰ বিশ্বতে ইয়াৰ ক্লাছিক ষ্টাইলিছ চেহেৰাৰ বাবে জনাজাত ।

MS DHONI BIKES LIST
নৰ্টন কমাণ্ডো 961 (IANS Photo)

5. হাৰ্লি ডেভিডচন ফেট বয়

17 লাখৰ পৰা আৰম্ভ কৰি 22 লাখৰ ভিতৰত ক্ৰয় কৰিব পাৰে এইখন বাইক ৷ ভাৰতৰ প্ৰাক্তন অধিনায়ক ধোনীৰ শীৰ্ষ 5 খন বাইকৰ ভিতৰত আছে আইকনিক হাৰ্লি ডেভিডচন ফেট বয় । বাইকখন 1690 চি চি ভি-টুইন ইঞ্জিনৰ দ্বাৰা চালিত, যি বায়ু শীতল কৰি ৰখাৰ লগতে আৰু 5250 আৰ পি এমত 77.78 পি এছ আৰু 3250 আৰ পি এমত 132 এন এম টৰ্ক প্ৰস্তুত কৰে । ফেট বয় হৈছে এটা ক্লাছিক আমেৰিকান ক্ৰুজাৰৰ এক আশ্চৰ্যকৰ উদাহৰণ ।

MS DHONI BIKES LIST
হাৰ্লি ডেভিডচন ফেট বয় (IANS Photo)

এম এছ ধোনীৰ মটৰ চাইকেলৰ প্ৰতি থকা আকৰ্ষণ ক্ৰিকেটৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ দৰেই গভীৰ ৷ ক্ৰিকেটাৰগৰাকীৰ গেৰেজৰ প্ৰতিখন বাইক যিকোনো বাইকপ্ৰেমীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰস্থল ৷

লগতে পঢ়ক: আই পি এলৰ ইতিহাসৰ সৰ্বাধিক দামী খেলুৱৈসকল...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.