ETV Bharat / sports

কে এল ৰাহুলৰ ভৱিষ্যত সন্দৰ্ভত নীৰৱতা ভংগ কৰিলে সঞ্জীৱ গোৱেংকাই - SANJIV GOENKA ON KL RAHUL

author img

By ETV Bharat Sports Team

Published : Aug 28, 2024, 6:46 PM IST

LSB owner Sanjiv Goenka: অৱশেষত কে এল ৰাহুলৰ সন্দৰ্ভত মুখ খুলিলে লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই ৷ ক্ৰিকেটাৰগৰাকীৰ ভৱিষ্যত সন্দৰ্ভত বহু কথা ব্যক্ত কৰে দলটোৰ স্বত্বাধিকাৰগৰাকীয়ে ৷

Etv Bharat
Etv Bharat (Etv Bharat)

স্প’ৰ্টছ ডেস্ক, 28 আগষ্ট: ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটছমেন কে এল ৰাহুলে দীৰ্ঘদিনে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ অধিনায়কৰ দায়িত্ব বহন কৰি আহিছে ৷ কিন্তু ক্ৰিকেটাৰগৰাকী অধিনায়ক হিচাপে বিশেষভাৱে সফল হোৱা পৰিলক্ষিত নহ’ল ৷ এই কাৰণৰ বাবে আই পি এলৰ 2024 ছিজনত দলটোৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই ৰাহুলৰ সৈতে খেলপথাৰতে তৰ্ক-বিতৰ্কত লিপ্ত হোৱাও দেখা গৈছিল ৷

চলিত ছিজনত দলটোৰ প্ৰদৰ্শন অতি নিষ্প্ৰভ আছিল ৷ তেতিয়াৰে পৰা লক্ষ্ণৌৱে আই পি এল 2025 ত কে এল ৰাহুলক দলৰ অধিনায়ক হিচাপে নিযুক্তি দিব নে নাই, নে ৰাহুল দলৰ পৰা বাদ পৰিব, সেই সন্দৰ্ভত অনুৰাগীসকলে উত্থাপন কৰিছিল বহু প্ৰশ্ন ৷ এই সকলো চৰ্চাৰ ওৰ পেলাই কে এল ৰাহুল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই ৷

দলটোত ৰাহুলৰ ভৱিষ্যত সন্দৰ্ভত সঞ্জীৱ গোৱেংকাৰ প্ৰতিক্ৰিয়া

লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই এক ব্যক্তিগত মাধ্যমৰ প্ৰতিষ্ঠানৰ সৈতে হোৱা বাৰ্তালাপত কে এল ৰাহুল সম্পৰ্কীয় স্থিতি স্পষ্ট কৰিছে । "কে এল ৰাহুল লক্ষ্ণৌ চুপাৰ জায়েণ্টছ পৰিয়ালৰ সদস্য । দলটোৰ অধিনায়কত্ব ধৰি ৰখাৰ বিষয়ে সিদ্ধান্ত ল’বলৈ এতিয়াও যথেষ্ট সময় বাকী আছে" বুলি গোৱেংকাই অনুষ্ঠানটোত সদৰী কৰে ।

SANJIV GOENKA ON KL RAHUL
সঞ্জীৱ গোৱেংকা (IANS PHOTOS)

আই পি এল 2025 ত কে এল ৰাহুলক দলটোৰ অধিনায়ক হিচাপে দেখা যাবনে ?

সঞ্জীৱ গোৱেংকাই নিজৰ বক্তব্যত স্পষ্ট কৰি দিছে যে, কে এল ৰাহুলে আই পি এল 2025 ত লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ সৈতে থকাৰ সম্ভাৱনা আছে । কিন্তু তেওঁ দলৰ অধিনায়ক হৈ থাকিব নে নাই, সেই বিষয়ে চিন্তা কৰা হ'ব ।

SANJIV GOENKA ON KL RAHUL
কে এল ৰাহুল (IANS PHOTOS)

লক্ষ্ণৌৰ দলটোৱে নতুন অধিনায়কক বিবেচনা কৰিব পাৰে । দলটোত ৱেষ্ট ইণ্ডিজৰ বাওঁহতীয়া বিস্ফোৰক বেটছমেন নিক’লাছ পুৰাণো আছে, যি হৈছে এক উৎকৃষ্ট অধিনায়কত্বৰ বিকল্প । ইয়াৰ উপৰিও লক্ষ্ণৌৰ দলটোৱে নিলামত দলটোত এজন খেলুৱৈক যোগ দিব পাৰে, যাক দলটোৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হ’ব ৷

লগতে পঢ়ক: লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ স্বত্বাধিকাৰীক সাক্ষাৎ কে এল ৰাহুলৰ... কি আছে নতুন খবৰ - IPL 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.