ETV Bharat / sports

দ্বিতীয় সৰ্বাধিক পাঁচ উইকেট সংগ্ৰহকাৰীত পৰিণত যশপ্ৰীত বুমৰাহ - JASPRIT BUMRAH TOOK 5 WICKET

Border Gavaskar trophy: ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহে টেষ্ট মেচত ভাৰতৰ হৈ দ্বিতীয় সৰ্বাধিক পাঁচ উইকেট সংগ্ৰহকাৰীত পৰিণত হোৱাৰ অভিলেখ স্থাপন কৰিছে ।

BORDER GAVASKAR TROPHY
যশপ্ৰীত বুমৰাহ (ETV Bharat)
author img

By ETV Bharat Sports Team

Published : Dec 15, 2024, 1:44 PM IST

স্প’ৰ্টছ ডেস্ক: ব্ৰীছবেনৰ গাব্বাত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত চলি থকা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দেওবাৰে দ্বিতীয়টো দিন ৷ ইতিমধ্যে অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত বেট ধৰি 7 টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছে 405 ৰাণ ৷

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহক গাব্বাত বিধ্বংসী ৰূপত দেখা গৈছে । ব্ৰীছবেনৰ গাব্বা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত তৃতীয়খন টেষ্ট মেচত বৰ্তমানলৈকে পাঁচগৰাকীকৈ অষ্ট্ৰেলিয়াৰ বেটছমেনক ধৰাশায়ী কৰিছে ভাৰতীয় বলাৰগৰাকীয়ে ৷ এয়া হৈছে বুমৰাহৰ দ্বাদশ টেষ্ট কেৰিয়াৰ আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়বাৰৰ বাবে দখল কৰা পাঁচটা উইকেট ।

BORDER GAVASKAR TROPHY
ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহ (AP Photo)

যশপ্ৰীত বুমৰাহৰ 5 উইকেট

এই খেলখনত যশপ্ৰীত বুমৰাহে টীম ইণ্ডিয়াৰ হৈ প্ৰথমটো উইকেট দখল কৰিছিল । বুমৰাহে ওছমান খাৱাজা (21), নাথান মেক্সৱানী (9), ষ্টিভ স্মিথ (101), ট্ৰেভিছ হেড (152) আৰু মিচেল মাৰ্শক (5) পেভিলিয়নৰ বাট দেখুৱায় । এই পাঁচগৰাকী অষ্ট্ৰেলিয়ান বেটছমেনৰ উইকেট দখলৰে বুমৰাহে গাব্বাত নিজৰ টেষ্ট কেৰিয়াৰত দ্বাদশবাৰৰ বাবে পাঁচটা উইকেট দখল কৰে ৷

সমান্তৰালকৈ বুমৰাহ দ্বিতীয় সৰ্বাধিক পাঁচ উইকেট সংগ্ৰহকাৰী ভাৰতীয় বলাৰত পৰিণত হোৱাৰ অভিলেখ অৰ্জন কৰে ৷ এই খেলখনত ভাৰতে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

মেচখনৰ প্ৰথমদিনা অষ্ট্ৰেলিয়াই 13.2 অভাৰত কোনো উইকেট অবিহনে সংগ্ৰহ কৰে 28 ৰাণ ৷ বৰষুণৰ বিধি-পথালিৰ বাবে প্ৰথম দিনটোৰ পৰৱৰ্তী সময়ত খেল অনুষ্ঠিত কৰিব পৰা নগ'ল ।

মেচৰ দ্বিতীয় দিনা অৰ্থাৎ দেওবাৰে বৰ্তমানলৈকে ট্ৰেভিছ হেড (152) আৰু ষ্টিভ স্মিথ (101) ৰ অংশীদাৰিত্বৰ ফলতে 7 টা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াৰ দলটোৱে 101 অভাৰত 405 ৰাণ সংগ্ৰহ কৰিছে ।

লগতে পঢ়ক: গাব্বা টেষ্টত ধাৰাসাৰ বৰষুণে বিধি-পথালি দিয়াৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.