ETV Bharat / sports

য়ানিক ছিনাৰৰ শিৰত ইউ এছ অ’পেনৰ চূড়ান্ত খিতাপ: লগে লগে হৈ পৰিল কোটিপতি - US Open 2024

author img

By ETV Bharat Sports Team

Published : Sep 9, 2024, 7:56 PM IST

US Open 2024 winner Jannik Sinner: য়ানিক ছিনাৰে টেইলৰ ফ্ৰিটজক এখন ৰোমাঞ্চকৰ মেচত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ইউ এছ অ’পেনৰ খিতাপ দখল কৰে । খেলুৱৈগৰাকীয়ে পুৰস্কাৰ হিচাপে লাভ কৰা ধনৰ পৰিমাণ জানিলে আচৰিত হৈ পৰিব আপুনি ৷

US Open 2024
য়ানিক ছিনাৰ (AP PHOTO)

স্প’ৰ্টছ ডেস্ক, 9 ছেপ্টেম্বৰ: বিশ্বৰ এক নম্বৰ স্থানৰ টেনিছ খেলুৱৈ য়ানিক ছিনাৰে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই জয় কৰিছে ইউ এছ অ’পেন 2024 ৰ খিতাপ ৷ ইটালীৰ টেনিছ খেলুৱৈ ছিনাৰে ইউ এছ অ’পেনৰ ফাইনেলত আমেৰিকাৰ শীৰ্ষস্থানৰ টেনিছ খেলুৱৈ টেইলৰ ফ্ৰিটজক পৰাস্ত কৰি খিতাপ অৰ্জন কৰে । য়ানিকে প্ৰথমবাৰৰ বাবে এই খিতাপ জয় কৰে । টেনিছৰ ক্ষেত্ৰত এয়া খেলুৱৈগৰাকীৰ দ্বিতীয়টো মুখ্য খিতাপ ৷

য়ানিক ছিনাৰৰ দখলত ইউ এছ অ’পেন 2024 ৰ খিতাপ

য়ানিক ছিনাৰে ইউ এছ অ’পেন 2024 ৰ খিতাপ দখল কৰিছে ৷ প্ৰতিযোগিতাখনত শেষ হাঁহি মাৰিবলৈ ছিনাৰক প্ৰয়োজন হৈছিল 2 ঘণ্টা 16 মিনিট সময় ৷ মেচখনত প্ৰতিপক্ষৰ খেলুৱৈ টেইলৰ ফ্ৰিটজক 6-3, 6-4, 7-5 ছেটত পৰাস্ত কৰে ছিনাৰে ।

এই জয়ৰ লগে লগে তাৰকা টেনিছ খেলুৱৈজনে একেটা ছিজনত হাৰ্ড ক'ৰ্টত অষ্ট্ৰেলিয়ান অ’পেন আৰু ইউ এছ অ’পেন জয় কৰা চতুৰ্থগৰাকী টেনিছ খেলুৱৈত পৰিগণিত হয় । ইয়াৰ পূৰ্বে মেটছ ৱিলেণ্ডাৰ, ৰজাৰ ফেডাৰেৰ আৰু ন’ভাক জক’ভিচৰ দৰে তাৰকা টেনিছ খেলুৱৈসকলে এই কৃতিত্ব অৰ্জন কৰিছে ।

ছিনাৰে লাভ কৰিছে এই ধনৰাশি

এই খিতাপ জয়ৰ পিছতে খেলুৱৈগৰাকীয়ে পুৰস্কাৰ হিচাপে লাভ কৰে 3.6 নিযুত ডলাৰ, ভাৰতীয় হিচাপত যি পৰিমাণ হৈছে প্ৰায় 30,23,18,023.32 কোটি টকা ৷ ইয়াৰ পূৰ্বে ইউ এছ অ’পেন মহিলা একক শাখাত খিতাপ জয়ী আৰ্যনা চাবালেংকাই পুৰস্কাৰ হিচাপে লাভ কৰিছিল 3.6 নিযুত ডলাৰ ৷

খিতাপ জয়ৰ পিছত ছিনাৰৰ প্ৰতিক্ৰিয়া

ইউ এছ অ’পেনৰ খিতাপ জয় কৰাৰ পিছত ছিনাৰে কয়, "এই খিতাপটো মোৰ বাবে বহুত অৰ্থপূৰ্ণ, কিয়নো মোৰ কেৰিয়াৰৰ অন্তিম পৰ্যায়টো সঁচাকৈয়ে সহজ নাছিল । মই টেনিছ ভালপাওঁ ৷ মই এই স্বীকৃতিবোৰৰ বাবে যথেষ্ট অনুশীলন কৰো । মই বিশেষকৈ এই প্ৰতিযোগিতাখনত বুজি পাইছিলো যে, এই খেলখনত মানসিক স্থিতি কিমান গুৰুত্বপূৰ্ণ । এই মুহূৰ্তটো মোৰ দলৰ সৈতে ভাগ-বতৰা কৰি মই বহুত সুখী আৰু গৌৰৱান্বিত অনুভৱ কৰিছো"।

য়ানিকৰ নামত বৃহৎ অভিলেখ

য়ানিক ছিনাৰে নিজৰ প্ৰদৰ্শনৰে আধিপত্য বিস্তাৰ কৰিছে 2024 বৰ্ষত । টেনিছ তাৰকাগৰাকীয়ে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখি এটা চিজনতে দখল কৰিছে ছয়টাকৈ খিতাপ ৷ সম্প্ৰতি এটিপি বৰ্ষৰ শেষত এক নং খিতাপ জয়ৰ যুঁজত তেওঁৰ প্ৰতিদ্বন্দ্বী আলেকজেণ্ডাৰ জেভেৰেভক 4,105 পইণ্টত অতিক্ৰম কৰে ।

ইয়াৰ সৈতে তেওঁ 47 বছৰত একেটা ছিজনত প্ৰথম দুটা গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰা ইটালীৰ প্ৰথমগৰাকী খেলুৱৈত পৰিণত হয় । তালিকাখনত জিমি কনৰ্ছ(1974) আৰু গুইলাৰ্মো বিলাস(1977) ৰ নাম অন্তৰ্ভুক্ত আছে ।

লগতে পঢ়ক: অবিশ্বাস্য: আই পি এলৰ বিজয়ীতকৈও অধিক ধন লাভ ইউ এছ অ’পেনৰ খিতাপ বিজয়ীৰ - US OPEN 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.