ETV Bharat / sports

আই পি এল 2025 ত যোগদান কৰাৰ সম্ভাৱনা যুৱৰাজ সিঙৰ ! কোন দলৰ সৈতে হ’ব জড়িত ? - IPL 2025

author img

By ETV Bharat Sports Team

Published : Aug 25, 2024, 5:20 PM IST

IPL 2025 Yuvraj Singh: ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ যুৱৰাজ সিং 2025 চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত জড়িত হোৱাৰ সম্ভাৱনা ৷ যুৱীয়ে কোনটো দলত যোগদান কৰিব ? জানিবলৈ পঢ়ক বিতং খবৰ ।

IPL 2025
যুৱৰাজ সিং (AFP PHOTO)

স্প’ৰ্টছ ডেস্ক, 25 আগষ্ট: আই পি এল 2025 সংস্কৰণত দেখা পোৱাৰ সম্ভাৱনা আছে ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ যুৱৰাজ সিঙক ৷ বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট লীগ আই পি এললৈ উভতিলে অৱশ্যে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক এগৰাকী খেলুৱৈৰ সলনি প্ৰশিক্ষক হিচাপেহে দেখা পোৱা যাব ৷ লাভ কৰা তথ্য অনুসৰি, আই পি এল ফ্ৰেঞ্চাইজি দিল্লী কেপিটেলছে যুৱৰাজ সিঙক দলটোৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ৷

দিল্লী কেপিটেলছৰ সৈতে জড়িত হোৱাৰ সম্ভাৱনা

দিল্লী কেপিটেলছে লীগৰ 2025 বৰ্ষৰ মেগা নিলামৰ পূৰ্বে প্ৰশিক্ষকৰ ভূমিকাৰ বাবে ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ যুৱৰাজ সিঙৰ কাষ চাপিছে । জুলাই মাহৰ আৰম্ভণিতে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকী পণ্টিঙে দিল্লী কেপিটেলছৰ সৈতে থকা সাত বছৰীয়া সম্পৰ্কটোৰ পৰা অৱসৰ লয় ৷

স্পোৰ্টষ্টাৰৰ এক প্ৰতিবেদন অনুসৰি, বিগত 3 টা ছিজনৰ যিকোনো এটাত প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰা আৰু 2024 চনত ষষ্ঠ স্থান লাভ কৰা দিল্লী কেপিটেলছ ফ্ৰেঞ্চাইজিয়ে যুৱৰাজ সিঙক দলত অন্তৰ্ভুক্ত কৰিবলৈ আগ্ৰহী ৷ অৱশ্যে চূড়ান্ত সিদ্ধান্ত এতিয়াও ঘোষণা কৰা হোৱা নাই ।

আশীষ নেহৰা বাদ পৰাৰ সম্ভাৱনা

ইয়াৰ পূৰ্বে, আন এক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, গুজৰাট টাইটানছৰ মুখ্য প্ৰশিক্ষক আশীষ নেহৰা আৰু ক্ৰিকেট সঞ্চালক বিক্ৰম চোলাংকীয়ে 2025 চনৰ পূৰ্বে ফ্ৰেঞ্চাইজিৰ সৈতে পৃথক হোৱাৰ সম্ভাৱনা আছে ৷ যাৰ ফলত দলটোৱে যুৱৰাজ সিঙক প্ৰশিক্ষকৰ দায়িত্ব অৰ্পণ কৰাৰ সম্ভাৱনা আছে ৷ গেৰী কাৰ্ষ্টেন এই দলৰ পৰা বাদ পৰাৰ সম্ভাৱনা আছে ৷

স্প’ৰ্টছ ষ্টাৰৰ ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰিছে যে, নেহৰাই টাইটানছৰ সৈতে তেওঁৰ কাৰ্যকাল অব্যাহত ৰাখিব পাৰে ৷ দলটোৰ পৰিচালনাৰ সন্দৰ্ভত ফ্ৰেঞ্চাইজিয়ে একাংশ অভিজ্ঞ ভাৰতীয় ক্ৰিকেটাৰৰ সৈতে আলোচনা কৰি আছে, যি সকলে কাৰ্ষ্টেনক পছন্দ কৰে ।

প্ৰথমবাৰৰ বাবে প্ৰশিক্ষণৰ ভূমিকাত যুৱী

যদি দিল্লী কেপিটেলছে যুৱৰাজ সিঙক দলটোৰ প্ৰশিক্ষকৰ পদত স্বাক্ষৰ কৰে, তেন্তে যিকোনো ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে এয়া তেওঁৰ প্ৰথমটো কাৰ্যকাল হ'ব । অৱশ্যে যুৱৰাজ সিঙে শুভমন গিল, অভিষেক শৰ্মাৰ দৰে একাংশ তাৰকা ভাৰতীয় ক্ৰিকেটাৰৰ সৈতে বহুবছৰ ধৰি কাম কৰিছে ।

ৰিকী পণ্টিঙৰ সৈতে সম্পৰ্ক চ্ছেদ দিল্লী কেপিটেলছৰ

জুলাই মাহত দিল্লী কেপিটেলছে যোৱা কেইটামান ছিজনত দলটোৰ প্ৰদৰ্শনত অসন্তুষ্ট হোৱাৰ পিছত প্ৰশিক্ষকৰ দায়িত্বত থকা ৰিকী পণ্টিঙৰ সৈতে থকা চুক্তিৰ সামৰণি মাৰিব বিচাৰিছিল ৷ পণ্টিঙে 2018 চনত দলটোত যোগদান কৰিছিল যদিও দলটোক খিতাপ জয়ৰ সোৱাদ দিব নোৱাৰিলে ৷

লগতে পঢ়ক: আই পি এল 2025: কাৰ শিৰত কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়কৰ গুৰুদায়িত্ব ? - IPL 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.