ETV Bharat / sports

পেৰিছ অলিম্পিকত ভাৰতীয় টেনিছ দল : খেলুৱৈ, অতীতৰ প্ৰদৰ্শন আৰু খেলৰ মৌলিক নিয়ম - Paris Olympics 2024

Indian Tennis in Olympics History : পেৰিছ অলিম্পিকৰ বাবে মাত্ৰ ২০ দিন বাকী । ভাৰতীয় টেনিছ খেলুৱৈসকলে তেওঁলোকৰ অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে । সুমিত নাগালে পুৰুষৰ ছিংগলছত দেশক প্ৰতিনিধিত্ব কৰিব । আনহাতে, ৰোহন বোপান্নাই পুৰুষৰ দ্বৈত প্ৰতিযোগিতাত এন শ্ৰীৰাম বালাজীৰ সৈতে যুটি বান্ধিব । ভাৰতীয় অনুৰাগীসকলে এতিয়া তেওঁলোকৰ মাজৰ যিকোনো এজনে হ'লেও দেশলৈ পদক লাভ কৰিব বুলি আশাবাদী । পেৰিছ অলিম্পিকৰ প্ৰাকমুহূৰ্তত অলিম্পিক ইতিহাসত ভাৰতীয় টেনিছ সন্দৰ্ভত এক আলোকপাত ।

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 2:51 PM IST

Indian Tennis in Olympics History
সুমিত নাগাল (ETV Bharat)

বিশেষ প্ৰতিবেদন, ৬ জুলাই : প্ৰধানত ইউৰোপীয়সকলৰ আধিপত্য থকা টেনিছ হৈছে অলিম্পিকৰ মুখ্য ইভেণ্টবোৰৰ ভিতৰত এটা । আনহাতে, ভাৰতে এতিয়াও এই খেলবিধত অলিম্পিকত বিশেষ উল্লেখযোগ্য সফলতা লাভ কৰা নাই যদিও পূৰ্বৰ আৰু বৰ্তমানৰ টেনিছ খেলুৱৈসকলে দেশৰ হৈ প্ৰতিনিধিত্ব কৰি সফলতা অৰ্জনৰ বাবে চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই । যদিও ভাৰতীয় খেলুৱৈসকলে প্ৰতিযোগিতাখনৰ আৰম্ভণিতেই প্ৰস্থান কৰে, তথাপি কিন্তু ভাৰতৰ টেনিছ ইতিহাসত ১৯৯৬ চনটো স্বৰ্ণিল আখৰেৰে লিপিবদ্ধ হৈ আছে । কিয়নো 1996 চনত আটলাণ্টাত অনুষ্ঠিত গ্ৰীষ্মকালীন গেমছত লিয়েণ্ডাৰ পেজে ব্ৰঞ্জৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল ।

গ্ৰেট ব্ৰিটেইন হৈছে অলিম্পিক টেনিছ ইতিহাসত আটাইতকৈ সফল ৰাষ্ট্ৰ । দেশখনৰ নামত আছে ৪৩ টা অলিম্পিক পদক । দেশখনৰ পদক তালিকাত আছে ১৭ টা সোণ, ১৪ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জৰ পদক । ইয়াৰ পিচত ৩৯ টা পদকেৰে আমেৰিকা দ্বিতীয় স্থানত আছে । অৱশ্যে অলিম্পিকত এই ক্ৰীড়া বিভাগত সৰ্বাধিক সোণৰ পদক অৰ্জন কৰাৰ অভিলেখ আমেৰিকাৰ নামত আছে । আমেৰিকাই এতিয়ালৈকে ২১ টা স্বৰ্ণ পদক জয় কৰিছে ।

অলিম্পিকত স্থায়ী খেল হিচাপে টেনিছে স্বীকৃতি লাভ কৰিছিল ১৯৮৮ চনত । তাৰ পূৰ্বে অলিম্পিকত টেনিছক অনিয়মিতভাৱে অন্তৰ্ভুক্ত কৰা হৈছিল । এথেন্সত ১৮৯৬ চনৰ অলিম্পিক সংস্কৰণত টেনিছ প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হৈছিল । কিন্তু ১৯২৪ চনৰ পিচত আন্তৰ্জাতিক লন টেনিছ ফেডাৰেচন আৰু আন্তৰ্জাতিক অলিম্পিক সমিতিৰ মাজত অপেছাদাৰী খেলুৱৈৰ সংজ্ঞা নিৰ্ধাৰণ সন্দৰ্ভত হোৱা বিবাদৰ বাবে ইয়াক অলিম্পিকৰ পৰা প্ৰত্যাহাৰ কৰা হয় ।

পৰৱৰ্তী সময়ত ১৯৬৮ চনত মেক্সিকোত আৰু ১৯৮৪ চনত লছ এঞ্জেলছত এই গ্লেমাৰাছ ক্ৰীড়াবিধে পুনৰ অলিম্পিকত ভুমুকি মাৰে । কিন্তু ১৯৮৮ চনৰ ছিউল অলিম্পিকলৈকে টেনিছ সম্পূৰ্ণ পদকৰ খেল নাছিল । তেতিয়াৰে পৰা সমগ্ৰ বিশ্বৰ কিছু শ্ৰেষ্ঠ খেলুৱৈয়ে এই ক্ৰীড়া বিভাগত তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰি আহিছে । ৰাফেল নাডাল, ৰ'জাৰ ফেডেৰাৰ, ভেনাছ উইলিয়ামছ আৰু ছেৰেনা উইলিয়ামছকে ধৰি কেইবাগৰাকীও তাৰকা খেলুৱৈয়ে অলিম্পিক টেনিছত সোণৰ পদক লাভ কৰিছে ।

পেৰিছ অলিম্পিকৰ বাবে ভাৰতীয় খেলুৱৈসকলে কেনেদৰে যোগ্যতা অৰ্জন কৰিছে

পুৰুষ আৰু মহিলাৰ একক প্ৰতিযোগিতাখনত ড্ৰ'ত ৬৪ গৰাকীকৈ খেলুৱৈ থাকিব । 10 জুনৰ এ টি পি ৰেংকিং অনুসৰি শীৰ্ষ 56 গৰাকী যোগ্য পুৰুষ একক খেলুৱৈৰ নাম প্ৰকাশ কৰে । এই খেলুৱৈসকলে তেওঁলোকৰ দেশৰ বাবে কোটা লাভ কৰে । কিন্তু প্ৰতিখন দেশৰ বাবে প্ৰতিযোগিতাখনত সৰ্বাধিক চাৰিটা কোটা ৰখাৰ অনুমতি দিয়া হয় ।

কাট-অফ তাৰিখত ভাৰতৰ নাগালক 77 সংখ্যক স্থানত ৰখা হৈছিল । কিন্তু একাধিক দেশৰ চাৰিগৰাকীতকৈ অধিক খেলুৱৈ তেওঁতকৈ আগবাঢ়ি থকাৰ বাবে তেওঁ বাছনিত উঠিছিল । লগতে একাধিক নাম প্ৰত্যাহাৰেও তেওঁৰ এই কাৰকত সহায় কৰিছিল ।

কোৱালিফাইং উইণ্ডো সমাপ্ত হোৱাৰ সময়ত ৰোহন বোপান্না পুৰুষৰ দ্বৈত ৰেংকিঙত বিশ্বৰ ৪ নং স্থানত আছিল আৰু সেয়েহে তেওঁ সহজে বাছনিত উঠিছিল । ১৯ জুনত অল ইণ্ডিয়া টেনিছ এছ'চিয়েশ্যনে (এ আই টি এ) বোপান্নাৰ সংগী হিচাপে বালাজীৰ প্ৰৱেশ নিশ্চিত কৰাৰ সময়ত প্ৰবীণ টেনিছ তাৰকা এন শ্ৰীৰাম বালাজী ৬৭ সংখ্যক স্থানত আছিল ।

পেৰিছত ভাৰতীয় দল

পেৰিছ অলিম্পিকত সকলোৰে দৃষ্টি সুমিত নাগালৰ ওপৰত থাকিব । কিয়নো তেওঁ যোৱা বছৰৰ পৰা ধাৰাবাহিকতা প্ৰদৰ্শন কৰাৰ সুবাদত অলিম্পিকত যোগ্যতা অৰ্জন কৰিছে । আনহাতে, জ্যেষ্ঠ খেলুৱৈ বোপান্নাই পুৰুষৰ দ্বৈত শাখাত বালাজীৰ সৈতে যুটি বান্ধিব ।

নাগালে তেওঁৰ প্ৰদৰ্শনৰ বাবে ৰেংকিঙত বৃহৎ জাঁপ মাৰিছে । বছৰটোৰ আৰম্ভণিতে তেওঁ এ টি পি ৰেংকিঙত 138 সংখ্যক স্থানত আছিল । কিন্তু বৰ্তমান 26 বছৰীয়া যুৱকজন 73 সংখ্যক স্থানত আছে । নাগালে চেন্নাই চেলেঞ্জাৰ আৰু হেইলব্ৰন চেলেঞ্জাৰ জয় কৰিছিল আৰু পেৰুজিয়াত ফাইনেলিষ্ট আছিল । তেওঁ এতিয়ালৈকে বহু প্ৰতিশ্ৰুতিসম্পন্ন প্ৰদৰ্শন দাঙি ধৰিছে । কিন্তু এতিয়াও শীৰ্ষ পৰ্যায়ৰ প্ৰদৰ্শনৰ বাবে তেওঁৰ যি সম্ভাৱনা সেয়া লাভ কৰিবলৈ বাকী আছে ।

অৱশ্যে বোপান্না আৰু বালাজীৰ ভাৰতীয় যুটিটোৱে একেলগে খেলা নাই । কিন্তু টেনিছ জগতত বোপান্নাৰ স্মৰণীয় সাফল্যই আশাৰ সৃষ্টি কৰিছে যে তেওঁলোকে এটা পদক লাভ কৰিবলৈ সক্ষম হ'ব পাৰে ।

অলিম্পিকত ভাৰতৰ প্ৰদৰ্শন

পদক কঢ়িয়াই আনিব পৰাকৈ ভাৰতৰ বাবে টেনিছ কেতিয়াও এবিধ নিৰ্ভৰযোগ্য ক্ৰীড়া ইভেণ্ট হোৱা নাই । কিন্তু এই খেলবিধৰ বাবে সেই সময়ত এক গৌৰৱৰ মুহূৰ্ত আছিল, যেতিয়া লিয়েণ্ডাৰ পেজে ১৯৯৬ চনত আটলাণ্টাত অনুষ্ঠিত অলিম্পিক টেনিছত ব্ৰঞ্জ জয় কৰিছিল । তেওঁ তৃতীয় স্থানৰ প্লে-অফত ফাৰ্নাণ্ডো মেলিগেনিক পৰাস্ত কৰি পোডিয়াম ফিনিশ্ব সুৰক্ষিত কৰে । সেয়েহে ১৯৫২ চনৰ হেলচিঙ্কি অলিম্পিকত খাচাবা যাদৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ পিছত লিয়েণ্ডাৰ পেজ ব্যক্তিগত পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয় ।

তেতিয়াৰে পৰা ভাৰতীয় খেলুৱৈসকলে অলিম্পিকৰ প্ৰায় প্ৰতিটো সংস্কৰণতে অংশগ্ৰহণ কৰি আহিছে যদিও এতিয়াও টেনিছত এটা পদক দেশৰ বাবে দূৰণিৰ ৰঙৰ দৰে হৈ আছে । ২০০৪ চনৰ এথেন্স অলিম্পিকৰ পূৰ্বে লিয়েণ্ডাৰ পেজ আৰু মহেশ ভূপতিৰ যুটিটোৰ ওপৰত দেশবাসীয়ে যথেষ্ট আশা কৰিছিল । কিন্তু তেওঁলোকে ছেমি ফাইনেলত বিফল হয় আৰু পদক জয়ৰ সুযোগ হেৰুৱায় ।

এইবাৰ বোপান্নাৰ সহযোগী হিচাপে বালাজীৰ পৰা ভাৰতৰ আশা কৰিবলৈ বিশেষ এটা নাথাকিব পাৰে । কিয়নো বালাজীৰ এই খেলৰ অভিজাত প্ৰতিদ্বন্দ্বীসকলৰ বিৰুদ্ধে খেলাৰ অভিজ্ঞতা প্ৰায় নাই । লগতে একক দলৰ কেইগৰাকীমান শীৰ্ষ খেলুৱৈয়েও অলিম্পিক ডাবলছত অংশগ্ৰহণ কৰিব আৰু ই দুয়োৰে বাবে প্ৰত্যাহ্বান কঠিন কৰি তুলিব পাৰে ।

ক্ৰীড়াবিধৰ মৌলিক নিয়মসমূহ

  • সফল ছাৰ্ভৰ বাবে ছাৰ্ভিচ কৰা খেলুৱৈগৰাকীয়ে বলটো তেওঁৰ ছাৰ্ভিচ নকৰা হাতেৰে ওপৰলৈ তুলিব লাগিব আৰু বাউন্স হোৱাৰ পূৰ্বে ইয়াক মাৰি পঠিয়াব লাগিব । বলটো ছাৰ্ভাৰৰ বিপৰীত দিশত চিহ্নিত ছাৰ্ভিচ কোৰ্টত পৰিব লাগিব ।
  • ছাৰ্ভাৰৰ বাবে প্ৰতি পইণ্টত দুটা ছাৰ্ভ কৰাৰ অনুমতি দিয়া হয় । কিন্তু যদি তেওঁ দুয়োটা ছাৰ্ভতে ত্ৰুটি কৰে, তেন্তে ৰিচিভাৰক এটা পইণ্টেৰে পুৰস্কৃত কৰা হয় ।
  • ফ'ৰহেণ্ড, বেকহেণ্ড, ড্ৰপ, স্মেছ আৰু শ্লাইচ হৈছে টেনিছ খেলুৱৈসকলে এখন মেচ জিকিবলৈ ব্যৱহাৰ কৰা শ্বট ।
  • খেলুৱৈসকলে খেলত জিকিবলৈ এটা ছেটত কমেও ছয়খন গেম জিকিব লাগিব আৰু বিজয়ী হ'বলৈ তিনিটা ছেট (পাঁচখন মেচৰ) বা দুটা ছেট (তিনিখন মেচৰ) লাভ কৰিব লাগিব ।

খেলুৱৈসকলে এখন খেল জিকিবলৈ চাৰি পইণ্ট জিকিব লাগিব । পইণ্টৰ ক্ৰমটো নিম্নলিখিত ধৰণৰ-

  • প্ৰথম পইণ্ট - 15
  • দ্বিতীয় পইণ্ট - 30
  • তৃতীয় পইণ্ট - 40
  • চতুৰ্থ পইণ্ট - গেম

যদি খেলখন 40-40 ব্যৱধানত ড্ৰ হয়, ইয়াক ডিউজ বুলি কোৱা হয় আৰু তাৰ পিচত একেৰাহে দুটা পইণ্ট লাভ কৰা খেলুৱৈজনে খেলখনত জয়লাভ কৰে ।

লগতে পঢ়ক :পুনৰ ইতিহাস ৰচাৰ লক্ষ্যৰে পেৰিছ অলিম্পিকলৈ লাভলীনা বৰগোহাঁই - LOVLINA BORGOHAIN
লগতে পঢ়ক :পেৰিছ অলিম্পিকত প্ৰথমবাৰৰ বাবে ‘ইণ্ডিয়া হাউছ’ ঘোষণা ভাৰতীয় অলিম্পিক সন্থাৰ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.